ETV Bharat / state

বানৰ কবলত ৰাজ্যৰ দহখন জিলা, কালৰূপী বানত বৰ্তমানলৈ শিশুসহ ১৮ জনৰ মৃত্যু - ASSAM FLOOD 2024

author img

By ETV Bharat Assamese Team

Published : Jun 4, 2024, 7:57 AM IST

FLOOD UPDATE IN ASSAM : বাৰিষাৰ প্ৰথমটো বানে ৰাজ্যত ত্রাসৰ সৃষ্টি কৰিছে । এতিয়াও বানৰ কবলত আছে ৰাজ্যৰ ‍১০ খন জিলা ।

ASSAM FLOOD 2024
বানৰ কবলত ৰাজ্যৰ দহখন জিলা, কালৰূপী বানত শিশুসহ ১৮ জনৰ মৃত্যু (ETV BHARAT ASSAM)

গুৱাহাটী, ৪ জুন : ৰাজ্যত এতিয়াও অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি । এতিয়াও বানৰ কবলত আছে ৰাজ্যৰ ‍১০ খন জিলা । ইফালে বৰষুণৰ বাবে ৰাজ্যৰ নৈ-উপনৈসমূহৰ জলস্তৰ ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে । ফলত প্লাবিত হৈছে বিভিন্ন জিলা আৰু নতুন নতুন অঞ্চল । সোমবাৰৰ দিনটোত ৰাজ্যত বানৰ ফলত মৃত্যু হয় দুটি শিশুসহ চাৰিজন লোকৰ । ইয়াৰ লগতে ৰাজ্যত বানৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১৮ জনলৈ বৃদ্ধি পাইছে ।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই প্ৰকাশ কৰিছে এই তথ্য । জানিব পৰা অনুসৰি, বৰ্তমান সময়ত ৰাজ্যৰ ১০ খন জিলাৰ ছয় লাখৰো অধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে । এতিয়ালৈ কপিলী, ধৰমতুল আৰু কুচিয়াৰা নদী বিপদসীমাৰ ওপৰেৰে বৈ আছে ।

কালৰূপী বানে প্ৰাণ ল’লে ১৮ জনৰ :

এই ভয়াৱহ বানত এই পৰ্যন্ত ১৮ জন লোকৰ মৃত্যু হৈছে । শেহতীয়া তথ্য অনুসৰি, বানত কাছাৰ জিলাত দুটি শিশুসহ চাৰিজন লোকৰ মৃত্যু হৈছে । ইয়াৰ পূৰ্বেও কাছাৰত দুটি শিশুসহ এজন লোকৰ বানত মৃত্যু হৈছিল । হাইলাকান্দি আৰু কৰিমগঞ্জত দুজন লোকৰ মৃত্যু হোৱাৰ লগতে কাছাৰত এটি শিশুৰ মৃত্যু হৈছিল । সেইদৰে কৰিমগঞ্জ জিলাত শিশুসহ তিনিজনৰ মৃত্যু হৈছিল । আনহাতে হাইলাকান্দি জিলাত শিশুসহ দুজনৰ মৃত্যু হৈছিল । তদুপৰি পশ্চিম কাৰ্বি আংলং জিলাত এজনৰ মৃত্যু হৈছিল । ইয়াৰ পূৰ্বে হাইলাকান্দি জিলাৰ লালাত এজন আৰু কৰিমগঞ্জ জিলাৰ ৰামকৃষ্ণ নগৰত এজন লোকৰ মৃত্যু হৈছিল ।

বানত সন্ধানহীন :

সম্প্ৰতি বানত সন্ধানহীন হৈ আছে ৪ জনকৈ লোক । কাছাৰ জিলাৰ সোণাইৰ ৪ জন লোক বৰ্তমানলৈকে সন্ধানহীন হৈ আছে ।

এতিয়াও বানৰ কবলত ৰাজ্যৰ দহখন জিলা :

