ETV Bharat / state

নগাঁৱত সংবাদ মাধ্যমক নীতি শিক্ষা ৰকিবুল পুত্ৰৰ - প্ৰাৰ্থিত্বকেন্দ্ৰিক যুঁজ

Lok Sabha Election : এইবাৰ সংবাদ মাধ্যমকে নীতি শিক্ষা দিবলৈ আৰম্ভ কৰিলে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ পুত্ৰই । কংগ্ৰেছৰ প্ৰাৰ্থিত্বক লৈ সংবাদ মাধ্যমে বাতৰি প্ৰচাৰ কৰে ৷ কিন্তু বিজেপি, এ জি পিক লৈ বাতৰি সম্প্ৰচাৰ নকৰাৰ অভিযোগ ৰকিবুল পুত্ৰৰ । প্ৰাৰ্থিত্বক লৈ মন্তব্য কৰা এন এছ ইউ আই নেতাৰ মুখ বন্ধ কৰিলে ৰাজ্যিক এন এছ ইউ আইয়ে । নগাঁৱত দলে দিয়া যিকোনো প্ৰাৰ্থিক সমৰ্থন কৰিব ৰকিবুল পুত্ৰই ।

Lok Sabha Election
নগাঁৱত সংবাদ মাধ্যমক নীতি শিক্ষা ৰকিবুল পুত্ৰৰ
author img

By ETV Bharat Assamese Team

Published : Feb 22, 2024, 8:12 AM IST

Updated : Feb 22, 2024, 6:59 PM IST

নগাঁৱত সংবাদ মাধ্যমক নীতি শিক্ষা ৰকিবুল পুত্ৰৰ

নগাঁও, 22 ফেব্ৰুৱাৰী : এখোজ দুখোজ কৈ ৰাজনৈতিক পথাৰত ভৰি দিবলৈ আৰম্ভ কৰিয়েই অসমৰ সংবাদ মাধ্যমক নীতি শিক্ষা দিবলৈয়ো আৰম্ভ কৰিলে প্ৰাক্তন প্ৰভাৱশালী মন্ত্ৰী ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনে । নগাঁও লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ দলৰ প্ৰাৰ্থিত্ব বিচাৰি বৰ্তমানৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ উপৰিও চামগুৰি সমষ্টিৰ বিধায়ক তথা কংগ্ৰেছৰ প্ৰাক্তন প্ৰভাৱশালী মন্ত্ৰী ৰকিবুল হুছেইন আৰু পূৰ্বৰ কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে আবেদন জনাইছে ।

প্ৰাৰ্থিত্বক লৈ কংগ্ৰেছৰ তিনি মহাৰথীৰ মাজত আৰম্ভ হোৱা যুঁজ বৰ্তমান সৰ্বাধিক চৰ্চিত হৈছে ৰাজ্যৰ ৰাজনীতিত । আনকি সংবাদ মাধ্যমতো ব্যাপক প্ৰচাৰ হৈ আছে নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছৰ তিনি মহাৰথীৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক যুঁজৰ বাতৰি । ইয়াকে লৈ যেন তীব্ৰ অসন্তুষ্টি প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ পুত্ৰ তথা অসম ৰাজ্যিক এন এছ ইউ আইৰ সাধাৰণ সম্পাদক তানজিল হুছেইনৰ । সংবাদ মাধ্যমত কি কি বাতৰি প্ৰচাৰ হ’ব লাগে সেয়াও কলে ৰকিবুল পুত্ৰ তানজিলে ।

লগতে পঢ়ক : ধুবুৰী নহয় নগাঁওহে মোৰ পচন্দ: ৰকিবুল হুছেইন

কেৱল এয়াই নহয় নগাঁও লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচৰা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ নাম ধুবুৰী লোকসভা সমষ্টিৰ বাবে চর্চা চলি থকা সন্দৰ্ভত বুধবাৰে গুৱাহাটীত ৰকিবুল হুছেইনে একপ্ৰকাৰ আত্মসমৰ্পণৰ দৰে মন্তব্য কৰাৰ পিচতেই নগাঁৱত এন এছ ইউ আইৰ এক সংবাদমেলত নগাঁও লোকসভাৰ প্ৰাৰ্থিত্বক লৈ মন্তব্য কৰে ৰকিবুল পুত্ৰ তানজিল হুছেইনে । নগাঁৱত দলে দিয়া যিকোনো প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ কথা উল্লেখ কৰে তানজিল হুছেইনে ।

ইপিনে নগাঁও লোকসভা সমষ্টিৰ বাবে এন এছ ইউ আইৰ দুই গোটে মঙলবাৰে পৃথকে পৃথকে সংবাদ মাধ্যমৰ সন্মুখত প্ৰদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈৰ প্ৰাৰ্থিত্ব দাবী কৰি এন এছ ইউ আইৰ দুই লবী স্পষ্ট কৰিছিল । তাৰ পিচতেই এইক্ষেত্ৰত কঠোৰ হৈছে অসম ৰাজ্যিক এন এছ ইউ আই ।

মঙলবাৰে নিশাই কংগ্ৰেছৰ ভাতৃ সংগঠনটোৰ প্ৰতিগৰাকী নেতালৈ প্ৰাৰ্থিত্বক লৈ কোনো মন্তব্য নকৰিবলৈ নিৰ্দেশ জাৰি কৰিছে অসম ৰাজ্যিক এন এছ ইউ আইয়ে । বুধবাৰে নগাঁও প্ৰেছ ক্লাৱত এক সংবাদমেল আয়োজন কৰি এই কথা প্ৰকাশ কৰিলে অসম ৰাজ্যিক এন এছ ইউ আইৰ সভাপতি কৃষাণু বৰুৱাই ।

লগতে পঢ়ক : ধিঙত কংগ্ৰেছ নেতাৰ ৰাজহুৱা ঘোষণা: নগাঁৱৰ পৰাই সাংসদ হ’ব গৌৰৱ গগৈ

Last Updated : Feb 22, 2024, 6:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.