ETV Bharat / state

গৌৰৱময় ইতিহাস সামৰি থকা ৰূপনগৰৰ বিষয়ে আপুনি জানেনে ? - SEVA MANDIR RUPNAGAR

গুৱাহাটীৰ এক বিশেষ স্থান । গৌৰৱময় ইতিহাস সামৰি আছে সেই স্থানে । সেই স্থানৰ পৰিৱৰ্তন সম্পৰ্কে এক প্ৰতিবেদন ।

Special report on the Seva Mandir of the history-rich Rupnagar in Guwahati
ৰূপনগৰৰ বিষয়ে আপুনি জানেনে ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 3, 2024, 10:03 AM IST

গুৱাহাটী : গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ এক স্থান । যাৰ আছে এক গৌৰৱময় ইতিহাস । চিৰসেউজ বিশাল ঠাইডোখৰত মহামানৱ মহাত্মা গান্ধীকে আদি কৰি বহু স্বনামধন্য ব্যক্তিয়ে পদার্পণ কৰি গৈছে । বহুজন চিৰনমস্য ব্যক্তিৰ সান্নিধ্যৰে মহীয়ান এই ঠাইডোখৰৰ নাম হ'ল সেৱা মন্দিৰ ।

সেউজীয়াৰ মাজত সেৱাৰ মনোভাৱেৰে গঠন হোৱা ঠাইডোখৰ এতিয়া কংক্রিটৰ মহানগৰীত পৰিণত হৈছে । তথাপিও কিছু কিছু সম্পদৰাজীয়ে আজিও সেৱা মন্দিৰৰ ঐতিহ্য জীয়াই ৰাখিবলৈ সক্ষম হৈছে ।

  • ৰূপনগৰ সেৱা মন্দিৰৰ ইতিবৃত্ত :

সম্প্রতি মহানগৰীৰ মাজমজিয়া ৰূপনগৰস্থিত সেৱা মন্দিৰৰ ইতিবৃত্ত সম্পর্কে এসময়ৰ হেদায়েৎপুৰস্থিত সেৱা দলৰ প্রাক্তন সচিব, ৰূপনগৰ উন্নয়ন সমিতিৰ সভাপতি, বিশিষ্ট সমাজকর্মী কুমুদ চন্দ্র ডেকাই ইটিভি ভাৰতৰ আগত কয়, "চাওঁতে চাওঁতে চকুৰ আগতে সেউজীয়া ঐতিহ্যমণ্ডিত সেৱা মন্দিৰৰ বহু পৰিৱর্তন হ'ল ।’’

ৰূপনগৰৰ বিষয়ে আপুনি জানেনে ? (ETV Bharat Assam)

‘‘পূর্বে এই বিশাল ঠাইডোখৰৰ নাম আছিল সেৱাশ্রম উলুবাৰী গুৱাহাটী-৭ । বর্তমান ঠাইডোখৰৰ নাম সেৱা মন্দিৰ, ৰূপনগৰ, গুৱাহাটী-৩২ । এতিয়া মাথোঁ ইয়াত স্মৃতিৰ চিন হিচাপে এটা ডাঙৰ সভাগৃহ আৰু দুটা অসম আৰ্হিৰ ঘৰ আছে সেয়াও আন বিভাগৰ দখলত ।’’ তেওঁ কয় ৷

‘‘অসমত জাতিৰ পিতা মহাত্মা গান্ধীৰ নামত থকা অনুষ্ঠানসমূহৰ অধিকাংশ ইয়াতেই আছে । মহাত্মা গান্ধীয়ে অসম ভ্ৰমণ কৰাৰ সময়ত মহাত্মা গান্ধী এই স্থানলৈ আহিছিল । কংগ্ৰেছ কৰ্মী সকলৰ লগত আলোচনাত মিলিত হৈছিল বুলি শুনা যায় ।" তেওঁ কয় ৷

  • সেই সময়ত কি কি আছিল সেই স্থানত :

