ETV Bharat / state

৯ ঘন্টাত ৮৪ পৃষ্ঠাৰ গ্ৰন্থ লিখি ৰাজদ্বীপে গঢ়িলে বিশ্ব অভিলেখ - Guinness World Records

author img

By ETV Bharat Assamese Team

Published : Jul 5, 2024, 7:06 PM IST

Updated : Jul 5, 2024, 8:01 PM IST

Assam students world record : নলবাৰীৰ এজন ছাত্ৰই ৰাজ্যলৈ কঢ়িয়াই আনিছে সুখবৰ ৷ গীনিজ বুকছ অফ্ ৰেকৰ্ডছত নিজৰ নাম লিখি উজলালে জন্মভূমিৰ নাম ৷

Assam students world record
নলবাৰীৰ ৰাজদ্বীপে গঢ়িলে বিশ্ব অভিলেখ (ETV Bharat Assam)

নলবাৰী, ৫ জুলাই: বান-বিভীষিকাৰ মাজতে ৰাজ্যলৈ আহিছে এক সুখবৰ ৷ অতি কম সময়তে গ্ৰন্থ লিখি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে নলবাৰীৰ এগৰাকী ছাত্ৰই ৷

সাধাৰণতে এখন গ্ৰন্থ অথবা গ্ৰন্থ লিখোতে সময় লাগে এমাহ, দুমাহ, ছমাহ অথবা এবছৰ । কিন্তু এদিন নহওতেই মাত্ৰ কিছু ঘন্টাত এখন গ্ৰন্থ লিখি নিজৰ নাম গীনিজ বুকত লিখিবলৈ সক্ষম হৈছে অসমৰে এগৰাকী মেধাৱী ছাত্ৰই ৷

নলবাৰী জিলাৰ বৰভাগৰ আৰংগমৌ গাঁৱৰ দিপুল শৰ্মা আৰু বিভা দেৱীৰ সন্তান তথা নলবাৰী মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ ছাত্ৰ ৰাজদ্বীপ কাশ্যপে মাত্ৰ ৯ ঘন্টাত ৮৪ পৃষ্ঠাৰ এখন গ্ৰন্থ লিখি বিশ্ব ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে ৷ যি খবৰে আনন্দৰ লহৰ তুলিছে নলবাৰী জিলাত ৷

নলবাৰী মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰ ৰাজদ্বীপ কাশ্যপে মাত্ৰ ৯ ঘন্টাত ‘জন্ম, প্ৰেম, মৃত্যু- কিছু বৈজ্ঞানিক, কিছু অলৌকিক’ নামৰ ৮৪ পৃষ্ঠাযুক্ত গ্ৰন্থখন লিখি গীনিজ ৱৰ্লড ৰেকৰ্ড বুকত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হোৱাত পৰিয়ালৰ মাজত উঠিছে আনন্দৰ জোৱাৰ ৷

লগতে পঢ়ক: মহাকাশত সৰ্বাধিক সময় থকাৰ নতুন অভিলেখ ৰাছিয়ান মহাকাশচাৰীৰ

উল্লেখ্য যে ভাৰতবৰ্ষৰে অন্য এখন ৰাজ্যৰ এগৰাকী যুৱতীয়ে তিনিদিনত ৬৩ পৃষ্ঠাৰ এখন গ্ৰন্থ লিখিছিল । সেই খবৰ ইণ্টাৰনেটত লাভ কৰাৰ পিচত অনুপ্ৰাণিত হয় নলবাৰীৰ ৰাজদ্বীপ কাশ্যপ ৷ ৰাজদ্বীপে মনতে থিৰাং কৰি চলিত বৰ্ষৰ ২৪ মে’ৰ আবেলি ০৩:৫৫ বজাৰ পৰা নিশা ০১:০২ বজাৰ ভিতৰত লিখি শেষ কৰিছিল ৮৪ পৃষ্ঠাৰ ‘জন্ম প্ৰেম মৃত্যু - কিছু বৈজ্ঞানিক কিছু অলৌকিক’ শীৰ্ষক গ্ৰন্থখন ৷ ইয়াৰ পিচতে গীনিজ বুকত নাম খোদিত হয় ৰাজদ্বীপ কাশ্যাপৰ ৷

