ETV Bharat / state

নাৰীক সুৰক্ষা প্ৰদানৰ দাবীত হাফলঙত শিক্ষাৰ্থীৰ প্ৰতিবাদী সমদল - Kolkata rape murder case

author img

By ETV Bharat Assamese Team

Published : Aug 19, 2024, 2:29 PM IST

Protest against Kolkata rape murder case: পশ্চিমবংগৰ ধৰ্ষণ-হত্যাৰ ঘটনাক লৈ অসমৰো বিভিন্ন প্ৰান্তত প্ৰতিবাদ ৷ দোষীক শাস্তি প্ৰদানৰ দাবীত হাফলঙত শিক্ষাৰ্থীৰ প্ৰতিবাদ ৷ হাফলং চৰকাৰী মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে সুবিচাৰৰ দাবীত সাব্যস্ত কৰে প্ৰতিবাদ ৷

Protest over Kolkata rape murder case
নাৰীক সুৰক্ষা প্ৰদানৰ দাবীত হাফলঙত শিক্ষাৰ্থীৰ প্ৰতিবাদী সমদল (ETV Bharat Assam)

হাফলং, 19 আগষ্ট: কলকাতাৰ আৰ জি কৰ হাস্পতালৰ কৰ্তব্যৰত প্ৰশিক্ষাৰ্থী চিকিৎসকক দলবদ্ধ ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰাৰ বিৰুদ্ধে প্ৰতিবাদত উত্তাল হৈ আছে সমগ্ৰ দেশৰ লগতে ৰাজ্য । এই ঘটনাৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে দেশ তথা ৰাজ্যৰ চিকিৎসক, দল-সংগঠন তথা সাধাৰণ ৰাইজ । প্ৰচণ্ড বৰষুণকো নেওচি অভয়াকাণ্ডৰ ন্যায়ৰ দাবীত আৰু মহিলাৰ সুৰক্ষাৰ দাবীত ৰাজপথত সোমবাৰে প্ৰতিবাদ সাব্যস্ত কৰিলে হাফলং চৰকাৰী মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে ।

হাফলঙত শিক্ষাৰ্থীৰ প্ৰতিবাদী সমদল (ETV Bharat)

ডিমা হাছাও জিলাৰ সদৰ চহৰ হাফলঙত চৰকাৰী মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে কলকাতা আৰ জি চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকক যৌন উৎপীড়ন আৰু হত্যা কৰাৰ প্ৰতিবাদত অনুকূল বতৰকো উপেক্ষা কৰি প্ৰতিবাদী সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে ।

শিক্ষাৰ্থীসকলে কয়, "অভয়াকাণ্ডৰ ন্যায় বিচাৰ হ’ব লাগে ৷ তদুপৰি নাৰীৰ সুৰক্ষাৰ প্ৰতিও চৰকাৰ-প্ৰশাসনে গুৰুত্ব দিয়াটো জৰুৰী ৷ কাৰণ এই ঘটনা নতুন নহয় ৷ প্ৰতিদিনেই সংঘটিত হয় এনেবোৰ ঘটনা ৷ মহিলা চিকিৎসক তথা তেওঁৰ পৰিয়ালটোক ন্যায় প্ৰদানৰ লগতে ঘটনাটোৰ সৈতে জড়িতক শীঘ্ৰে চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে ।"

শিক্ষাৰ্থীসকলে পুনৰ কয়, সকলো চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে সুৰক্ষা ব্যৱস্থা কঠোৰ কৰিব লাগে আৰু তেওঁলোকক উপযুক্ত নিৰাপত্তা প্ৰদান কৰিব লাগে ৷ চৰকাৰেও এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিব লাগে । আমাৰ দেশত এনে ধৰণৰ জঘন্য ঘটনা মহিলাসকলৰ লগত ক্ৰমাৎ বৃদ্ধি পাইছে । এই ধৰণৰ ঘটনা ৰোধ কৰিবলৈ চৰকাৰে কঠোৰ ব্যৱস্থা হাতত লোৱা উচিত । এখন গণতান্ত্ৰিক দেশত মহিলাসকলৰ সৈতে এনে ঘটনা সংঘটিত হ’লে দেশৰ বিকাশ কেনেকৈ সম্ভৱ ৷ ন্যায় বিচাৰ নোহোৱা পৰ্যন্ত আমি যুঁজি যাম ।"

লগতে পঢ়ক: অভয়াকাণ্ডক লৈ ক্ৰমাৎ বৃদ্ধি ক্ষোভৰ অগনি: পশ্চিম বংগৰ ৰাজ্যপালৰ জৰুৰী বৈঠকৰ আহ্বান - Kolkata Doctor Rape murder

অভয়াৰ পিচত এইবাৰ যাত্ৰীবাহী বাছত কিশোৰীক দলবদ্ধ ধৰ্ষণ - Dehradun Gang Rape Case

কলকাতাকাণ্ডৰ উচিত বিচাৰৰ দাবীত ওলাই আহিল অসমৰ অজশ্ৰজন - RG Kar Rape Murder

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.