ডেকাই লগতে কয়, "দুটা ডাঙৰ পুখুৰী, শাৰী শাৰী নাৰিকল গছ, য'ত এটা সময়ত টোকোৰা চৰায়ে বাহ সাজিছিল । আম, জাম, কঁঠাল, পনীয়ল, বকুল, মহানিম, গোলাপ আদি নানা ফুল, নেমুটেঙা আদিৰে ভৰি আছিল ৷ লগতে এখন কলগছৰ বাগান, কুঁহিয়াৰ মধুৰিআমেৰে ভৰি আছিল ।"

  • কি কি অনুষ্ঠান প্ৰতিষ্ঠান আছিল এই স্থানত :

এই সন্দৰ্ভত তেওঁ কয়, "প্রায় ১৯৪৯ চনত কংগ্রেছ নির্মাণ সমিতি নামৰ 'নিখিল ভাৰত কংগ্ৰেছ কমিটী'ৰ অসম প্রদেশ কংগ্রেছ অন্তর্গত এখন কমিটী আছিল । আধা মুক্তিযোদ্ধা আৰু আধা কংগ্রেছ কমিটী সাধাৰণ সদস্য ইয়াত জড়িত আছিল । তেতিয়া অসমৰ ৰাজধানী শ্বিলঙত আছিলে । মুখ্যমন্ত্রী আছিল গোপীনাথ বৰদলৈ । উত্তৰ-পূর্বাঞ্চলৰ দুৱাৰমুখ হিচাপে আৰু কামৰূপ জিলাৰ সদৰ হিচাপে ইয়াত বাণিজ্যিক ৰাজধানী আছিল । সেয়েহে জাতিৰ পিতা মহাত্মা গান্ধীয়ে পৰামর্শ কৰা এই ঠাইডোখৰ গ্রাম স্বৰাজৰ গান্ধীৰ আঁচনি অনুযায়ী খাদী গ্রামোদ্যোগ, কুটিৰ শিল্প, কংগ্রেছ কার্যালয়, কংগ্রেছ কর্মীসকলৰ গৃহ, চাহবাগান ফেক্টৰী, টাইলচ ফেক্টৰী, ট্রাংক ফেক্টৰী আদি আছিল ।"

লগতে বিশিষ্ট সমাজকৰ্মীগৰাকীয়ে কয়, "এই বিশাল ভূমিত প্রায় ৭২ বিঘা মাটি আছিল । মেটেকা, উলুকনৰে ঠাইডোখৰ পুখুৰীৰ মাটি কাটি ওখ কৰি অনুষ্ঠান-প্রতিষ্ঠান সাজিছিল । ইয়াত অগাধ স্থাবৰ-অস্থাবৰ সম্পত্তি আছিল । গান্ধীবাগত গান্ধীজীৰ ব্ৰঞ্জৰ প্রতিমূর্তি, বাদ্যযন্ত্র, ডাঙৰ ডাঙৰ বাচন-বর্তন ইত্যাদি আছিল । প্রায় ১৯৬০ চনৰ পৰা ইয়াত একত্রিত হৈ থকা অনুষ্ঠান-প্রতিষ্ঠান গুৱাহাটীৰ বিভিন্ন স্থানলৈ আঁতৰি যায় ।"

ডেকাই কয়, "প্রদেশ কংগ্রেছৰ মুখ্য কার্যালয় হেদায়েৎপুৰত, গান্ধী গ্রামবোর্ড চানমাৰিত আৰু অন্যান্য ক্ষুদ্র উদ্যোগ ইয়াৰ পৰা আঁতৰি গ'ল । ইয়াত মহাত্মা গান্ধীৰ লগত অহা বিজুলী সিং নামৰ এগৰাকী বিহাৰী সম্প্রদায়ৰ চকীদাৰ আৰু নবীন গোস্বামী নামৰ এগৰাকী কংগ্রেছ সম্পাদক আছিল । মুক্তিযুঁজাৰুৰ সাধাৰণ ঘৰটোত আৰু পুথিভঁৰালত কেইগৰাকীমান মানুহ আছিল । কিন্তু উন্মুক্ত এই বিশাল ভূমি আৰু সম্পত্তিবোৰ লাহে লাহে চুৰি হ'বলৈ ধৰিলে । আনকি এচাম মানুহে মাটি দখল কৰিবলৈ আহিল ।"

