ETV Bharat / state

এছ টি এফে ডিব্ৰুগড় আৰক্ষীক গতালে চুমী-তাৰ্কিক: চিআইডিয়ে চলাব জেৰা - STF trap Sumi and Tarkik

author img

By ETV Bharat Assamese Team

Published : Sep 12, 2024, 11:25 AM IST

STF detains Sumi Borah and her husband: পুৱাই আৰক্ষীৰ জালত পৰিল চুমী-তাৰ্কিক ৷ ইতিমধ্যে STF ৰ দলে ডিব্ৰুগড় সদৰ থানাত আৰক্ষীক গটাই দিলে চুমী বৰা আৰু তাৰ্কিক বৰাক ৷ বিশাল ফুকনৰ অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনাৰ ঘটনা সন্দৰ্ভত বৰ্তমান দুয়োকে সদৰ থানাত আৰক্ষী, CID য়ে জেৰা চলাব বুলি জানিব পৰা গৈছে ৷

STF trap Sumi and Tarkik
পুৱাই আৰক্ষীৰ জালত পৰিল চুমী-তাৰ্কিক (ETV Bharat Asaam)

ডিব্ৰুগড়, ১২ ছেপ্টেম্বৰ : অৱশেষত উৎকণ্ঠাৰ অন্ত পৰিল ৷ আৰক্ষীৰ বেহুত সোমাল চুমী-তাৰ্কিক ৷ চুমী-তাৰ্কিক-বিশালৰ প্ৰসংগত ৰাজ্যৰ সৰ্বত্ৰে এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হৈ আছিল ৷ প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত বিশাল ফুকনক আৰক্ষীয়ে আটক কৰাৰ পাচতে অন্তৰ্ধান হৈ আছিল চুমী বৰা আৰু তাৰ্কিক বৰা ৷ কিন্তু আজি পুৱতি নিশাই আৰক্ষীৰ জালত পৰিল চুমী বৰা আৰু তাৰ্কিক বৰা ৷

ইতিমধ্যে সকলোৰে জ্ঞাত যে, কোটি কোটি টকা অনলাইন ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনা কৰা ২২ বছৰীয়া বিশাল ফুকনক ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰা পাচতেই আত্মগোপন কৰিছিল অভিনেত্ৰী চুমী বৰা আৰু তেওঁৰ ফটোগ্ৰাফাৰ স্বামী তাৰ্কিক বৰাই ।

কিন্তু বিশাল ফুকনৰ অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ মূল সহযোগী হিচাপে বিবেচিত হোৱা অভিনেত্ৰী চুমী বৰা আৰু চুমী বৰাৰ ফটোগ্ৰাফাৰ স্বামীক বিচাৰি হাবাথুৰি খাইছিল ডিব্ৰুগড় আৰক্ষীয়ে । কিন্তু বুধবাৰে বিয়লি নিজেই আৰক্ষীক সহযোগিতা কৰিম বুলি উল্লেখ কৰি ভিডিঅ' প্ৰেৰণ কৰিছিল চুমী বৰাই ।

লগতে পঢ়ক : বহুত সাহস কৰি মই আত্মসমৰ্পণ কৰিবলৈ ওলাইছো: চুমী বৰা - Sumi Borah Ready to Surrender

ডিব্ৰুগড় সদৰ থানাত চুমী বৰাই আত্মসমৰ্পণ কৰিব বুলি খবৰ ওলোৱাত ওৰে নিশা সাংবাদ মাধ্যমৰ লোক ডিব্ৰুগড় সদৰ থানাতে খাপপিটি ৰৈ থাকিল ৷ কিন্তু নিশা সদৰ থানালৈ নাহিল চুমী বৰা আৰু তাৰ্কিক বৰা । কিন্তু অতি নাটকীয়ভাৱে আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে X যোগে চুমী বৰা আৰু তাৰ্কিক বৰাক আটক কৰাৰ কথা জানিবলৈ দিছিল । কিন্তু পুৱাই ডিব্ৰুগড়ৰ STF (Special task force) ৰ দলে ডিব্ৰুগড়ৰ কোনো স্থানত চুমী বৰা আৰু তাৰ্কিক বৰাক আটক বুলি জানিব পৰা গৈছিল ।

কোনো অজ্ঞাত স্থানত ৰাখি STF ৰ দলে পৰৱৰ্তী সময়ত ডিব্ৰুগড়ৰ সদৰ থানালৈ লৈ আহে চুমী বৰা আৰু তাকিক বৰাক । পূৰ্বৰ পৰাই সদৰ থানাত উপস্থিত থকা সাংবাদিকৰ আগত কোনো ধৰণৰ মন্তব্য প্ৰকাশ নকৰিলে চুমী আৰু তাৰ্কিক বৰাই ।

ইতিমধ্যে সদৰ থানাত ডিব্ৰুগড় আৰক্ষীক গটাই দিছে STF ৰ দলে । কিন্তু নিজে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিম বুলি উল্লেখ কৰা চুমী বৰা আৰু তাৰ্কিক বৰাক ক'ত STF এ আটক কৰিলে, ক'ত ইমান দিনে আত্মগোপন কৰিছিল সেই কথা ৰাজহুৱা কৰা নাই ডিব্ৰুগড় আৰক্ষীয়ে ।