বৰ্তমান বানৰ কবলত আছে ৰাজ্যৰ ১০ খনকৈ জিলা । হোজাই, কাছাৰ, কৰিমগঞ্জ, ডিব্ৰুগড়, নগাঁও, মৰিগাঁও, হাইলাকান্দি, গোলাঘাট, পশ্চিম কাৰ্বি আংলং আৰু ডিমা-হাছাও জিলা ভয়াৱহ বানৰ কবলত পৰিছে । বানাক্ৰান্ত ১০ খন জিলাৰ ২৩ টা ৰাজহ চক্ৰৰ ৫৭৭ খন গাঁও বৰ্তমান বানৰ কবলত আছে। ইয়াৰ ভিতৰত সৰ্বাধিক কাছাৰ জিলাৰ ১৭৮ খন, নগাঁও জিলাৰ ১৭৪ খন আৰু কৰিমগঞ্জ জিলাৰ ১১২ খন গাঁও ক্ষতিগ্ৰস্ত হৈছে ।

বানত প্ৰভাৱিত লোক :

বান প্ৰভাৱিত ৰাজ্যৰ ১০ খন জিলাৰ ৬,২৫,৩১৮ গৰাকী লোক বৰ্তমান সময়তো বানৰ কবলত আছে। ইয়াৰ ভিতৰত আছে ২,৪৮,৪৫২ জন পুৰুষ, ২,০৯,৬৩৪ গৰাকী মহিলা আৰু ১,৬৭,২৩২ টা শিশু আছে । আনহাতে নগাঁও জিলাত সৰ্বাধিক ৩,৬৩,৭৭৮ গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে । জিলাখনৰ ১,৩৮,৫৮১ জন পুৰুষ আৰু ১,০০,১১৪ গৰাকী মহিলা আৰু ১,২৫,০৮৩ টা শিশু বানৰ কবলত পৰিছে । বানত ক‍াছাৰ জিলাৰ ১,৩৬,৩১৯ গৰাকী, ডিমা-হাচাওৰ ৩১৩ গৰাকী, হাইলাকান্দিৰ ৩,৩১৭ গৰাকী, হোজাইৰ ৯০,০৯৬ গৰাকী, পশ্চিম কাৰ্বি আংলং জিলাৰ ৬,৯১১ গৰাকী, কৰিমগঞ্জ জিলাৰ ২,০৭১২ গৰাকী, ধেমাজিৰ ২৪২ গৰাকী, মৰিগাঁও জিলাৰ ৯৮৮ গৰাকী আৰু ডিব্ৰুগড় জিলাৰ ২,৬৪২ গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে ।

বানত ক্ষতিগ্ৰস্ত শস্যভূমি :

বানত এতিয়াও ১০ খন জিলাৰ ৬,০২৩ হেক্টৰ কৃষিভূমি প্লাবিত হৈছে । ইয়াৰ ভিতৰত নগাঁও জিলাৰ সৰ্বাধিক ৩,৮৭৪ হেক্টৰ কৃষিভূমি বানত ক্ষতিগ্ৰস্ত হৈছে । আনহাতে বানত ক্ষতিগ্ৰস্ত হৈছে হোজাই জিলাৰ ১,৯৩২ হেক্টৰ আৰু ডিব্ৰুগড় জিলাৰ ৯১ হেক্টৰ কৃষিভূমি ।

আশ্ৰয় শিৱিৰ :

বান প্ৰভাৱিত ১০ খন জিলাৰ ভিতৰত ৭ খন জিলাত এতিয়াও ২৯৯ টাকৈ আশ্ৰয় শিবিৰ আছে । ইয়াৰে কাছাৰ জিলাত সৰ্বাধিক ১২৪ টা, কৰিমগঞ্জ জিলাত ১৪ টা, হাইলাকান্দি জিলাত ১২ টা, ডিমা-হাছাও জিলাত ৪ টা, নগাঁও জিলাত ৯৫ টা, হোজাই জিলাত ৪৮ টা আৰু পশ্চিম কাৰ্বি আংলং জিলাত ২ টা আশ্ৰয় শিৱিৰ আছে । এই শিৱিৰত আশ্ৰয় লৈ আছে ৩৬,৭৪১ গৰাকী লোক । ইয়াৰ ভিতৰত ৩২১ গৰাকী গৰ্ভাৱতী মহিলা আৰু ১৪ গৰাকী বিশেষভাৱে সক্ষম লোক আছে । আনহাতে আশ্ৰয় শিবিৰত ১৪,৪৮৯ জন পুৰুষ, ১৩,২৭৪ গৰাকী মহিলা আৰু ৮,৬৪৩ টি শিশু আছে। কাছাৰ জিলাৰ সৰ্বাধিক ৭,৯৬৯ জন লোক আশ্ৰয় শিবিৰত আছে । ইফালে সাহাৰ্য সামগ্ৰী বিতৰণৰ বাবে স্থাপন কৰা শিবিৰত আছে ১,৭৬,৬৪৩ জন লোক।

