হোজাই,১২ মাৰ্চ : আজিৰে পৰা ইছলামধৰ্মী লোকসকলৰ পৱিত্ৰ ৰমজান মাহ আৰম্ভ । যাৰ লগত সংগতি ৰাখি মছজিদবোৰত ৰমজানৰ বিশেষ নামাজৰ ব্যৱস্থা কৰা হৈছে । এই পৱিত্ৰ মাহ ইছলামধৰ্মী লোকসকলৰ বাবে অতি বিশেষ । ইছলামধৰ্মী লোকসকলে ইয়াক শান্তিৰ মাহ হিচাপে গণ্য কৰে । মাহজোৰা ৰোজাৰ অন্তত ইছলামধৰ্মী লোকসকলে ঈদৰ আয়োজন কৰা হয় ।
ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে ইছলামধৰ্মী লোকসকলে ৰোজা আৰম্ভ কৰিছে । ইছলাম ধৰ্মৰ হিজৰী কেলেণ্ডাৰ মতে ৩৫৪ দিনৰ মূৰে মূৰে চন্দ্ৰকলা হয় আৰু সেই উপলক্ষে ৰমজান মাহ উদযাপন কৰা হয় । আকাশত ন-জোন দেখাৰ লগে লগে ৰমজান মাহৰ পূৰ্বাভাষ পোৱা যায় । ছৌদি আৰৱত ন-জোন দেখাৰ লগে লগে ভাৰতকে ধৰি এছিয়াৰ দেশসমূহত আৰম্ভ হয় ৰমজান মাহ । এই পবিত্ৰ মাহত মুছলমানসকলে ৩০ দিন ৰোজা বা উপবাসে থাকে আৰু আল্লাৰ নামত আধ্যাত্মিকভাৱে নিজকে নিয়োজিত কৰে । ইছলামধৰ্মী লোকসকলে চেহৰি আৰু সন্ধিয়াৰ পিচত ইফতাৰ গ্ৰহণ কৰে ।
অসমৰ বিভিন্ন প্ৰান্তৰ মছজিদত বিশেষ নামাজৰ আয়োজন কৰা হৈছে । হোজাই জিলাৰ লংকাজান নতুন বাজাৰ জামে মছজিদতো দুপৰীয়াৰ জহুৰ নামাজ আদায় কৰি বিশ্ব শান্তিৰ কামনা কৰা হয় । যাক লৈ নাখুটি অঞ্চলৰ লোকসকল যথেষ্ট ব্যস্ত হৈ পৰিছে । ইফালে মছজিদবোৰত সমূহীয়া ইফতাৰৰো আয়োজন কৰা হৈছে ।
ইফালে মাহজোৰা ৰোজাৰ অন্তত ঈদৰ আয়োজনৰ বাবে সাজু হৈছে ইছলামধৰ্মী লোকসকল । ঈদ উপলক্ষে বিভিন্ন কাৰ্যসূচীৰো আয়োজন কৰা হ'ব ।
লগতে পঢ়ক :'কা'ৰ বিৰুদ্ধে প্রতিবাদমুখৰ গুৱাহাটীকে ধৰি সমগ্ৰ ৰাজ্য