ETV Bharat / state

বাজেটক আদৰণি ৰাজ্যিক বিজেপিৰ - বিত্তমন্ত্ৰী অজন্তা নেওগ

Assam Budget 2024-25 : আজি বিধানসভাত দাখিল কৰা হ’ল ২০২৪-২৫ বৰ্ষৰ বাজেট ৷ বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰা এই বাজেটক আদৰণি জনায় শাসকীয় দল বিজেপিয়ে ৷

Assam Budget 2024-25
বাজেটক আদৰণি ৰাজ্যিক বিজেপিৰ
author img

By ETV Bharat Assamese Team

Published : Feb 12, 2024, 7:25 PM IST

গুৱাহাটী, ১২ ফেব্ৰুৱাৰী : বিত্তমন্ত্ৰী অজন্তা নেওগে আজি বিধানসভাত দাখিল কৰা ২০২৪-২৫ বৰ্ষৰ বাজেটক আদৰণি জনাইছে শাসকীয় দল বিজেপিয়ে । বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয় যে অসমৰ সৰ্বস্তৰৰ জনগণৰ আশা-আকাংক্ষাৰ লগতে এখন আত্মনিৰ্ভৰশীল তথা সমৃদ্ধিশালী অসম গঢ়ি তোলাৰ প্ৰতি লক্ষ্য আগত ৰাখি আজি সদনৰ মজিয়াত বিত্তমন্ত্ৰী অজন্তা নেওগে ২০২৪-২৫ বৰ্ষৰ বাজেট দাখিল কৰে ।

সভাপতি কলিতাই বাজেটক আদৰণি জনাই কয় যে এই বাজেটখন এখন সৰ্বাংগ উন্নয়ন তথা জনমুখী আৰু আন্তঃগাঁথনিমুখী বাজেট । ৰাইজৰ সৰ্বাংগীন বিকাশ তথা দ্ৰুত উন্নয়নৰ স্বাৰ্থত আজিৰ বিত্তীয় বাজেটত মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আচঁনি, অসম মালা ২.০ আঁচনিৰ জৰিয়তে পথসমূহ দ্ৰুত গতিত নিৰ্মাণ কৰাৰ বাবে কেইবা হাজাৰ কোটি টকা ধার্য কৰা হৈছে ।

তদুপৰি গ্ৰাম্য মহিলা উদ্যোগী সৱলীকৰণৰ পদক্ষেপৰে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি, অসম মাইক্ৰ ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ জৰিয়তে অসমৰ নাৰী শক্তিক ধাৰ মুক্ত কৰি তুলিবলৈ তৃতীয় পৰ্যায়ত কেইবা হাজাৰ কোটি টকা ধার্য কৰা হৈছে ।

লগতে পঢ়ক : হিতাধিকাৰী আঁচনিৰে কোনো চৰকাৰে কোনো ভাল বাজেট দিব নোৱাৰে: বিৰোধী

আনহাতে মুখ্যমন্ত্ৰী মাইনা আঁচনিৰ জৰিয়তে উচ্চ শিক্ষাৰ নামভৰ্তিৰ বাবে ১০ লাখ ছাত্ৰীক উদগনিমূলক আৰ্থিক বিত্তীয় অনুদান আগবঢ়োৱা হ'ব ৷ পৌৰসভাত নিয়োজিত চাফাই কৰ্মচাৰী সকলৰ বাবে গৃহ নিৰ্মাণ, গ্ৰাম্য অঞ্চলৰ আত্মসহায়ক গোটৰ মহিলা সদস্যক ১০ হাজাৰ টকা প্ৰদান, কেইবাশ কোটি টকা ব্যয়েৰে ষ্টেডিয়াম নিৰ্মাণ, চৰকাৰী তথা ব্যক্তিগত গৃহত সৌৰ শক্তিৰ ব্যৱস্থাপনাৰ বাবে বাজেটত ধন ধাৰ্য কৰা হৈছে ।

ৰাজ্যিক সভাপতিগৰাকীয়ে কয় যে এই জনমুখী বাজেটখনে অনাগত দিনবোৰত ৰাজ্যখনক আৰু অধিক আগবঢ়াই নিয়াৰ লগতে অসমৰ অৰ্থ ব্যৱস্থাৰ ভেঁটি অধিক শক্তিশালী তথা সুদৃঢ় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব । কলিতাই লগতে অসমবাসীক এখন সৰ্বগতিশীল বাজেট প্ৰদান কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিত্তমন্ত্ৰী অজন্তা নেওগক আন্তৰিক ধন্যবাদ জনায় ।

লগতে পঢ়ক : ৭৭৪.৪৭ কোটি টকাৰ ঘাটি বাজেট দাখিল বিত্তমন্ত্ৰী অজন্তা নেওগৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.