ETV Bharat / state

লক-আপতে ৰমজান উপলক্ষে নামাজ পঢ়িছে তৌছিফ আলি ফাৰুকীয়ে - ISIS agent

Tausif Ali Farooqi: ISIS-ৰ সৈতে সম্পৰ্ক ৰক্ষাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা তৌছিফ আলী ফাৰুকীয়ে লক-আপতে পঢ়িছে নামাজ । লগতে ৰমজানৰ ৰোজাও ৰাখিছে যুৱকজনে । মঙলবাৰে তৌছিফৰ পিতৃ-মাতৃ আহে তেওঁক লগ কৰিবলৈ ।

Tausif Ali Farooqi
Ramadan fast
author img

By ETV Bharat Assamese Team

Published : Apr 2, 2024, 10:38 PM IST

গুৱাহাটী, ২ এপ্ৰিল: অৱশেষত মুখ খুলিলে ISIS-ৰ সৈতে সম্পৰ্ক ৰক্ষাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা IIT গুৱাহাটীৰ ছাত্ৰ তৌছিফ আলী ফাৰুকীৰ পিতৃয়ে । পুত্ৰৰ খবৰ লবলৈ মঙলবাৰে পিতৃ আহিল গুৱাহাটীৰ ৰূপ নগৰৰ STF-ৰ কাৰ্যালয়লৈ । বিগত ১০ বছৰৰ পৰা মাতৃ-পুত্ৰৰ পৰা আঁতৰত থাকে পিতৃ আজমত আলী ফাৰুকী । পিতৃ বিহাৰত কৃষিকৰ্মত জড়িত হৈ থকাৰ লগতে আৰু মাতৃৰ দিল্লীৰ কাপোৰৰ দোকান আছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

পত্নীয়ে জানিছিল যদিও পুত্ৰৰ সকলো কথা গোপনে ৰাখিছিল । সৰুৰে পৰা মেধাবী তৌছিফৰ ISIS-ৰ লগত সম্পৰ্কৰ কথা পিতৃ জ্ঞাত নহয় বুলি মন্তব্য কৰে । পূৰ্বেও দিল্লী আৰক্ষীয়ে আটক কৰিছিল তৌছিফক । পুত্ৰক চাবলৈ তৌছিফৰ মাতৃও আহিছিল STF-ৰ কাৰ্যালয়লৈ ৷ অৱশ্যে সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য দিয়াৰ পৰা বিৰত থাকে মাতৃ ৷ এছ টি এফৰ জিম্মাতে নামাজ পঢ়াৰ লগতে ৰোজা ৰখা বুলিও সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে পিতৃয়ে ।

উল্লেখ্য যে হোষ্টেলত অকলশৰীয়াকৈ থাকি ভালপোৱা কট্টৰ ইছলামিক তথা ধর্মীয় গোড়ামিত বিশ্বাসী গুৱাহাটী আই আই টিৰ বায়'টেকনলজীৰ চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰ তৌছিফে ISIS-ত যোগদান কৰিব বুলি ঘোষণা কৰাৰ পিচতে গ্ৰেপ্তাৰ হৈছিল । আদালত হাজিৰ কৰি আৰক্ষীয়ে ১৪ দিনৰ জিম্মাত বিচাৰিছিল যদিও আদালতে তৌছিফ আলী ফাৰুকীক ১০ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে ।

ইফালে আৰক্ষীৰ জেৰাত মেধাৱী ছাত্ৰ তৌছিফ আলী ফাৰুকীয়ে প্রতিদিনেই কোৰাণ পঢ়াৰ কথা স্বীকাৰ কৰাৰ লগতে শেহতীয়াকৈ অত্যধিক নিচাসক্ত হৈ পৰা বুলিও প্রকাশ কৰিছে । আৰক্ষীৰ তদন্তত প্রকাশ পোৱা মতে দিল্লীৰ পাটনা হাউচৰ কাষতে ঘৰ তৌছিফৰ । সৰুৰে পৰা অতি মেধাৱী তৌছিফৰ IIT-ত শিক্ষাগ্রহণৰ সপোন আছিল । তৌছিফৰ পিতৃ-মাতৃ পৃথকে পৃথকে থাকে যদিও মাতৃয়ে এখন কাপোৰৰ দোকান চলায় ।

তদুপৰি তৌছিফৰ সম্পৰ্কীয় এজন খুড়ায়েক অৱসৰপ্ৰাপ্ত IPS বিষয়া । ইছলামিক ভাৰতৰ সপোন দেখা তৌছিফে ইউটিউবত ISIS-ৰ ভিডিঅ' চাই অনুপ্রাণিত হোৱা বুলিও আৰক্ষীৰ জেৰাত প্ৰকাশ কৰিছে ।

লগতে পঢ়ক: ধর্মীয় গোড়ামিত বিশ্বাসী তৌছিফে প্রতিদিনেই পাঁচবাৰকৈ পঢ়িছিল নামাজ - GUWAHATI IIT STUDENT ARRESTED

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.