ETV Bharat / state

বৰ্ধিত সৰ্পদংশনৰ ঘটনা : ভয় নে সজাগতাৰ অভাৱ ? সৰ্পবান্ধৱ সৌৰভ বৰকটকীয়ে কি কয় ? - INTERVIEW WITH SAURAV BORKATAKI

author img

By ETV Bharat Assamese Team

Published : Jul 9, 2024, 8:37 PM IST

Awareness of Snake Bite : সৰ্পদংশনৰ বিষয়ত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে ই টিভি ভাৰত কাষ চাপিছিল সর্পবান্ধৱ সৌৰভ বৰকটকীৰ ৷ বৰকটকীয়ে আমাৰ সাংবাদিকৰ আগত প্ৰকাশ কৰিলে পূৰ্বতে নোকোৱা বহু কথা ৷ সৰ্পদংশন আৰু ইয়াৰ সজাগতা সৃষ্টিৰ বাবে কেনেকুৱা ধৰণে সাধাৰণ লোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, সেয়া সৰ্পবান্ধৱগৰাকীয়ে এই বিশেষ সাক্ষাৎকাৰৰ জৰিয়তে প্ৰকাশ কৰিলে ৷ চাওক ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসে যুগুত কৰা এই বিশেষ সাক্ষাৎকাৰ ৷

INTERVIEW WITH SAURAV BORKATAKI
বিশেষ সাক্ষাৎকাৰ (ETV Bharat Assam)

তেজপুৰ, 9 জুলাই: এতিয়া বাৰিষাকাল ৷ এই সময়ছোৱাত ৰাজ্যত তাণ্ডৱ সৃষ্টি কৰে বানে ৷ কোনো কোনো অঞ্চলত বাঘে-ছাগে সহাৱস্থান কৰাৰ লেখীয়াকৈ এধানিমান নিৰাপদ আশ্ৰয় বিচাৰি সাধাৰণ লোকৰ সৈতে থাকিবলগীয়া হয় পশুধনবোৰ ৷ তাতে আৰু আতংক সৃষ্টি কৰে সৰীসৃপবোৰে ৷

ভয়ৰ সলনি সজাগতা সৃষ্টি কৰক : সৌৰভ বৰকটকী (ETV Bharat Assam)

এই সময়ছোৱাত সাপৰ দৰে সৰীসৃপবোৰ যেনিয়ে-তেনিয়ে ঘূৰি ফুৰা দেখা যায় ৷ যাৰ বাবে বাৰিষাৰ সময়ছোৱাত বিশেষকৈ সৰ্পদংশনৰ ঘটনাবোৰ বৃদ্ধি হয় ৷ সাধাৰণ লোকৰ মাজত সজাগতাৰ অভাৱে হওঁক বা অজ্ঞানতাৰ বাবেই হওঁক, সৰ্পদংশনত বছৰি মৃত্যু ঘটে বহুসংখ্যক লোকৰ ৷

সৰ্পদংশনৰ বিষয়ত সজাগতা সৃষ্টিৰ বাবে তেজপুৰৰ সৰ্পবান্ধৱ খ্যাত সৌৰভ বৰকটকীয়ে ই টিভি ভাৰতৰ সৈতে কৰে বাৰ্তালাপ ৷ এই বাৰ্তালাপৰ জৰিয়তে বৰকটকীয়ে সাধাৰণ লোকে নজনা বহু কথাই প্ৰকাশ কৰে ৷

লগতে পঢ়ক: অবৈধ সম্পৰ্কৰ পৰিণতিঃ সৰ্পদংশন কৰোৱাই পত্নীক হত্যা স্বামীৰ

বৰ্তমানলৈকে হাজাৰৰো অধিক সাপ উদ্ধাৰ কৰি পুনৰ অটব্য অৰণ্যত এৰি দিয়া সৌৰভ বৰকটকীয়ে দৈনিক চাৰি বা পাঁচটাকৈ সাপ উদ্ধাৰ কৰি আহিছে । সাধাৰণ লোকৰ ঘৰৰ পৰা বিভিন্ন সময়ত বিপদসংকুল অৱস্থাত থকা সাপ উদ্ধাৰ কৰি বহু লোকক ৰক্ষা কৰিছে সর্পবান্ধৱ বৰকটকীয়ে ।

INTERVIEW WITH SAURAV BORKATAKI
সাপ উদ্ধাৰ কৰি থকা অৱস্থাত সৌৰভ বৰকটকী (ETV Bharat Assam)

আঘাতপ্ৰাপ্ত সাপবোৰ উদ্ধাৰ কৰি চিকিৎসা প্ৰদান কৰাৰ লগতে বন বিভাগৰ সহায়ত বিভিন্ন অৰণ্যত পুনৰ সাপবোৰ মুকলি কৰি দিয়ে সৰ্পবান্ধৱগৰাকীয়ে ৷ তেজপুৰৰ বাসিন্দা হিচাপে অকল তাতেই সীমাবদ্ধ নাথাকি, ৰাজ্যৰ ভিন্ন স্থানলৈ সাপ উদ্ধাৰৰ বাবে যায় বৰকটকী ৷

অসমত কিমানবিধ সাপ পোৱা যায় : অসমত প্ৰায় 100 বিধ বিভিন্ন প্ৰজাতিৰ সাপ পোৱা যায় ৷ ইয়াৰ ভিতৰত ছয়টা প্ৰজাতিৰ সাপ বিষাক্ত ৷ তাৰ উপৰিও সর্পবান্ধৱ সৌৰভ বৰকটকীয়ে আৰু এটা প্ৰজাতি সংযোগ কৰি 7 টা বিষাক্ত সাপৰ তথ্য দাঙি ধৰে ।

তেওঁ কয় যে, সৰ্পদংশনৰ বাবে সাধাৰণ লোক ভয় কৰা অনুচিত ৷ ইয়াৰ বাবে মাথোঁ প্ৰয়োজন সজাগতাৰ ৷ যদি এজন লোকক যিকোনো সর্পই দংশন কৰে, তাৎক্ষণিকভাৱে তেওঁক ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰিব লাগে ৷

ৰাছেল ভাইপাৰ কি ?

