ETV Bharat / state

নতুন আইনে সাধাৰণ নাগৰিকৰ অধিকাৰ ৰক্ষা কৰিবনে ? জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰৰ সৈতে বিশেষ সাক্ষাৎকাৰ - THREE NEW CRIMINAL LAW

author img

By ETV Bharat Assamese Team

Published : Jul 2, 2024, 5:52 PM IST

Updated : Jul 2, 2024, 7:32 PM IST

Interview with senior lawyer Santanu Borthakur : 1 জুলাইৰ পৰা দেশত কাৰ্যকৰী হৈছে তিনিখনকৈ নতুন আইন ৷ আইন তিনিখন হৈছে ক্ৰমে ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম ৷ এই আইনৰ সন্দৰ্ভত ই টিভি ভাৰতৰ সাংবাদিক ভৱেশ মেধিৰ আগত বহু কথা প্ৰকাশ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰে ৷ চাওক এই বিশেষ সাক্ষাৎকাৰ...

THREE NEW CRIMINAL LAW
নতুন আইন সন্দৰ্ভত জ্যেষ্ঠ অধিবক্তাই কি কয় (ETV Bharat Assam)

গুৱাহাটী, 2 জুলাই: ব্ৰিটিছ যুগৰ ভাৰতীয় দণ্ডবিধি, ফৌজদাৰী বিধি আৰু ভাৰতীয় প্ৰমাণ আইনৰ ঠাইত ক্ৰমে ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম শীৰ্ষক তিনিখন নতুন আইন সোমবাৰৰ পৰা প্ৰৱৰ্তন কৰা হৈছে ৷

জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰৰ বিশেষ সাক্ষাৎকাৰ (ETV Bharat Assam)

নতুন আইনসমূহে আধুনিক ন্যায় ব্যৱস্থাত কি পৰিৱৰ্তন আনিব, অপৰাধৰ সংজ্ঞা কি হ'ব, নাগৰিকক কিদৰে সুৰক্ষা প্ৰদান কৰিব পৰা যাব, এই সকলো দিশ জনাৰ বাবে ই টিভি ভাৰতৰ তৰফৰ পৰা কাষ চপা হৈছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰৰ ৷

নতুন আইনৰ প্ৰয়োজনীয়তা আছিল: গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰে এই নতুন ফৌজদাৰী আইন তিনিখনৰ ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশকে উল্লেখ কৰে ৷ তেওঁ কয় যে, ব্ৰিটিছ যুগৰ ভাৰতীয় দণ্ডবিধি, ফৌজদাৰী বিধি আৰু ভাৰতীয় প্ৰমাণ আইনৰ ঠাইত নতুন আইন প্ৰণয়ন কৰাৰ প্ৰয়োজন আছিল ৷ দেশৰ সংবিধানৰ ১৯ আৰু ২১ নং অনুচ্ছেদত ভাৰতীয় নাগৰিকৰ অধিকাৰ ৰক্ষাৰ বাবে এই আইন তিনিখন নতুনকৈ কৰাৰ প্ৰয়োজনীয়তা আছিল ।‌ সেইবাবে কেন্দ্ৰীয় চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে ।

লগতে পঢ়ক: পৰিৱৰ্তিত সময়ৰ সৈতে খাপ খোৱাকৈ প্ৰণয়ন কৰা হৈছে নতুন অপৰাধ আইন - New Criminal Law

আইনসমূহ প্ৰণয়নৰ পদ্ধতি ত্ৰুটিমুক্ত নহয়: বৰঠাকুৰে কয় যে, এই আইন তিনিখন নতুনকৈ প্ৰণয়ন কৰাৰ পদ্ধতিটো ভুল‌ হৈছে । অৰ্থাৎ এই আইন তিনিখন নতুনকৈ প্ৰণয়ন কৰাৰ পদ্ধতি ত্ৰুটিমুক্ত নহয় । কাৰণ এই আইনকেইখন প্ৰণয়ন কৰাৰ পূৰ্বে বহুলভাবে আলোচনা কৰাৰ প্ৰয়োজন আছিল । এই আইনকেইখন প্ৰণয়ন কৰাৰ আগতে সংসদত আলোচনা নহ'ল ।

নতুন আইনকেইখন নতুন বটলত পুৰণি মদৰ দৰে: জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে সদৰী কৰা অনুসৰি, এই আইনকেইখনৰ পুৰণি আইনকেইখনৰ লগত বৰ বিশেষ পাৰ্থক্য নাই । এই আইনকেইখনত 80 শতাংশ পুৰণি ধাৰাবোৰ ৰখা হৈছে । অৰ্থাৎ এই নতুন আইন তিনিখন নতুন বটলত পুৰণি মদৰ দৰে । বিশেষ পাৰ্থক্য নাই যদিও নাগৰিক সুৰক্ষা সংহিতাখন সামান্য সলনি কৰা হৈছে ‌মাত্ৰ ।

অপৰাধৰ নতুন সংজ্ঞা: এই আইনকেইখনত চেইন কাঢ়ি নিয়া আদিক অপৰাধ হিচাপে গণ্য কৰা হৈছে । বিয়াৰ মিছা প্ৰতিশ্ৰুতি দি যৌন সম্পৰ্ক কৰা, সন্ত্ৰাসবাদী কাৰ্যৰ নতুন সংজ্ঞা নিৰূপণ কৰা, ৰাষ্ট্ৰক সমালোচনা কৰাক নতুন অপৰাধৰ সংজ্ঞা নিৰ্ধাৰণ কৰা আদিৰ লগতে গণ প্ৰহাৰক অপৰাধ হিচাপে গণ্য কৰা হৈছে বুলি অধিবক্তাগৰাকীয়ে সদৰী কৰে ।

আৰক্ষীক অধিক ক্ষমতা দিয়া হৈছে: এই আইন তিনিখনে নাগৰিকক অধিক সুৰক্ষা দিয়া নাই । বিপৰীতে আৰক্ষীক অধিক ক্ষমতা প্ৰদান কৰিছে । ৰাষ্ট্ৰক অধিক অত্যাচাৰী কৰি তুলিব । ন্যায়পালিকাৰ বাবে যি এক বৃহৎ প্ৰত্যাহ্বানৰূপে থিয় দিব বুলিও জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰে মতপ্ৰকাশ কৰে ।

লগতে পঢ়ক: নতুন আইনৰ অধীনত অসমৰ প্ৰথমটো গোচৰ ৰুজু নগাঁৱত - THREE NEW CRIMINAL LAWS

Last Updated : Jul 2, 2024, 7:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.