ETV Bharat / state

মাছ কিনিবলৈ যোৱা যুৱকক আক্ৰমণ মাছ ব্যৱসায়ীৰ: মঙলদৈত উত্তপ্ত পৰিস্থিতি - Youth beaten up by fish trader

author img

By ETV Bharat Assamese Team

Published : Aug 25, 2024, 7:24 PM IST

Tension grips Mangaldoi: আজি এক উত্তপ্ত পৰিস্থিতিৰ পিচতেই মঙলদৈৰ বজাৰ বন্ধ হৈ পৰে । এজন যুৱকক প্ৰহাৰ কৰাক কেন্দ্ৰ কৰি এই পৰিস্থিতিৰ সৃষ্টি হয় । চহৰত আৰক্ষী-অৰ্ধসামৰিক বাহিনী মোতায়েন । দোষীক শাস্তি বিহাৰ দাবী বিশ্ব হিন্দু পৰিষদৰ ।

Protest against Illegal citizen
উত্তপ্ত মঙলদৈৰ বজাৰ (ETV Bharat Assam)

মঙলদৈ, ২৫ আগষ্ট: ৰাজ্য়জুৰি অবৈধ নাগৰিকে খিলঞ্জীয়া লোকক আক্ৰমণ কৰা ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ চলি থকাৰ মাজতেই দেওবাৰে মঙলদৈ মাছ বজাৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । উত্থাপিত অভিযোগ অনুসৰি নৰেন্দ্ৰ হাজৰিকা নামৰ এজন যুৱকে মাছ ক্ৰয় কৰিবলৈ বজাৰখনলৈ যোৱাৰ সময়তেই এজন মাছ বেপাৰীৰ সৈতে তৰ্ক-বিতৰ্ক হোৱাত বেপাৰীজনে খিলঞ্জীয়া যুৱকজনক প্ৰহাৰ কৰে । এই ঘটনাটোৰ পিচতেই উত্তপ্ত হৈ পৰে মঙলদৈ বজাৰ । পিচত আৰক্ষীৰ লগতে নিৰাপত্তাৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।

উত্তপ্ত মঙলদৈৰ বজাৰ (ETV Bharat Assam)

কেনেকৈ সংঘটিত হয় এই ঘটনাটো ?

এই ঘটনাই সমগ্ৰ জিলাখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে । মঙলদৈৰ নিকটৱৰ্তী মেধিপাৰাৰ নৰেন্দ্ৰ হাজৰিকা নামৰ এজন যুৱকক প্ৰহাৰ কৰা ঘটনাৰ পিছতে উত্তপ্ত হৈ পৰে মঙলদৈ চহৰ । ঘটনাটোৰ পিছতে বন্ধ হৈ পৰে সমগ্র মঙলদৈ চহৰ । ঘটনাৰ বিৱৰণি অনুসৰি, মঙলদৈ মেধিপাৰাৰ যুৱক নৰেন্দ্ৰ হাজৰিকাই পুৱাৰ ভাগত মঙলদৈ মাছৰ বজাৰত সম্পৰ্কীয়ৰ লগত মাছ কিনিবলৈ আহিছিল । মাছ ব্যৱসায়ী এছাদ আলীৰ লগত দৰ-দামকলৈ তৰ্ক-বিতৰ্ক হয় । পিছত ব্যৱসায়ীজনে কেইবাজনো সহযোগীৰ সৈতে আক্ৰমণ কৰে নৰেন্দ্ৰ হাজৰিকাক । আনকি দলটোৱা যুৱকজনক মাছ কটা দাৰেও আক্ৰমণ কৰাৰ চেষ্টা চলায় । অৱশেষত নৰেন্দ্ৰ হাজৰিকাই বিষয়টো বিশ্ব হিন্দু পৰিষদক অৱগত কৰে । ঘটনাৰ বিষয়ে মঙলদৈৰ দল-সংগঠনে খবৰ পাই মাছৰ বজাৰত উতপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে সমগ্র বজাৰ বন্ধ কৰিবলৈ আহ্বান জনায় ।

মঙলদৈ চহৰৰ বজাৰ বন্ধ : অভিযুক্তজনক গ্ৰেপ্তাৰ

ৰাইজৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই মঙলদৈ চহৰৰ বজাৰ বন্ধ হৈ পৰে । লগতে মঙলদৈ বজাৰত মাৰপিট কৰা অভিযুক্তক কৰায়ত্ব নকৰা পৰ্যন্ত বন্ধ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে । পিছত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে যদিও বৰ্তমানেও মঙলদৈ চহৰত আৰক্ষী-অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে । ইপিনে, মঙলদৈ আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত বাঘপৰিৰ আছাদ আলী নামৰ অভিযুক্তজনক গ্ৰেপ্তাৰ কৰিছে ।

খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ সহ্য় কৰা নহ'ব :

এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিশ্ব হিন্দু পৰিষদৰ নেতা এজনে কয়, "মঙলদৈত সঘনাই খিলঞ্জীয়া লোকৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হ'বলৈ ধৰিছে । খিলঞ্জীয়া লোকৰ ওপৰত কৰা আক্ৰমণ কোনো কাৰণতেই সহ্য় কৰা নহ'ব ।"

লগতে পঢ়ক:হিন্দুৰ সুৰক্ষা বিচাৰি বৰপেটাত হিন্দু জাগৰণ মঞ্চৰ প্ৰতিবাদ - Hindu Jagran Manch

ডিফুত এ পি এইচ এল চিৰ সমদল: বিভিন্ন স্থানত আৰক্ষীৰ বাধা - APHLC Mass Rally in Diphu

খিলঞ্জীয়া যুৱতীৰ ওপৰত অনা অসমীয়া দুৰ্বৃত্তৰ আক্ৰমণ: শিৱসাগৰত 30 টা সংগঠনৰ প্ৰতিবাদ - Protest in Sivasagar

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.