ETV Bharat / state

ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অচলাৱস্থা : চিকিৎসক নাই, হাহাকাৰ ৰোগীৰ - Primary Health Centre Tingkhong

author img

By ETV Bharat Assamese Team

Published : May 20, 2024, 10:05 PM IST

Shortage Of Required Doctors: পলমকৈ আহি ৰোগী নোচোৱাকৈ ঘূৰি গ'ল চিকিৎসক ৷ টিংখাং ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অচলাৱস্থা। ঘূৰাই দিলে OPD টিকটৰ মূল্য ৷

Shortage Of Required Doctors
ৰোগী নোচোৱাকৈ ঘূৰি গ'ল চিকিৎসক (ETV BHARAT ASSAM)

টিংখাং ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অচলাৱস্থা (ETV BHARAT ASSAM)

ডিব্ৰুগড়, 20 মে’ : জিলাই জিলাই চিকিৎসা মহাবিদ্যালয় খোলাৰ বাবে ৰাজ্য চৰকাৰে তৎপৰতা দেখুৱাৰ সময়ত টিংখাঙত চিকিৎসকৰ অভাৱতে ৰোগীয়ে হাহাকাৰ কৰিব লগা হৈছে ৷ সোমবাৰে চৰম অচলাৱস্থাই বিৰাজ কৰে টিংখাং ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৷ পুৱাৰে পৰা ৰোগীৰে ভৰি থকা চিকিৎসালয়খনত দুপৰীয়া পৰ্যন্ত নাই এজনো চিকিৎসক ৷ বহিঃ বিভাগৰ টিকট ক্ৰয় কৰি শাৰী পাতি থকা ৰোগী চাবলৈ নাই চিকিৎসক ৷

অভিযোগ অনুসৰি চিকিৎসালয়খনৰ চিকিৎসকৰ দায়িত্বত থকা চিকিৎসক ডাঃ পিতাম্বৰ তাঁতীয়ে দুপৰীয়া চিকিৎসায়খনলৈ আহে যদিও এজনো ৰোগী নোচোৱাকৈ পুনৰ চিকিৎসালয়খনৰ পৰা ঘূৰি যায় ৷ চিকিৎসকজনৰ এনে কাণ্ডত হাহাকাৰ কৰিব লগা হয় পুৱাৰে পৰা অপেক্ষা কৰি থকা ৰোগী সকলে ৷ বৃহত্তৰ টিংখাং অঞ্চলৰ একমাত্ৰ চিকিৎসা কেন্দ্ৰটোত সৃষ্টি হোৱা এনে পৰিস্থিতিত বিপাঙত পৰা ৰোগী সকল ততাতৈয়াকৈ অন্য চিকিৎসালয়লৈ ঢাপলি মেলিব লগা হয় ৷

আনহাতে পুৱাই টিকট ক্ৰয় কৰা ৰোগী সকলক পুনৰ টিকটৰ মূল্য ঘূৰাই দিবলৈ বাধ্য হয় চিকিৎসালয়খনৰ কৰ্তৃপক্ষই ৷ জানিব পৰা অনুসৰি চিকিৎসকজন দেৰিকৈ চিকিৎসালয়ত উপস্থিত হোৱাত ৰোগীৰ লগত যোৱা এজন যুৱকে চিকিৎসকজনক প্ৰশ্ন কৰাৰ লগতে ভিডিঅ' সংগ্ৰহ কৰিছিল ৷ ইয়াতে ক্ষুন্ন হৈ পৰে চিকিৎসকজন ৷ ইয়াৰ পাচতে চিকিৎসকজন চিকিৎসালয়ৰ আন কৰ্মচাৰীৰ হাতত এখন পদত্যাগ পত্ৰ দি ৰোগী নোচোৱাকৈ ওলাই যায় বুলি অভিযোগ উত্থাপন হৈছে ৷ ৰোগীৰ জীৱনক লৈ হেতালি খেলা এনে চিকিৎসকৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে ৰোগীৰ আত্মীয়ৰ লগতে স্থানীয় দল- সংগঠন সমূহ ৷ এনে দায়িত্বজ্ঞানহীন চিকিৎসকৰ বিৰুদ্ধে স্বাস্থ্য বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়াহে লক্ষ্যণীয় হ'ব ৷

লগতে পঢ়ক : অইল ইণ্ডিয়াৰ বিৰুদ্ধে গৰজি উঠিল ৰাজ্যৰ জাতীয় সংগঠন - Protest Against Oil India

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.