ইয়াৰোপৰি তেওঁ কয়, "ৰাজধানী শ্বিলঙত থকা সময়তে সেই সময়ৰ মুখ্যমন্ত্রী মহেন্দ্র মোহন চৌধুৰী গুৱাহাটীলৈ আহি প্রদেশ কংগ্রেছৰ সেৱাদলৰ কর্মকর্তাসকলক লৈ এখন কমিটী পাতি হেদায়েৎপুৰত থকা প্রদেশ সেৱাদলৰ সচিব অর্থাৎ মোক সেৱা মন্দিৰৰ দায়িত্ব দি অসমৰ বিভিন্ন জিলাৰ পৰা সেৱাদলৰ কর্মীসকলক আনি প্রায় ১৮গৰাকীক ইয়াত ৰখা হ'ল আৰু চৰকাৰে কৃষি ফার্ম খুলি পানী, বীজ, টেক্টৰেৰে সহায় কৰি দিলে । লগতে প্রদেশ কংগ্রেছ কমিটীয়ে কিছু সাহায্য দি ইয়াত থকা সেৱাদলৰ কর্মীসকলক সহায় কৰি থাকিল । এনেতে ৰাজধানী গুৱাহাটীলৈ অনাৰ প্রস্তুতি চলিল । আনপিনে ভাৰতীয় জাতীয় কংগ্রেছ দুভাগ হ'ল ।"

সময়ৰ হেদায়েৎপুৰস্থিত সেৱাদলৰ প্রাক্তন সচিবগৰাকীয়ে লগতে কয়, "সেই সময়তে সেৱাদলৰ কর্মীসকলৰ সহায় কৰোঁতাৰ অভাৱ হ'ল । ৰাজধানী গুৱাহাটীলৈ অহাৰ পাছত বিভিন্ন বিভাগ, অনুষ্ঠান-প্রতিষ্ঠান আদিয়ে এই অঞ্চলত ঘৰ আৰু মাটি বিচাৰিব ধৰিলে । কংগ্রেছৰ নামত থকা বিশাল মাটি মুখ্যমন্ত্রী শৰৎ সিংহৰ দিনত অসম ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলন, স্বতন্ত্র সেনানি ভৱন, ভাৰতীয় সমাজ কল্যাণ পৰিষদ (অসম ৰাজ্যিক শাখা), অসম ৰাষ্ট্রভাষা প্ৰচাৰ সমিতি, প্রজাপিতা ব্রহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়, অসম বেদ বিদ্যালয়, প্রাচ্যবিদ্যা নিকেতন প্রাথমিক বিদ্যালয়, অংগনৱাড়ী প্রশিক্ষণ কার্যালয়, ৰূপনগৰ সাহিত্য শাখা কার্যালয়, ৰূপনগৰ হাইস্কুল, শ্রীমন্ত শংকৰদেৱ কেন্দ্রীয় নামঘৰ আদিৰে ভৰি আছে এই অঞ্চল । বহু কার্যালয় উক্ত অঞ্চলৰ পৰা বুকুত বিলীন হৈ গ'ল । সময়ৰ বুকুত নানা পৰিৱৰ্তন আহিল অঞ্চলত। এসময়ৰ নদন-বদন ঠাই টুকুৰা এতিয়া কংক্রিটৰ মহানগৰীত পৰিণত হ'ল ।"

লগতে পঢ়ক: ছিন্নমুণ্ডই আনিলে সুনীল গগৈকাণ্ডত টুইষ্ট: ৰহস্যভেদ কেতিয়া ?

বিধায়ক নিজামুদ্দিন চৌধুৰীক এ আই ইউ ডি এফৰ পৰা নিলম্বন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.