ক্ষতিগ্ৰস্ত পশুধন :

ৰাজ্যৰ ১০ খন জিলাত বানৰ কবলত ৮৩,০৬২ টা পশুধন ক্ষতিগ্ৰস্ত হৈছে । ইয়াৰ ভিতৰত ৩৩,৬৩৭ টা ডাঙৰ প্ৰজাতিৰ আৰু ২৪,২৯৬ টা সৰু প্ৰজাতিৰ পশুধন ক্ষতিগ্ৰস্ত হৈছে । সেইদৰে প’লিট্ৰি ফাৰ্মিঙৰো বানত যথেষ্ট ক্ষতিসাধন হৈছে । অৱশ্যে এতিয়ালৈকে বানত পশুধনৰ মৃত্যু হোৱাৰ বাতৰি অহা নাই ।

বানত ক্ষতি :

এতিয়ালৈ বানত ধ্বংস হৈছে কেইবাহাজাৰ পকী আৰু কেঁচা ঘৰ । শেহতীয়াকৈ আঠটাকৈ ঘৰ বানত ক্ষতিগ্ৰস্ত হৈছে । আনহাতে প্ৰলয়ংকাৰী বানত শেহতীয়াকৈ পুনৰ ১৪ টাকৈ পথ ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ ভিতৰত কাছাৰ জিলাৰ সৰ্বাধিক ১২ টা আৰু নগাঁও জিলাৰ ২ টা পথ ক্ষতিগ্ৰস্ত হৈছে। তদুপৰি প্ৰলয়ৰ সৃষ্টি কৰা ৰাজ্যৰ বিভিন্ন আন্তঃগাঁঠনিৰ ব্যাপক হাৰত ধ্বংস কৰিছে ।

সাহাৰ্য আৰু উদ্ধাৰ অভিযান :

ৰাজ্যত বানপীড়িত ৰাইজক সহায় কৰাৰ উপৰি উদ্ধাৰ অভিযান অব্যাহত ৰখা হৈছে । উদ্ধাৰ অভিযানত এছ ডি আৰ এফ, এন ডি আৰ এফ, আৰক্ষী, অগ্নি আৰু আপাতকালীন সেৱা, স্থানীয় প্ৰশাসন আৰু চিভিল ডিফেন্সকে ধৰি বিভিন্ন সংস্থা নিয়োজিত হৈ আছে । সেইদৰে নিয়োজিত হৈ আছে চিকিৎসা সেৱা প্ৰদানৰ দলো । নাৱেৰে ইতিমধ্যে সহস্ৰাধিক লোকক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ নিয়া হৈছে । বান প্ৰভাৱিত লোকৰ মাজত শেহতীয়াকৈ ২,৫২৫ কুইণ্টল চাউল, ৪৭৪ কুইণ্টল দাইল, ১২৯ কুইণ্টল নিমখ আৰু ৭৫০৬ লিটাৰ মিঠাতেল বিতৰণ কৰা হৈছে । সেইদৰে শিশুৰ বাবেও খাদ্য সামগ্ৰীৰ যোগান ধৰা হৈছে । আনহাতে পশুধনৰ বাবেও খাদ্যৰ যোগান ধৰা হৈছে । ইফালে বিভিন্ন ঠাইত বানাক্ৰান্ত ৰাইজে সাহাৰ্য লাভ নকৰাৰো অভিযোগ উত্থাপন হৈছে । জীৱন ৰক্ষাৰ স্বাৰ্থত বহুলোকে পথৰ ওপৰত নাইবা ওখ ঠাইকে ধৰি বিভিন্ন নিৰাপদ স্থানত আশ্ৰয় লৈছে।

লগতে পঢ়ক : বানত বিনষ্ট শ শ হেক্টৰ ভূমিৰ বৰোধান : চকুলো টুকিছে কৃষকে - ASSAM FLOOD 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.