ETV Bharat / state

মজুৰি হ্ৰাসক লৈ কলিয়াবৰত অসন্তুষ্টি চাহ শ্ৰমিকৰ - Tea workers protest

author img

By ETV Bharat Assamese Team

Published : Jun 14, 2024, 12:56 PM IST

Assam Tea Corporation : অসম চাহ নিগমৰ অন্তৰ্গত কেইবাখনো বাগানৰ শ্ৰমিকৰ মজুৰি হ্ৰাস ৷ পূৰ্বে লাভ কৰা 250 টকাৰ পৰিৱৰ্তে 205 টকালৈ হ্ৰাস এই মজুৰি ৷ মজুৰি হ্ৰাসক লৈ তীব্ৰ অসন্তুষ্টি চাহ শ্ৰমিকসকলৰ ৷

TEA WORKERS PROTEST
নতুন নীতি অনুসৰি মজুৰি হ্ৰাস (ETV Bharat Assam)

কলিয়াবৰ, 14 জুন : সুদীৰ্ঘ সময়ৰে পৰা ৰাজ্যৰ চাহ শ্ৰমিকসকলে নিজৰ প্ৰাপ্যৰ দাবীত চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰি আহিছে প্ৰতিবাদ ৷ চৰকাৰ আহে, চৰকাৰ যায় ৷ কিন্তু চাহ শ্ৰমিকসকলে দীৰ্ঘদিনৰে পৰা প্ৰাপ্য সা-সুবিধাৰ পৰা বঞ্চিত হোৱাৰ কথাটোতহে কোনোৱে গুৰুত্ব আৰোপ নকৰে ৷ যাৰ ফলত একপ্ৰকাৰ চৰম অৱহেলাৰ মাজেৰে দিন পাৰ কৰিবলগীয়া হৈছে চাহ শ্ৰমিকসকলে ৷

চাহ শ্ৰমিকৰ প্ৰতিবাদ (ETV Bharat Assam)

উল্লেখ্য যে, ৰাজ্যৰ চাহ উদ্যোগখণ্ডত প্ৰৱৰ্তন কৰা হৈছে কেতবোৰ নতুন নীতি ৷ এই নতুন নীতি অনুসৰি ৰাজ্যৰ বহু চাহ শ্ৰমিকৰ পূৰ্বৰ তুলনাত হ্ৰাস পাইছে মজুৰি ৷ অসম চাহ নিগমৰ অধীনষ্ঠ কেইবাখনো চাহ বাগিচাৰ শ্ৰমিকে নতুন নিৰিখ অনুসৰি কমকৈ মজুৰি লাভ কৰাত আৰম্ভ হ’বলৈ ধৰিছে প্ৰতিবাদ ৷

লগতে পঢ়ক: আৰু কিমান ভূগিব লাগিব ৰাজ্যৰ চাহ শ্ৰমিকে ? - Tea Estate Labour Protest

কলিয়াবৰৰো বহুকেইখন শ্ৰমিকে এই বঞ্চনাৰ বলি হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে ৷ দৰাচলতে চাহ শ্ৰমিকৰ মাজত তীব্ৰ অসন্তুষ্টি দেখা দিয়াটোও স্বাভাৱিক ৷ কিয়নো পূৰ্বৰ 250 টকাৰ তুলনাত এতিয়াৰে পৰা চাহ শ্ৰমিকসকলে মজুৰি হিচাপে লাভ কৰিব 205 টকা ৷ তাৰোপৰি এই ধন চাহ শ্ৰমিকসকলে পোটপটীয়াকৈ লাভ নকৰি লাভ কৰিব বেংক একাউণ্টৰ জৰিয়তেহে ৷

বিগত কেইবামাহৰে পৰা ৰেচনৰ সামগ্ৰী লাভ নকৰাত অতি কষ্টৰে দিন অতিবাহিত কৰিবলগীয়া হোৱা ৰাজ্যৰ চাহ শ্ৰমিকসকলৰ বাবে এই খবৰ "ভূতৰ ওপৰত দানহ"ৰ লেখীয়া ৷ যিয়ে তেওঁলোকৰ দুখ দুগুণে বৃদ্ধি কৰিছে ৷ উপায়বিহীন চাহ শ্ৰমিকসকলে বিষয়টোৰ ওপৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী কৰিছে ৷

লগতে পঢ়ক: কিদৰে চৰকাৰী সিদ্ধান্তই বিপদত পেলাইছে অসমৰ চাহ উদ্যোগক ? - Assam tea industry

সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত অসম চাহ মজদুৰ সংঘৰ নগাঁও জিলাই মুকলিকৈ কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাক সমৰ্থ আগবঢ়াইছিল ৷ কিন্তু এতিয়া চাহ শ্ৰমিকসকলৰ এই সমস্যাক পিঠি দি নীৰৱে থকা কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ ভূমিকাত ক্ষুণ্ণ হৈ পৰিছে ভূক্তভোগীসকল ৷

লগতে পঢ়ক: প্ৰাপ্য বিচাৰি গহপুৰ হেলেম চাহ বাগিচাত শ্ৰমিকৰ প্ৰতিবাদ - Tea Workers Protest

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.