ETV Bharat / state

ভাৰত-ভূটান সীমান্তত মেলেৰীয়া প্ৰতিৰোধৰ বাবে বিশেষ বৈঠক - Malaria cases in Assam - MALARIA CASES IN ASSAM

Malaria cases in Assam: চিৰাঙত ভাৰত-ভূটান চৰকাৰৰ মেলেৰীয়া নিৰ্মূল সম্পকীয় বৈঠক সম্পন্ন । ভূটানৰ স্বাস্থ্য সচিবৰ সৈতে ৯ জনীয়া দল শুকুৰবাৰে উপস্থিত হয় চিৰাঙত । ভূটান সীমান্তৰ মেলেৰীয়া প্ৰতিৰোধৰ বাবে দুয়োখন দেশে যৌথভাৱে কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় উক্ত বৈঠকত ।

Special meeting for malaria prevention along Indo-Bhutan border in Chirang
চিৰাঙত ভাৰত ভূটান সীমান্তত মেলেৰীয়া প্ৰতিৰোধৰ বাবে বিশেষ বৈঠক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 23, 2024, 8:55 PM IST

চিৰাং,২৩ আগষ্ট: মেলেৰীয়া ৰোগ প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বহু পদক্ষেপ । চিৰাং জিলাতো প্ৰশাসনে গ্ৰহণ কৰিছে বহু পদক্ষেপ । ইয়াৰ মাজতে শুকুৰবাৰে চিৰাং জিলা আয়ুক্তৰ কাৰ্যালয়ত ভূটান চৰকাৰৰ স্বাস্থ্য সচিবৰ সৈতে ভাৰত-ভূটান সীমান্তত মেলেৰীয়া ৰোগ প্ৰতিৰোধ সন্দৰ্ভত অনুষ্ঠিত হয় এখন গুৰুত্বপুৰ্ণ সভা । উক্ত সভাত মেলেৰীয়া প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা হয় কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।

ভাৰত-ভূটান সীমান্তত মেলেৰীয়া প্ৰতিৰোধৰ বাবে বিশেষ বৈঠক (ETV Bharat Assam)

এই বিশেষ সভাখনত উপস্থিত থাকে ভূটান চৰকাৰৰ স্বাস্থ্য সচিব দাচো পেমা ৱাংচুক, স্বাস্থ্য বিভাগৰ মুখ্য আয়োজক ডেকি য়াংজোম, প্ৰগ্ৰেম বিষয়া চোৰটেম নামগ, স্বেৰপাং জিলাৰ উপ-মুখ্য স্বাস্থ্য বিষয়া উগায়েন দৰ্জি, প্ৰগ্ৰাম বিষয়া উগায়েন জাংপো, গেলেফুৰ স্বাস্থ্য অধীক্ষক ডাঃ চোয়েদা গায়েল্টচেমসহ অসমৰ বিশ্ব স্বাস্থ্য সংস্থাৰ বিষয়া ভূপেন্দ্ৰ কৌৰ, চিৰাং জিলাৰ আয়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডীসহ জিলা স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰীসকল ।

বিয়লি ৪ বজাত চিৰাং জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সভাত মুলত দুয়োখন দেশত মেলেৰীয়া নিৰ্মূলৰ বাবে যৌথভাৱে কাম কৰাৰ বিষয়ে আলোচনা কৰা হয় বুলি জনাই দুয়ো দেশৰ বিষয়াসকলে । এইখিনিতে উল্লেখ্য যে চিৰাং জিলাৰ ভূটান সীমান্তৰ ৮৬ জনকৈ লোক চলিত বৰ্ষত মেলেৰীয়াত আক্ৰান্ত হৈছিল । জিলাখনৰ ভূটান সীমান্তৰ শান্তিপুৰ, ৰুণীখাটা আৰু গৰুভাষা অঞ্চলত মেলেৰিয়া আক্ৰান্তৰ সংখ্যা অধিক হোৱা দেখা গৈছিল ।

মেলেৰীয়া প্ৰতিৰোধৰ বাবে জিলা মেলেৰিয়া নিয়ন্ত্ৰণ বিভাগে সজাগতাৰ লগতে তেজৰ নমুনা সংগ্ৰহ কৰিবলৈ ঘৰে ঘৰে গৈ পৰ্যবেক্ষণ কৰিছিল । যাৰ বাবে ভূটান সীমান্তৰ মেলেৰীয়া প্ৰতিৰোধৰ বাবে দুয়োখন দেশে যৌথভাৱে কাম কৰিবলৈ এইদৰে সীমান্তৱৰ্তী জিলাসমূহত সভা অনুষ্ঠিত কৰি বিভিন্ন কাম কৰি আছে ।

লগতে পঢ়ক: চিৰাঙত মেলেৰিয়া আক্ৰান্ত ৰোগীৰ সংখ্যা ৮৭ জনলৈ বৃদ্ধি - Malaria cases in Assam

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.