গুৱাহাটী, ২২ জুলাই : বিশেষ ন্যায়াধীশৰ আদালতে আজি (সোমবাৰ) অসম লোকসেৱা আয়োগৰ বহু চৰ্চিত কৃষি উন্নয়ন বিষয়া (Agriculture Development Officer) নিযুক্তি কেলেংকাৰীৰ গোচৰৰ ৰায়দান কৰে । দীৰ্ঘদিন ধৰি চলা শুনানীৰ অন্তত বিশেষ আদালতে আজি পুৱা ১০.৩০ বজাত গোচৰটোৰ ৰায়দান কৰে ।
এই গোচৰটোত সেই সময়ৰ লোকসেৱা আয়োগৰ অধ্যক্ষ ৰাকেশ কুমাৰ পাল, সদস্য চামেদুৰ ৰহমান, বসন্ত কুমাৰ দলেসহ মুঠ ৪৩ জন অভিযুক্তৰ নাম সাঙুৰ খাই আছে ।
আজিৰ শুনানীত এই ৪৩ জন অভিযুক্তৰ ভিতৰত ১১ জনক দোষমুক্ত ঘোষণা কৰা হয় । বাকী এই গোচৰটোত সেই সময়ৰ লোকসেৱা আয়োগৰ অধ্যক্ষ ৰাকেশ কুমাৰ পাল, সদস্য চামেদুৰ ৰহমান, বসন্ত কুমাৰ দলেসহ ৩২ জন দোষী ঘোষণা কৰা হয় । আনহাতে, গোচৰটোত ৰাজসাক্ষী হিচাপে থকা বিনীতা ৰিঞ্জাক দোষমুক্ত কৰা হৈছে ।
লগতে পঢ়ক : এছ আই টিয়ে তদন্ত সম্পূর্ণ নকৰা ৩৯ বিষয়াৰ অধিকাংশই আছিল অনুত্তীর্ণ - APSC Scam
উল্লেখ্য যে, ৰাকেশ কুমাৰ পাল অধ্যক্ষ হৈ থকা সময়ত কৃষি উন্নয়ন বিষয়া নিযুক্তিৰ নামত ব্যাপক ধনৰ লেনদেন হোৱা বুলি এজন প্ৰাৰ্থীয়ে ২০১৭ চনতে ভঙাগড় থানাত এখন এজাহাৰ দাখিল কৰিছিল । এই সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ ভিত্তিতে ৰাকেশ কুমাৰ পালসহ বহু কেইজন অভিযুক্তক পূৰ্বে ভঙাগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল । ইয়াৰ পাচত আদালতে দীৰ্ঘদিন ধৰি বিভিন্ন সাক্ষীৰ ভাষ্য গ্ৰহণ কৰি আজি গোচৰৰ ৰায়দানৰ বাবে দিন ধাৰ্য কৰে ।
লগতে পঢ়ক : এ পি এছ চি কেলেংকাৰী : মুখ্য তদন্তকাৰী বিষয়াক দায়িত্বৰ পৰা আঁতৰোৱাৰ নিৰ্দেশ আদালতৰ - APSC Scam
উল্লেখ্য যে, আজি আদালতে দোষ মুক্ত কৰা ১১ জন হ’ল -
- কুনাল দাস
- বিকাশ পিঞ্চা (pincha)
- কৌশিক কলিতা
- চৈয়দ মুছাৰফ হুছেইন
- বিউটী গগৈ
- ফিৰোজ মৰাণ
- জ্যোতিবন দত্ত
- চৈজালি জহৰি (Saijali)
- ধৃতিমান ৰয়
- মৌচুমী শইকীয়া
- বৈচিত্ৰ হাকামাওছা (Hakmaosa)।
আনহাতে ৰাকেশ কুমাৰ পাল, সদস্য চামেদুৰ ৰহমান, বসন্ত কুমাৰ বিৰুদ্ধে আদালতে বিভিন্ন ধাৰাত ৭ বছৰ আৰু ১০ বছৰৰ কাৰাদণ্ড বিহিছে ।
লগতে পঢ়ক : তদন্তত গাফিলতি ! থুবেৰ স্থানত দায়িত্ব দিয়া হ’ল উপেন কলিতাক - APSC Scam