ETV Bharat / state

পৰ্যাপ্ত বোনাছৰ দাবীৰে আমগুৰি চাহ বাগিচা ঘেৰাও চাহ শ্ৰমিকৰ - Tea Workers Protest

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Tea Workers Protest : পূৰ্বে চাহ শ্ৰমিকসকলক দুৰ্গা পূজাত ২০ শতাংশ বোনাচ দিয়া হৈছিল । এইবাৰ ৫ শতাংশ কৰ্তন কৰাৰ সিদ্ধান্ত লৈছে আমগুৰি চাহ বাগিচা কৰ্তৃপক্ষই । এই সিদ্ধান্তৰ বিৰোধিতাৰে শ্ৰমিকসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে ।

Tea Workers Protest
পৰ্যাপ্ত বোনাছৰ দাবীৰে আমগুৰি চাহ বাগিচা ঘেৰাও চাহ শ্ৰমিকৰ (ETV Bharat)

আমগুৰি, ২১ ছেপ্টেম্বৰ : সমাগত দুৰ্গা পূজা । চৌদিশে দুৰ্গা পূজাৰ প্ৰস্তুতি আৰম্ভ হৈছে । উৎসৱৰ বতৰ অহাৰ লগে লগে চাহ বাগিচা অঞ্চলত প্ৰতিবাদ আৰম্ভ হৈছে । বোনাছৰ দাবীৰে বিভিন্ন চাহ বাগিচা অঞ্চলত শ্ৰমিকসকলে প্ৰতিবাদ আৰম্ভ কৰিছে ।

ইফালে চাহ শ্ৰমিকৰ বোনাছক কেন্দ্ৰ কৰি আমগুৰি চাহ বাগিচাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে । শ শ চাহ শ্ৰমিকে ঘেৰাও কৰে আমগুৰি চাহ বাগিচাৰ কাৰ্যালয় । ১৫ শতাংশ বোনাচ প্ৰদানৰ সিদ্ধান্তক লৈ অসন্তুষ্টি স্বৰূপে চাহ শ্ৰমিকসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

বোনাছক লৈ অসন্তুষ্ট চাহ শ্ৰমিক :

টিফুক শাখা, তিৰু শাখা আৰু আমগুৰি চাহ বাগিচাৰ চাহ শ্ৰমিকসকলে শনিবাৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদকাৰী চাহ শ্ৰমিকসকলৰ মতে ১৫ শতাংশ বোনাছ কোনো কাৰণতে মানি লোৱা নহ'ব । দাবী অনুসৰি পূৰ্বৰ দৰে চাহ শ্ৰমিকসকলক ২০ শতাংশ বোনাছ দিব লাগিব ।

১৫ শতাংশ বোনাছৰ সিদ্ধান্ত লোৱা মেনেজাৰ তথা চাহ বাগিচা কৰ্তৃপক্ষক শীঘ্ৰে এই সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনায় । আনহাতে ১৫ শতাংশ বোনাছ প্ৰদানৰ চুক্তিপত্ৰ বাতিল নোহোৱা পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰখাৰো হুংকাৰ দিয়ে চাহ শ্ৰমিকসকলে ।

আমগুৰি চাহ বাগিচাত প্ৰতিবাদ :

উল্লেখ্য যে গুডৰিক কোম্পানীৰ অন্তৰ্গত আমগুৰি চাহ বাগিচা, বৰবাম চাহ বাগিচা, বাঘজান চাহ বাগিচা, হালোৱাটিং চাহ বাগিচাত ৪ সহস্ৰাধিক শ্ৰমিক কৰ্মৰত । এই চাহ শ্ৰমিকসকলক প্ৰতিবছৰে ২০ শতাংশ পূজাৰ বোনাচ দি অহা হৈছে । কিন্তু এই বছৰ বাগিচা কৰ্তৃপক্ষই ১৫ শতাংশ বোনাছ প্ৰদানৰ সিদ্ধান্ত লোৱাৰ লগে লগে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।

চাহ শ্ৰমিকসকলক প্ৰতিনিধিত্ব কৰা অসম চাহ জনজাতি ছাত্ৰ সন্থায়ো চাহ শ্ৰমিকক বোনাচৰ নামত প্ৰৱঞ্চনা কৰাক লৈ গুডৰিক কোম্পানীক সমালোচনা কৰিছে । একাংশ মধ্যভোগীয়ে চাহ শ্ৰমিকৰ উপাৰ্জিত ধন হৰলুকি কৰিবলৈ পূজাৰ বতৰত ২০ শতাংশ বোনাছৰ সলনি ১৫ শতাংশ প্ৰদান কৰিব বিচাৰিছে বুলি সংগঠনটোৱে অভিযোগ কৰে ।

লগতে পঢ়ক :ৰাহুল গান্ধীৰ বিৰুদ্ধে দিছপুৰ-কৰিমগঞ্জ থানাত বিজেপিৰ এজাহাৰ - FIR against Rahul Gandhi

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.