ETV Bharat / state

মুৰুলী বৰা; গুৰু-শিষ্যৰ মণিকাঞ্চন সংযোগৰ এক উৎকৃষ্ট উদাহৰণ - TEACHERS DAY 2024

author img

By ETV Bharat Assamese Team

Published : Sep 5, 2024, 7:43 AM IST

A Tale of an Ideal Teacher : শিক্ষক- এই তিনিটা অক্ষৰৰ বিশেষ শব্দটোত অন্তৰ্নিহিত হৈ আছে এক গূঢ়াৰ্থ । 'শি'- অৰ্থাৎ শিষ্টাচাৰ; 'ক্ষ' অৰ্থাৎ ক্ষমা; 'ক' অৰ্থাৎ কৰুণা । এই তিনিটা গুণৰ সমাহাৰ আৰু মূৰ্ত প্ৰকাশ হৈছে এগৰাকী আজীৱন শিক্ষক মুৰুলী বৰা । শিক্ষকতাক জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰি গুৰু-শিষ্যৰ মণিকাঞ্চন সংযোগৰ বাবে অহৰহ লাগি অহা এইগৰাকী গুৰুৰ শিক্ষকতা জীৱনৰ সামৰণি পৰিবলৈ মাজত মাথোঁ কেইটামান দিন বাকী । আজি এই শিক্ষক দিৱসত এসময়ৰ দুৰ্গম কাৰ্বি আংলঙৰ ৰঙাগৰালৈ দেওপানী নৈ গামোচা পিন্ধি পাৰ হৈ শিক্ষকতা কৰা মুৰুলী বৰাই শিক্ষকতাৰ জৰিয়তে কি দিলে, কি পালে তাৰেই এক সমীকৰণ ।

A Tale of an Ideal Teacher
গুৰু-শিষ্যৰ মণিকাঞ্চন সংযোগৰ এক উৎকৃষ্ট উদাহৰণ (ETV Bharat Assam)

কলিয়াবৰ, ৫ ছেপ্টেম্বৰ : আজি শিক্ষক দিৱস। শিক্ষক বুলি ক'লে যেনে এখন ছবি মনলৈ ভাহি আহে, তেনে এক অসাধাৰণ ব্যক্তিত্বৰ গৰাকী হৈছে এগৰাকী শিক্ষক । নাম মুৰুলী বৰা ৷ শিক্ষকতা বৃত্তি নহয়, ই এক সেৱা; সেই মনোভাবেৰেই সুদীৰ্ঘকাল এই পবিত্ৰ সেৱাত নিয়োজিত হৈ বিদায় বেলাত উপস্থিত হৈছেহি মুৰুলী বৰা ।

মুৰুলী বৰা; গুৰু-শিষ্যৰ মণিকাঞ্চন সংযোগৰ এক উৎকৃষ্ট উদাহৰণ (ETV Bharat Assam)

চলিত মাহৰ শেষৰ তাৰিখটোতেই চৰকাৰী নিয়ম মতে তেওঁ অৱসৰ ল'ব । নগাঁও আৰু কাৰ্বি আংলং জিলাৰ সীমামূৰীয়া চুচেনধেণ্টা পৰিষদীয় সমষ্টিৰ অপ্ৰাদেশিকৃত ৰঙাগৰা উচ্চ মাধ্যমিক বিদ্যালয়ত ১৯৮৯ চনতেই শিক্ষক হিচাপে নিয়োজিত হৈছিল কলিয়াবৰৰ হাটবৰৰ দাঁতকটা গাঁৱৰ নিৱাসী তথা বিজ্ঞানৰ স্নাতক মুৰুলী বৰা ।

কাৰ্বি আংলঙৰ এক পিছপৰা অঞ্চলৰ ছাত্ৰ-ছাত্ৰী তথা সমাজ জীৱনৰ লগত একাত্ম হৈ কেৱল বিদ্যালয়ৰ চাৰিবেৰৰ মাজতে নিজকে আৱদ্ধ ৰখা নাই এইগৰাকী দিকদৰ্শী শিক্ষাগুৰুৱে । ছাত্ৰ-ছাত্ৰীক সকলো দিশতে আগবঢ়াই নিয়াৰ বাবে যত্ন লয় তেওঁ । শিক্ষকতাক প্ৰকৃত সেৱাৰূপে গ্ৰহণ কৰা ৰঙাগৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মুৰুলী বৰাই ছাত্ৰ-ছাত্ৰীক পাঠ্যক্ৰমৰ শিক্ষাৰ লগতে সমাজিক, প্ৰাকৃতিক, সাংস্কৃতিক, ক্ৰীড়াকে আদি কৰি প্ৰায় সকলো দিশতে আগবঢ়াই লৈ গৈছে ।

