ETV Bharat / state

বহুত সাহস কৰি মই আত্মসমৰ্পণ কৰিবলৈ ওলাইছো: চুমী বৰা - Sumi Borah Ready to Surrender

author img

By ETV Bharat Assamese Team

Published : Sep 11, 2024, 6:58 PM IST

Updated : Sep 11, 2024, 7:12 PM IST

Sumi Borah ready to surrender: আজি আত্মসমৰ্পণ কৰিব চুমী বৰাই ৷ বুধবাৰে বিয়লি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা ভিডিঅ'ত চুমী বৰাই ব্যক্ত কৰিছে এই কথা ৷

Sumi Borah Ready to Surrender
চুমী বৰা (Etv Bharat Assam)

গুৱাহাটী,11 ছেপ্টেম্বৰ: অৱশেষত আত্মসমৰ্পণ কৰিব চুমী বৰাই । বুধবাৰে বিয়লি সংবাদ মাধ্যমলৈ অজ্ঞাত স্থানৰ পৰা প্ৰেৰণ কৰা এটা ভিডিঅ'ত চুমী বৰাই আজি (বুধবাৰে) আত্মসমৰ্পণ কৰাৰ কথা ঘোষণা কৰে । বিশাল ফুকনক আটক কৰাৰ পাছৰে পৰা সন্ধানহীন হৈ থকাৰ ১০ দিনৰ মূৰত চুমী বৰাই আজি এই ভিডিঅ’টোৰ জৰিয়তে আত্মপ্ৰকাশ কৰি কয়, "মোৰ বিৰুদ্ধে অপপ্ৰচাৰ চলি আছে । যিবোৰ বাতৰি প্ৰকাশ পাইছে তাৰ ১০% ও সঁচা নহয় । মই কথা ক’বলৈ মানসিকভাৱে প্ৰস্তুত নাছিলো । ৭ টা দিন যেনেতেনে কটালো ।"

চুমী বৰা (Etv Bharat Assam)

অনলাইন ট্ৰেডিঙত নাম সাঙোৰ খোৱা পলাতক চুমী বৰাই লগতে কয়, "জোখতকৈ বেছি অপপ্ৰচাৰ চলিছে বহুধৰণে । বহুক্ষেত্ৰত মোক সাঙোৰ খুৱাইছে । ন্যায়ালয়ে দোষী কৰাৰ আগতে সংবাদ মাধ্যমে মোক দোষী কৰি ফাঁচি দিছে । কেচটো ট্ৰেডিঙৰ ওপৰত আছিল, এতিয়া মোৰ ওপৰত হৈ গ’ল । এতিয়া সাহস কৰি আত্মসমৰ্পণ কৰিব ওলাইছো । আৰক্ষীক মই সহযোগ কৰিম । ইমানদিনে কৰিব পৰা নাছিলো ।"

আনহাতে তেওঁ পলায়ন কৰা সন্দৰ্ভত সম্প্ৰচাৰিত বাতৰি সন্দৰ্ভত কয়, "মই ক’তো পলাই থকা নাই, লুকাইহে আছিলো । সহ্য কৰিব পৰা নাছিলো । কোনো তথ্য নোহোৱাকৈ কথা কৈ আছে । সংবাদ মাধ্যমৰ ফলত মই দোষী । মোৰ মান-সন্মান, মা-দেউতা, পৰিয়াল উলংগ হৈছে । ধৈৰ্য ধৰিব পৰা নাই । সকলোৰে এটা সীমা আছে । তথ্য চাই ন্যায়ালয়ে সিদ্ধান্ত ল'ব, বাতৰি চাই নহয় । মই যদি সত্যত থাকো মোৰ শাস্তি নহয় ।"

লগতে পঢ়ক: চুমীৰ দেওৰেক ধৰা পৰিল, বতাহত মিলি গ'ল নেকি তাৰ্কিকসহ নাচনী চুমী ! - Assam trading scam

Last Updated : Sep 11, 2024, 7:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.