ETV Bharat / state

বাৰে বাৰে হত্য়াৰ ভাবুকি দিছিল সিহঁতে : হাছমত আলীৰ মৃত্যুৰ পিচতে পৰিয়ালৰ ভয়ংকৰ অভিযোগ - Suspected murder in Barpetaroad - SUSPECTED MURDER IN BARPETAROAD

Suspected murder: বৰপেটাৰোডত এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য ৷ ব্যৱসায়িক সংঘাতৰ বাবে লোকজনক হত্যা কৰাৰ অভিযোগ ৷ পত্নী-কন্যাই আঙুলি টোঁৱালে কেবাজনো লোকলৈ ৷

Suspected murder
Suspected murder in Barpetaroad (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 1, 2024, 4:02 PM IST

বৰপেটাৰোড, 1 জুলাই: বৰপেটাৰোডৰ বালাভিঠাত চাঞ্চল্যকৰ ঘটনা ৷ হাছমত আলী নামৰ এজন লোকৰ মৃতদেহ উদ্ধাৰৰ পিচতেই সমগ্ৰ অঞ্চলটোত সৃষ্টি চাঞ্চল্যৰ ৷ ব্যৱসায়িক সতীৰ্থই হাছমতক হত্যা কৰাৰ অভিযোগ ৷ এই অভিযোগ তুলিছে মৃত হাছমতৰ পত্নী আৰু কন্যাই ৷ বৰপেটাৰোডৰ বালাভিঠাত হাছমত আলীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ বাবে চিপজৰী লগাই ওলোমাই থোৱাৰ অভিযোগ ৷

মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য (ETV Bharat Assam)

জানিব পৰা মতে 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কিছু ভিতৰুৱা স্থানত থকা এটা ক্ৰেছাৰ মিলত আন বহুলোকৰ লগতে হাছমত আলী নামৰ লোকজনো আছিল এগৰাকী অংশীদাৰ ৷ কিন্তু ব্যৱসায়িক সংঘাতৰ বাবে হাছান আলীক ধনৰ বাবে মিলৰ কেইজনমান লোকে বিগত সময়ছোৱাত ব্যাপকভাৱে হেঁচা দিছিল ৷ ছমাহৰ সময় বিচাৰিছিল হাছমত আলীয়ে ৷

তাৰ মাজতে হাছমতৰ মাটি-সম্পত্তি ভয়-ভাবুকিৰে হস্তগত কৰিবলৈও চেষ্টা কৰিছিল দলটোৱে ৷ এইক্ষেত্ৰত নাম উল্লেখ হৈছে হাবেজ, বাৰেক, বাতেন, ৰফিক, কুৰবান, লুৎফৰ আৰু শিকদাৰ নামৰ ব্যক্তিকেইজনৰ ৷

লগতে পঢ়ক: পঞ্চায়ত সচিব হত্যাকাণ্ড: চন্দ্ৰকান্ত দাসৰ পত্নীৰ নিৰ্দেশতে হৈছিল হত্যাকাণ্ড; হত্যাকাৰীক দিছিল 2 লক্ষাধিক টকা - Panchayat secretary murder case

হাছমতৰ পত্নী-কন্যাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে, বিগত কেবাদিনো ধৰি ব্যাপক মানসিক অশান্তিত ভুগিছিল লোকজনে ৷ তেওঁক বহুবাৰ মাৰি পেলোৱাৰ ভাবুকি দিছিল ব্যৱসায়িক সতীৰ্থ কেইজনে ৷ দেওবাৰে বিয়লি হাছমত আলীক মাতি নি তেওঁৰ পৰা জোৰ-জবৰদস্তি মাটি-সম্পত্তি লিখাই লোৱা বুলিও পত্নী-কন্যাই অভিযোগ কৰিছে ৷

হাছমতৰ কন্যাই কয় যে, দেউতাকক বাৰে বাৰে মাৰি পেলোৱাৰ ভাবুকি দিয়া হৈছিল ৷ দেওবাৰে নিশা দেউতাকে মেছেজযোগে তেওঁৰ জীৱনলৈ নামি অহা বিপদৰ সবিশেষ জনাইছিল কন্যাক ৷

লগতে পঢ়ক: ঘৰৰ ভিতৰতে উদ্ধাৰ পত্নীৰ মৃতদেহ, মুমূৰ্ষু অৱস্থাত উদ্ধাৰ স্বামীক - Mysterious murder case

পুৱা ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছিল হাছমতৰ মৃতদেহ ৷ পত্নী-কন্যাই অভিযোগ কৰিছে যে, হাছমত আলীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ বাবে এইদৰে ওলোমাই থোৱা হৈছে ৷ তেওঁৰ মুখমণ্ডলত দেখা গৈছে আঘাতৰ চিন ৷ হাবেজ, বাৰেক, বাতেন, ৰফিক, কুৰবান, লুৎফৰ আৰু শিকদাৰৰ বিৰুদ্ধে হাছমতক হত্যা কৰাৰ অভিযোগ তুলিছে পৰিয়ালে ৷

বৰপেটাৰোড আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটালৈ প্ৰেৰণ কৰে ৷ আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷ জানিব পৰা মতে, মৃতদেহ উদ্ধাৰৰ সময়ত সেই স্থানত বহু সংখ্যক লোক উপস্থিত আছিল যদিও উপস্থিত নাছিল হাছমতৰ পত্নী-কন্যাই অভিযোগ তোলা এজনো ব্যক্তি ৷

লগতে পঢ়ক: শোৱাপাটীতে স্বামীক ডিঙি কাটি হত্যা : মৰিয়নীত পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি - Brutal murder in Mariani

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.