ETV Bharat / state

ভক্তৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু মৰাণহাটৰ বিশেষ পূজা মণ্ডপ

Charaideo Puja Pandal: চৰাইদেউ জিলাৰ মৰাণহাটত তামিলনাডুৰ আদিযোগী মন্দিৰৰ আৰ্হিত নিৰ্মাণ পূজা মণ্ডপ । প্ৰতিকূল বতৰক নেওচি ভক্তৰ ভিৰ ।

author img

By ETV Bharat Assamese Team

Published : 4 hours ago

Charaideo Puja Pandal
ভক্তৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু মৰাণহাটৰ বিশেষ পূজা মণ্ডপ (ETV Bharat)

ডিব্ৰুগড়,১০ অক্টোবৰ : দুৰ্গা পূজাক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে । বৃহস্পতিবাৰে পুৱাৰে পৰা মণ্ডপে মণ্ডপে ভক্তৰ যথেষ্ট ভিৰ দেখা গৈছে । ইফালে ব্যতিক্ৰমী পূজা মণ্ডপসমূহে ভক্তসকলক আকৰ্ষণ কৰিছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ জিলাতো দেখা গৈছে একেই পৰিৱেশ । জিলাখনত অৰ্ধ শতাধিক পূজা অনুষ্ঠিত হৈছে যদিও প্ৰায়সমূহ পূজা কমিটীয়েই এইবাৰ পৰিৱেশ অনুকূল পূজা মণ্ডপ নিৰ্মাণ কৰিছে । তাৰ ভিতৰত ব্যতিক্ৰমী ৰূপত দেখা গৈছে মৰাণহাটৰ শ্ৰীশ্ৰী সাৰ্বজনীন দুৰ্গা পূজা । তামিলনাডুৰ বিখ্যাত আদিযোগী মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে এই পূজা মণ্ডপ । পৰিৱেশ অনুকূলভাৱে নিৰ্মাণ কৰা হৈছে এই পূজা মণ্ডপটো । আকৰ্ষণীয় পূজা মণ্ডপে আকৰ্ষণ কৰিছে ভক্তসকলক ।

প্ৰতিকূল বতৰক নেওচি সপ্তমীৰ দিনটোত পুৱাৰে পৰা ভক্তসকলে পূজা মণ্ডপত ভিৰ কৰিছে । মৰাণহাটৰ দুৰ্গা পূজা কমিটীয়ে প্ৰতিবছৰে বিভিন্ন আৰ্হিত মণ্ডপ নিৰ্মাণ কৰি ভক্তক আকৰ্ষণৰ চেষ্টা কৰি আহিছে ।

অসমীয়া শিল্পীয়ে নিৰ্মাণ কৰিছে মণ্ডপ :

আটকধুনীয়াকৈ দুৰ্গা পূজা মণ্ডপ আৰু প্ৰতিমা নিৰ্মাণ কৰা বুলি ক'লেই আমি কলকাতাৰ শিল্পীৰ কথা জানো । কিন্তু মৰাণহাটৰ এই আকৰ্ষণীয় পূজা মণ্ডপটো নিৰ্মাণ কৰিছে এগৰাকী অসমীয়া শিল্পীয়ে । তামিলনাডুৰ আদিযোগী মন্দিৰৰ আৰ্হিত পূজা মণ্ডপ নিৰ্মাণ কৰিছে লখিমপুৰৰ শিল্পী বনমালী বৰগোঁহাই আৰু তেওঁৰ সহযোগীসকলে । এই মণ্ডপটো নিৰ্মাণ কৰিবলৈ শিল্পীসকলে প্ৰায় ডেৰমাহ সময় লৈছে ।

প্ৰতিবছৰে এই পূজা মণ্ডপলৈ লাখ লাখ ভক্তৰ আগমন হয় । ৰাজ্যৰ লগতে বহিঃৰাজ্যৰ পৰাও আহে ভক্ত । পূজা কমিটীয়ে আশা কৰা মতে এইবাৰ লাখৰো অধিক ভক্তৰ আগমন হ'ব ।

লগতে পঢ়ক :প্লাষ্টিক বিহীন এটা পূজা মণ্ডপ; পিছে ক’ত আছে এই পূজা মণ্ডপটো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.