সাধাৰণতে কাৰ্বি বসতিপ্ৰধান অঞ্চলটোত উচ্চ মাধ্যমিক বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকল স্বভাৱতে অন্তৰ্মুখী, বিভিন্ন অভাৱ-অভিযোগেৰে ভাৰাক্ৰান্ত । ছাত্ৰ-ছাত্ৰীসকলৰ এনে স্পৰ্শকাতৰ দিশসমূহ বুজি উঠি তেওঁলোকৰ ব্যক্তিত্ব বিকাশৰ বাবে বিভিন্ন পন্থা অৱলম্বন কৰি সহকৰ্মী শিক্ষকসকলৰ সহযোগত তেওঁ এক অসাধাৰণ কাৰ্য সাধন কৰিছে বুলিব পাৰি । বিদ্যালয়ত প্ৰায় প্ৰতিটো পালনীয় দিৱস ব্যতিক্ৰমী ৰূপত পালন কৰি আহিছে এইগৰাকী ভৱিষ্যদৰ্শী শিক্ষকৰ নেতৃত্বত ।

বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে কাৰ্বি গীত-মাতৰ চৰ্চা কৰাৰ লগতে ভাষাৰ সমস্যা নেওচি ৰাষ্ট্ৰীয় সংগীত, অসম সংগীত, জ্যোতি সংগীত, বিষ্ণুপ্ৰসাদ ৰাভা সংগীত, ভূপেন্দ্ৰ সংগীত গোৱাৰ প্ৰয়াস কৰি সংগীতৰ মহাসংগ্ৰামত স্থান লাভ কৰিবলৈও সক্ষম হৈছে । বিদ্যালয়ৰ চৌহদত স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱস, শ্ৰীমন্ত শংকৰদেৱৰ তিথি, ছাত্ৰ-ছাত্ৰীৰ জন্মদিন আদিও তেওঁৰ নেতৃত্বতে অতি উলহ-মালহেৰে পালন কৰা হয় ।

হালোৱা-হজুৱা, শিপিনী-বাঢ়ৈক লগত লৈ পালন কৰে বিষ্ণু প্ৰসাদৰাভা দিৱস, যেন সাম্যবাদৰ এগৰাকী প্ৰচাৰকহে । বিজ্ঞান শিক্ষাক ছাত্ৰ-ছাত্ৰীৰ মাজত জনপ্ৰিয় কৰি তুলি বিজ্ঞান প্ৰদৰ্শনীত আৰ্হি প্ৰস্তুত কৰি পুৰস্কৃতও হৈছে এই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ।

শিক্ষকতা জীৱনৰ বিদায় বেলাত উপনীত হৈ অতীত মাধুৰি ৰোমন্থন কৰি পুলকিত হৈ উঠিলেও, বিদ্যালয়খনৰ পৰা চৰকাৰী নিয়ম পালন কৰি কায়িকভাৱে বিদায় ল’লেও বিদ্যালয়খনৰ মৰম আৰু স্থানীয় ৰাইজৰ আগ্ৰহ হয়তো নেওচিব নোৱাৰিব এইগৰাকী আজন্ম শিক্ষাগুৰুৱে । সেয়ে মনত কিছু পৰিকল্পনাও পুহি ৰাখিছে মুৰুলী বৰাই । আজিৰ এই শিক্ষক দিৱসৰ পৱিত্ৰ দিনটোত 'গুৰু তোমাক প্ৰণাম' ।

লগতে পঢ়ক :প্ৰাক্তন কাৰ্বি বিদ্ৰোহীৰ বিৰুদ্ধে থকা সকলো গোচৰ প্ৰত্যাহাৰৰ দাবী সংবিজিতৰ - Karbi peace accord
লগতে পঢ়ক :বিত্তীয় সাক্ষৰতা কি ? ষ্টক মাৰ্কেটত ট্ৰেডিঙৰ বাবে বিত্তীয় সাক্ষৰতাৰ কিমান প্ৰয়োজন ? - WHAT IS ONLINE TRADING

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.