ETV Bharat / state

তিনিচুকীয়াত ৩৮০ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন আছুৰ - AASU FELICITATION PROGRAMME - AASU FELICITATION PROGRAMME

Tinsukia AASU : তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান সম্পন্ন ৷ অসমীয়াত সৰ্বোচ্চ নম্বৰ লাভ কৰা শিক্ষাৰ্থীক বঁটা প্ৰদান ।

Felicitation programme in Tinsukia
কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন আছুৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 23, 2024, 9:37 PM IST

তিনিচুকীয়া, ২৩ জুলাই: তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক কেন্দ্ৰত মঙলবাৰে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই জিলাখনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কৃতী ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰে ৷ এই অনুষ্ঠানটোত জিলাখনৰ ৩৮০ গৰাকীকৈ কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰা হয় ।

কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন আছুৰ (ETV Bharat Assam)

তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি উদ্দীপ বৰপাত্ৰই আঁতধৰা অনুষ্ঠানটোত সভাপতিত্ব কৰে তিনিচুকীয়াৰ ৱ'মেনছ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড৹ ৰাজীৱ বৰদলৈয়ে ৷ আছুৰ সাংগঠনিক শ্বহীদ বিশ্বজিৎ বৰাৰ সোঁৱৰণত ২০১৮ চনৰ পৰা তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই আৰম্ভ কৰা বিশেষ বঁটা জিলাখনৰ উচ্চ মাধ্যমিক পৰীক্ষাত অসমীয়াত সৰ্বোচ্চ নম্বৰ লাভ কৰা ছাত্ৰ বা ছাত্ৰীগৰাকীক প্ৰদান কৰি অহা হৈছে ৷ এইবৰ্ষ বঁটাটি লাভ কৰে তিনিচুকীয়াৰ পৰমানন্দ জাতীয় বিদ্যালয়ৰ ধুনুমণি দাসে ৷

এই বঁটাটোত আছে এখন অভিনন্দন পত্ৰ,শৰাই,স্মাৰক, এখন গামোচা আৰু নগদ পাঁচ হাজাৰ টকা । এই বঁটাটো সাংগঠনিক শ্বহীদ বিশ্বজিৎ বৰাৰ জ্যেষ্ঠ ভাতৃ লম্বোদৰ বৰাই প্ৰদান কৰে ৷ তাৰ পাচতে তিনিচুকীয়া অঞ্চলৰ বিদ্যালয়-মহাবিদ্যালয়ৰ সকলো মাধ্যমৰ ৩৮০ গৰাকীকৈ কৃতী ছাত্ৰ-ছাত্ৰীক এখন অভিনন্দন পত্ৰ আৰু এটা ফাইলেৰে অভিনন্দন জ্ঞাপন কৰা হয় ।

তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক খগেন হাজৰিকাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ পিচত আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমৰজ্যোতি গোঁহাই, কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক ৰাণা সোনাৰ, শিক্ষাগুৰু অমৃত ৰাজখোৱাই বক্তব্য় আগবঢ়ায় ৷ মুখ্য বক্তা হিচাপে উপস্থিত থাকি কৃতী ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি বক্তব্য় আগবঢ়াই জিলা নিৰ্বাচনী বিষয়া কংকনজ্যোতি শইকীয়াই ৷ আনহাতে, কিছুদিনৰ পূৰ্বে তিনিচুকীয়া উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা অধ্যক্ষা বন্দনা বৰাক শৰাই, গামোচা, সম্বৰ্ধনা পত্ৰ আৰু স্মাৰকে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে ৷

লগতে পঢ়ক:চৰকাৰী বিদ্যালয়ৰ একত্ৰীকৰণ কৰি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ দুৱাৰ মুকলি কৰিছে: উৎপল শৰ্মা - AASU FELICITATION PROGRAMME

সকলো পদত অসমৰ থলুৱা যোগ্য যুৱক-যুৱতীক নিয়োগ কৰিব লাগিব : সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য - AASU Felicitation Programme

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.