উল্লেখযোগ্য যে ৰাজদ্বীপে গ্ৰন্থখন লিখোতে ৯ ঘন্টাৰ ভিডিঅ' ৰেকৰ্ডিং কৰি পঠিওৱাটো সহজ নাছিল ৷ যাৰ বাবে গীনিজ বুকৰ তৰফৰ পৰা জিলা প্ৰশাসন অথবা কোনো উচ্চ বিষয়াৰ দ্বাৰা তেওঁৰ লিখনি উক্ত সময়ৰ ভিতৰত সম্পন্ন কৰাৰ প্ৰমাণত সন্মতি জনাইছিল ৷ সেইমৰ্মে নলবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ কমল নয়ন পাটোৱাৰীয়ে ৰাজদ্বীপ কাশ্যপে ৯ ঘন্টাত গ্ৰন্থখন লিখি উলিওৱাৰ সত্য প্ৰমাণিত কৰি গীনিজ বুক অফ ৰেকৰ্ডচলৈ পঠিয়াইছিল ৷ তাৰ পিচতে বৃহস্পতিবাৰে গীনিজ বুকত ৰাজদ্বীপৰ নাম সন্নিৱিষ্ট হোৱা বুলি মেইলযোগে প্ৰমাণপত্ৰ প্ৰদান কৰা হয় ।

লগতে পঢ়ক: ডিব্ৰুগড়ত দিহানাম পৰিৱেশনেৰে বিশ্ব অভিলেখ সৃষ্টি

উল্লেখযোগ্য যে ৰাজদ্বীপ কাশ্যপে উক্ত ৯ ঘন্টাৰ ভিতৰত ৩০ মিনিট সময় আহাৰ গ্ৰহণৰ বাবেও লৈছিল ৷ ৰাজদ্বীপৰ এনে অনুপ্ৰেৰণামূলক খবৰে এতিয়া নলবাৰীৰ বাসিন্দাসকলক আনন্দিত কৰি তুলিছে ৷ আনহাতে ৰাজদ্বীপে যোৱা বছৰত নিজে তৈয়াৰ কৰা কিছু সামগ্ৰীৰে চেনেটাৰী পেড তৈয়াৰ কৰি ইণ্ডিয়া বুক অফ্ ৰেকৰ্ডছ আৰু এছিয়া বুক অফ্ ৰেকৰ্ডছতো নাম‌ অন্তৰ্ভূক্তি কৰিবলৈ সক্ষম হৈছিল ৷ এঘন্টাত ৫৩ টা চেনিটাৰী হেণ্ড পেড নিৰ্মাণ কৰি বিশ্ব ৰেকৰ্ড ইউনিভাৰ্চিটিৰ পৰা ডক্টৰেট সন্মানো লাভ কৰিবলৈ সক্ষম হৈছিল ৰাজদ্বীপে ৷

উল্লেখ্য যে ৰাজদ্বীপ কাশ্যপ এইবাৰ নলবাৰী মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ প্ৰথম বৰ্ষৰ ছাত্ৰ । পঢ়াৰ উপৰিও ছবি আঁকি ভালপায় ৰাজদ্বীপে । ৰাজদ্বীপৰ এনে সফলতাত আনন্দিত তেওঁৰ পিতৃ দিপুল শৰ্মা আৰু বিভা দেৱী । নিজৰ প্ৰতিভাৰ উপৰিও শৈক্ষিক ক্ষেত্ৰখনত অধিক গুৰুত্ব দি আগলৈ যোৱাৰ আশীৰ্বাদ দিয়ে ৰাজদ্বীপৰ পিতৃ দিপুল শৰ্মাই ৷

লগতে পঢ়ক: গিনীজ ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ বগালে ৭০,৬৭৯ টা চিৰি

Last Updated : Jul 5, 2024, 8:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.