লগতে পঢ়ক : চুমীৰ দেওৰেক ধৰা পৰিল, বতাহত মিলি গ'ল নেকি তাৰ্কিকসহ নাচনী চুমী ! - Assam trading scam

ডিব্ৰুগড় সদৰ থানালৈ চুমী বৰা আৰু তাৰ্কিক বৰাক অনাৰ পাচতে উপস্থিত হয় ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰেড্ডী । চুমী বৰাৰ সম্পৰ্কত আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।

  • চুমী বৰাৰ সম্পৰ্কত ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰেড্ডীৰ মন্তব্য :

চুমী-তাৰ্কিকক STF য়ে ডিব্ৰুগড় আৰক্ষীক হস্তান্তৰ কৰিছে । ক'ত, কেনেকৈ STF এ আটক কৰিছে, ক'ত ইমান দিন আত্মগোপন কৰি আছিল- তদন্ত কৰা পাচতহে ক'ব পৰা যাব । পৰৱৰ্তী সময়ত সংবাদ মাধ্যমক মাতি সকলো কথা জনাম ।

  • কিয় আটক হ'বলগা হ'ল অভিনেত্ৰী চুমী বৰা আৰু তেওঁৰ ফটোগ্ৰাফাৰ স্বামী তাৰ্কিক বৰা :

শেহতীয়াকৈ একাংশই ষ্টক মাৰ্কেটত বিনিয়োগ কৰি অধিক লাভৱান হোৱাৰ আশাৰে ধন বিনিয়োগ কৰিছিল যদিও হেৰুৱাব লগীয়া হৈছে গাঁঠিৰ ধন । কেইটামান দিনৰ পূৰ্বে DB stock ৰ নামত কোটি কোটি টকা লুটি দীপাংকৰ বৰ্মন নামৰ প্ৰৱঞ্চক জনে আত্মগোপন কৰা পাচতে অনলাইন ট্ৰেডিঙৰ সমূহ ব্যৱস্থাটোক লৈ চৰ্চা আৰম্ভ হৈছিল । দীপাংকৰ বৰ্মনৰ প্ৰৱঞ্চনাৰ পাচতে ব্যাপক চৰ্চালৈ আহিছিল ডিব্ৰুগড়ৰ বিশাল ফুকন ।

২২ বছৰ বয়সতে কোটিপতি হোৱা বিশাল ফুকনৰ অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ কাহিনী পোহৰলৈ অহাৰ পাচতে আৰক্ষীৰ নজৰলৈ আহিছিল তেওঁ । ২ ছেপ্টেম্বৰৰ নিশাই ডিব্ৰুগড়ৰ প্ৰৱাঞ্জলী এপাৰ্টমেণ্টৰ নিবাসী বিশাল ফুকনক ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰি ইতিমধ্য জেললৈ প্ৰেৰণ কৰিছে । বিশাল ফুকনে অনলাইন ট্ৰেডিঙৰ নামত প্ৰায় ১০০ কোটি টকা সংগ্ৰহ কৰাৰ তথ্য আৰক্ষীয়ে লাভ কৰে ৷ লগতে বিশালৰ ১৮ টাকৈ বেংক ছীল কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে ৷

লগতে পঢ়ক : একেবাৰে সাধাৰণ এজনী ছোৱালী আছিল চুমী ! শিক্ষাগুৰুৰ দৃষ্টিত বিতৰ্কিত চুমী বৰা - Sumi Borah

পৰৱৰ্তী পৰ্যায়ত এই সমগ্ৰ ঘটনাত অভিনেত্ৰী চুমী বৰা জড়িত থকা বুলি তথ্য লাভ কৰিছিল আৰক্ষীয়ে । ডিব্ৰুগড় আৰক্ষীয়ে চুমী বৰাক ডিব্ৰুগড় সদৰ থানাত হাজিৰ হ'বলৈ নিৰ্দেশ দিছিল যদিও বিশাল ফুকন আটক হোৱাৰ পাচৰে পৰা আত্মগোপন কৰি আছিল চুমী বৰা আৰু তাৰ্কিক বৰাই ।

বিশাল ফুকনে অনলাইন ট্ৰেডিঙৰ নামত সংগ্ৰহ কৰা ধন চুমী বৰা আৰু তাৰ্কিকৰ সৈতে খৰচ কৰাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে । ইয়াৰ সমান্তৰালভাৱে চুমী বৰাৰ ভাতৃ ৰাজীৱ বৰা আৰু তেওঁৰ পত্নী এই পৰ্যন্তও পলাতক হৈ আছে । চুমী ভাতৃৰ সৈতে ঔষধ কোম্পানী আৰম্ভ কৰিছিল অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চক বিশাল ফুকনে । চুমী বৰাৰ পাচত সম্ভৱতঃ তেওঁৰ ককায়েক আৰু বৌয়েকেও আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক : এছ টি এফে আটক কৰি কোনো অজ্ঞাত স্থানত ৰাখিছে চুমী আৰু তাৰ্কিক বৰাক - STF apprehended Sumi Borah

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.