ETV Bharat / state

মহিলাক সুষম খাদ্য খুৱাই ৰাজ্যিক পোষণ মাহৰ আৰম্ভ কৰিলে অজন্তা নেওগে - Nutrition Month

author img

By ETV Bharat Assamese Team

Published : Sep 2, 2024, 9:38 PM IST

Nutrition month in Morigaon: মৰিগাঁৱত চলিত বৰ্ষৰ পোষণ মাহৰ ৰাজ্যিক অভিযানৰ আৰম্ভণি ৷ সোমবাৰে মন্ত্ৰী অজন্তা নেওগে আৰম্ভ কৰে এই অভিযান ৷

State Nutrition Month
ৰাজ্য়িক পোষণ মাহ (X handle Ajanta Neog)

ধিং, 2 ছেপ্টেম্বৰ: ‘‘পৰিপুষ্ট কিশোৰী শক্তিশালী নাৰী’’ এই শ্লোগানেৰে আৰম্ভ হ’ল ৰাষ্ট্ৰীয় পোষণ মাহ । এই পোষণ অভিযান হ’ল এক ৰাষ্ট্ৰীয় অভিযান । ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৭ চনতে আৰম্ভ কৰিছিল এই অভিযান । সমগ্ৰ ভাৰতৰ লগতে অসমতো আজি মৰিগাঁও জিলাৰ তৰুণৰাম ফুকন খেলপথাৰত ৰাজ্যিকভাৱে এই পোষণ অভিযান উদ্বোধন কৰা হয় ।

বিভাগীয় মন্ত্ৰী অজন্তা নেওগে পোষণ অভিযান উদ্বোধন কৰি কয়, ‘‘এই অভিযান অসমত এক গণ আন্দোলন হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰা হৈছে । অসমৰ বহু পিছপৰা তথা চাহ বাগিচা আৰু চৰাঞ্চলত শিশু-মাতৃসকলে পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিব পৰা নাই । গতিকে তেনে অঞ্চলত প্ৰভাৱ পৰে আৰু সকলোৱে যাতে পুষ্টিকৰ আহাৰ গ্ৰহণ কৰে তাৰ বাবে এই অভিযান আৰম্ভ হৈছে ।’’

ৰাজ্য়িক পোষণ মাহ (ETV Bharat Assam)

এই অভিযান যাতে সফল গণ আন্দোলন হিচাপে পৰিৱৰ্তন হয় তাৰেই পৰিবেশ তৈয়াৰ কৰাৰ চেষ্টা কৰি আছে বুলি মন্ত্ৰী অজন্তা নেওগে মন্তব্য আগবঢ়ায় । ৰক্তহীনতা, পুষ্টিহীনতা বিহীন এখন সমাজ গঢ়াৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় পোষণ মাহৰ লগত সংগতি ৰাখি মহিলা আৰু শিশু বিকাশ বিভাগৰ উদ্যোগত মৰিগাঁও জিলাৰ তৰুণৰাম ফুকন খেলপথাৰত অনুষ্ঠিত হয় পোষণ অভিযান ৷

মন্ত্ৰী অজন্তা নেওগে এই অভিযান উদ্বোধন কৰাৰ আগতেই সজাই ৰখা বিভিন্ন সামগ্ৰীৰ প্ৰদৰ্শনী পৰিদৰ্শন কৰে । পেলনীয়া সামগ্ৰীৰে বিভিন্ন ধৰণৰ খেলা সামগ্ৰী তৈয়াৰ কৰা প্ৰদৰ্শনী পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকী আনন্দিত হয় । বিভিন্ন ধৰণৰ সুষম আহাৰ সজাই ৰখা হৈছে প্ৰদৰ্শনীত । এক ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা এই অভিযান ৩০ ছেপ্টেম্বৰলৈকে চলি থাকিব ।

ইপিনে পোষণ অভিযান উদ্বোধনী সভাত মন্ত্ৰী নেওগে কিশোৰী, মাতৃ আৰু শিশুক চেক বিতৰণ কৰে । PMMVY আঁচনিৰ অধীনত মাতৃগৰাকীক চেক প্ৰদান কৰি মন্ত্ৰী অজন্তা নেওগে কয়, ‘‘এনে চেক সমগ্ৰ অসমৰ দুখীয়া গৰ্ভৱতী মহিলাই লাভ কৰি আছে । বিশেষকৈ এই পোষণ মাহতে গৰ্ভৱতী মহিলা প্ৰসূতি মাতৃ, ৩ বছৰৰ পৰা ৬ বছৰৰ শিশু আৰু ১২ বছৰৰ পৰা ১৮ বছৰলৈকে কিশোৰীসকলক সামৰি লোৱা হয় ।’’

লগতে পঢ়ক: কংগ্ৰেছৰ শাসনত টেট শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত কি হৈছিল ? দিল্লীৰ পৰা কোনে বাধা দিছিল টেট শিক্ষক নিযুক্তিত ? - Appointment letter distribution

চৰত কৰ্মৰত শিক্ষকৰ বাবে সুখবৰ দিলে মুখ্যমন্ত্ৰীয়ে - Teachers Transfer Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.