বৰ্তমান সকলোৰে মাজত চৰ্চিত সাপবিধ হৈছে ৰাছেল ভাইপাৰ ৷ এই সাপবিধ অসমৰ বঙাইগাঁও জিলাৰ পিচত তেজপুৰত পোৱা গৈছিল ৷ কিন্তু বৰ্তমান সময়ত ইয়াৰ বংশবৃদ্ধি ঘটি যেনিয়ে-তেনিয়ে পোৱা হৈছে ৷ ৰাছেল ভাইপাৰৰ দংশনৰ ফলত মৃত্যুবৰণ কৰাৰ ঘটনাটো অসমৰ প্ৰথমে তেজপুৰৰ বিহগুৰিত সংঘটিত হৈছিল ৷ তন্ময় কেওট নামৰ এটি কণমানি এই বিষাক্ত সাপবিধৰ দংশনৰ ফলতে প্ৰাণ হেৰুৱায় ৷

সর্পই দংশন কৰিলে কি ব্যৱস্থা গ্ৰহণ কৰিব: যদি কোনো লোকক সর্পই দংশন কৰে, কোনো কাৰণত পলম নকৰি তাৎক্ষণিক চিকিৎসালয়লৈ প্ৰেৰণ কৰক- এই পৰামৰ্শ সৰ্পবান্ধৱ সৌৰভ বৰকটকীৰ ৷ অসমত বৰ্তমান সকলো চিকিৎসালয়তে সৰ্পদংশনৰ প্ৰতিষেধক এণ্টিভেনম বেজী মজুত আছে ৷

বৰকটকীয়ে লগতে কয় যে, সৰ্পদংশনত আক্ৰান্ত ব্যক্তিৰ দংশন কৰা স্থানত কোনোধৰণে বান্ধ দিব নালাগে ৷ লগতে কোনো কাৰণতে এইক্ষেত্ৰত বেজ-বেজালিৰ সহায় ল’ব নালাগে ৷

কোনবিধ সাপ বিষাক্ত : অসমৰ ভিন্ন স্থানত সঘনাই দেখা পোৱা সাপৰ ভিতৰত ৰজা ফেঁটী, চকৰি ফেঁটী, গোৱালা, ক'লা শংখচূড়, ৰেড টেল পিট ভাইপাৰ, ৰঙামূৰীয়া পাটচপা আৰু ৰাছেল ভাইপাৰ অতি বিষাক্ত সাপ বুলি উল্লেখ কৰে বৰকটকীয়ে ৷ ৰাছেল ভাইপাৰ দেখাত অজগৰ(বিষহীন) ৰ দৰে আৰু ই সাধাৰণতে ঘাঁহ-বননিৰ মাজত লুকাই থাকে ৷ সেয়েহে সাধাৰণ লোকে ইয়াক চিনাক্ত কৰাত প্ৰায়ে ভুল কৰা দেখা যায়, যাৰ বাবে সাপবিধে দংশন কৰাৰ পিছত লোকজনৰ শাৰিৰীক অৱস্থাৰ অৱক্ষয় ঘটে ৷

শেষত সৌৰভ বৰকটকীয়ে উল্লেখ কৰে যে, সাধাৰণ লোকৰ সমানে সমানে সাপৰ দৰে সৰীসৃপসমূহো বসবাস কৰিব লাগিব ৷ কাৰণ পৰিস্থিতিতন্দ্ৰটো এনেভাৱে সজোৱা হৈছে যে, সাধাৰণ লোকৰ লগত জীৱকূলৰ প্ৰতিটো জীৱ এটাই আনটোৰ ওপৰত নিৰ্ভৰশীল ৷ গতিকে এনেকুৱা পৰিস্থিতিত ভয় বা আতংকিত নহৈ, সুস্থিৰভাৱে জীৱন ধাৰণ কৰিবলৈ বৰকটকীয়ে আগবঢ়াইছে পৰামৰ্শ ৷

চলিত বছৰৰ বানৰ সময়ত বৰকটকীয়ে তেজপুৰৰ পৰা উদ্ধাৰ কৰে প্ৰায় 22 ডালকৈ অজগৰ ৷ সমান্তৰালকৈ তেওঁ অন্যান্য কিছু জীৱও বানৰ কবলৰ পৰা উদ্ধাৰ কৰিছে ৷

লগতে পঢ়ক: অবিশ্বাস্য : এজন যুৱকক এমাহতে পাঁচবাৰকৈ দংশন কৰিলে সাপে - Snake Deadly Enemy

বানৰ মাজতে সৰ্পদংশন : ৰাইজে দাঙি নিবলগীয়া হ’ল হাস্পতাললৈ - Assam flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.