ETV Bharat / state

অসম চৰকাৰৰ ৰাজপত্ৰিত বিষয়াৰ চাকৰি এৰি কংগ্ৰেছত যোগ দিয়া কোন এইগৰাকী মহিলা ? - Congress joining program

author img

By ETV Bharat Assamese Team

Published : Sep 8, 2024, 6:49 PM IST

ACS officer joins congress: অসম চৰকাৰৰ এগৰাকী ৰাজপত্ৰিত বিষয়াই চাকৰি ত্যাগ কৰি যোগ দিলে কংগ্ৰেছত ৷ চৰাইদেউত অনুষ্ঠিত প্ৰদেশ কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাতেই দলটোত যোগ দিয়ে প্ৰাক্তন বিষয়াগৰাকীয়ে ৷ কোন তেওঁ ? চাওক সবিশেষ...

ACS officer joins congress
প্ৰদেশ কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহ সভা (@INCAssam)

মৰাণ, 8 ছেপ্টেম্বৰ: দেওবাৰে ঐতিহাসিক চৰাইদেউৰ মথুৰাপুৰত অনুষ্ঠিত হ'ল প্ৰদেশ কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহ সভা । কংগ্ৰেছৰ দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ লক্ষ্য আগত ৰাখি অনুষ্ঠিত কৰা হয় এই বৰ্ধিত কাৰ্যনিৰ্বাহক সভা ৷ 2026 ৰ বিধানসভা নিৰ্বাচনৰ লগতে আগন্তুক বিধানসভাৰ উপ-নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুতিৰ বাবে কংগ্ৰেছ দলে আলোচনা কৰে ৷

প্ৰদেশ কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহ সভা (ETV Bharat Assam)

নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই সভাত তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি পদৰ পৰা পদত্যাগ কৰা ৰিপুণ বৰাই আজি পুনৰ কংগ্ৰেছ দলত যোগদান কৰে ৷ লগতে পল্লৱী শইকীয়া নামৰ অসম চৰকাৰৰ এগৰাকী ৰাজপত্ৰিত বিষয়াই কংগ্ৰেছ দলত যোগদান কৰা বিষয়টোৱে ৰাজ্যত ব্যাপক চৰ্চা লাভ কৰিছে । বিকশিত অসমৰ কথা কৈ থকা বিজেপি চৰকাৰৰ দিনত এগৰাকী চৰকাৰী উচ্চ পদস্থ বিষয়া হৈও চাকৰি এৰি কংগ্ৰেছ দলত যোগদান কৰাটো ৰাজনৈতিক মহলত চৰ্চাৰ বিষয় হৈ পৰিছে ।

কৰ অধীক্ষকৰ দায়িত্বত থকা পল্লৱী শইকীয়াই কংগ্ৰেছ দলত যোগদান কৰাৰ উদ্দেশ্যেই শনিবাৰে চাকৰি ত্যাগ কৰিছিল । গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদিকাগৰাকীয়ে চাকৰি জীৱন আৰম্ভ কৰা আগতে যুৱ কংগ্ৰেছৰ সৈতে জড়িত থাকি কংগ্ৰেছ দলৰ হৈ কাম কৰিছিল ।

ৰাজপত্ৰিত বিষয়াৰ দৰে এটা চাকৰি এৰি ৰাজনীতিলৈ অহা পল্লৱী শইকীয়াই কংগ্ৰেছ দলত যোগদান কৰিয়েই বিজেপিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰাৰ লগতে ৰাইজৰ উন্নয়নৰ বাবে কাম কৰাৰ সংকল্প লোৱাৰ কথা জানিবলৈ দিয়ে । কংগ্ৰেছত যোগদান কৰি পল্লৱী শইকীয়াই কয়, ‘‘মই কালি চাকৰি ত্যাগ কৰিলো । বৰ্তমান সময়ত ৰাজ্যৰ একাংশ লোকৰ বহুত উন্নতি হৈছে । বাকী সকলে ৫০০ টকা এটা নি বজাৰৰ পৰা একো কিনিব নোৱাৰা এক ভয়ংকৰ অৱস্থা হৈছে । এই পৰিস্থিতিৰ পৰা ৰাইজক ৰক্ষা কৰিবলৈ চাকৰি ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰিছো । মই ৰাইজৰ হকে কাম কৰি যাম, বিজেপিয়ে যি অস্থিৰ পৰিবেশৰ সৃষ্টি কৰিছে তাৰ বাবে ৰাইজ সজাগ হ'ব লাগিব । নহ'লে বহুত ধনী মানুহ বহুত ধনী হৈ যাব বেছি সংখ্যকেই খাবলৈ নাপাই মৰিব ।’’

লগতে পঢ়ক: দেশৰ ভিতৰতে আটাইতকৈ ভ্ৰষ্ট মুখ্যমন্ত্ৰী কোন ? - APCC Extended Executive

কংগ্ৰেছলৈ ঘূৰি অহাৰ কাৰণ ব্যাখ্যা ৰিপুণ বৰাৰ - Ripun Bora returns to Congress

বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ পূৰ্বে চৰাইদেউ মৈদামত উপস্থিত কংগ্ৰেছ নেতৃত্ব - APCC Extended Executive

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.