ETV Bharat / state

সৰ্প দংশনত আক্ৰান্ত কিশোৰৰ মৃত্যু : চিকিৎসকৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ - Snake bite Incident - SNAKE BITE INCIDENT

Boy dies of snake bite : চিকিৎসকৰ ভুলৰ ফলতে সৰ্প দংশনত আক্ৰান্ত কিশোৰৰ মৃত্যু হোৱাৰ অভিযোগ পৰিয়ালৰ ৷ সৰ্প দংশনৰ লগে লগে কিশোৰজনক ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত আৰু হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৷

SNAKE BITE INCIDENT IN DHUBRI
সৰ্প দংশনত মৃত্যু (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jun 28, 2024, 7:49 PM IST

ধুবুৰী, 28 জুন : ধুবুৰী জিলাৰ গৌৰীপুৰৰ দুমৰদহত সৰ্প দংশনত মৃত্যু 16 বছৰীয়া কিশোৰৰ ৷ চিকিৎসকৰ গাফিলতিৰ বাবেই সৰ্প দংশনত আক্ৰান্ত কিশোৰজনৰ মৃত্যু হয় বুলি এতিয়া অভিযোগ কৰিছে পৰিয়ালৰ লোকে ৷ ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ চিকিৎসকৰ ভুল চিকিৎসাৰ ফলতেই কিশোৰজনৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে ৷

চিকিৎসকৰ ভুলৰ বাবে সৰ্প দংশনত আক্ৰান্ত কিশোৰৰ মৃত্যু হোৱাৰ অভিযোগ (ETV BHARAT ASSAM)

পৰিয়ালৰ লোকে জনোৱা অনুসৰি সৰ্প দংশনৰ লগে লগে কিশোৰজনক ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৷ পৰিয়ালৰ অভিযোগ অনুসৰি চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰাৰ পিচতে চিকিৎসকে কিশোৰজনক বেজী দিয়ে আৰু ইয়াৰ কিছু সময়ৰ পিচতে ভুক্তভোগীৰ মৃত্যু হয় ৷ ফলত চিকিৎসকৰ ভুল চিকিৎসাৰ বাবেই কিশোৰজনৰ মৃত্যু হোৱাৰ অভিযোগ কৰিছে পৰিয়ালৰ লোকে ৷

জানিব পৰা মতে গৌৰীপুৰৰ মোফিজুল হক নামৰ কিশোৰগৰাকীক সাপে দংশন কৰাৰ পিচতে পৰিয়ালৰ লোকে ততাতৈয়াকৈ ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত ভৰ্তি কৰে ৷ চিকিৎসকে সৰ্পই দংশন কৰা কিশোৰগৰাকীৰ শৰীৰৰ পৰা পৰীক্ষাৰ বাবে তেজ লয় আৰু এটা বেজী দিয়ে ৷ ইয়াৰ প্ৰায় 15 মিনিট পিচতেই কিশোৰগৰাকীৰ মৃত্যু হয় বুলি অভিযোগ কৰিছে পৰিয়ালৰ লোকে ৷ এই ঘটনাক লৈ চিকিৎসালয়ত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় ৷ চিকিৎসকৰ গাফিলতি তথা ভুলৰ বাবেই কিশোৰজনৰ মৃত্যু হয় বুলি অভিযোগ কৰিছে পৰিয়ালে ৷

লগতে পঢ়ক : উপযুক্ত চিকিৎসাৰ অভাৱ : কৰুণ মৃত্যু কণমানি প্ৰিন্সিৰ - Girl dies of snake bite

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.