ETV Bharat / state

NHPC বান্ধ বন্ধ কৰাৰ দাবী সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ - NHPC BIG DAM IN DHEMAJI - NHPC BIG DAM IN DHEMAJI

NHPC dam in Dhemaji: NHPC বান্ধ বন্ধ কৰা আৰু বান সমস্যা সমাধান কৰাৰ দাবী সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ । NHPC এ বাৰিষাৰ সময়ত অতিৰিক্ত পানী ভাগ এৰি দি নামনিবাসীক বিপদত পেলোৱাৰ বিৰুদ্ধে সৰৱ হৈ উঠে সংগঠনটোৰ সভাপতি-সম্পাদক । NHPC বান্ধ বন্ধ নকৰিলে তীব্ৰ প্ৰতিবাদৰ হুংকাৰ সংগঠনটোৰ ।

Sonowal Kachari Students Union demands closure of NHPC dam and resolution of flood problem
NHPC বান্ধ বন্ধ কৰাৰ দাবী সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 14, 2024, 10:04 AM IST

ধেমাজি, ১৪ জুলাই: বহু বিতৰ্কিত ২০০০ মেগাৱট ক্ষমতাসম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই বাৰিষাৰ সময়ত অতিৰিক্ত পানী ভাগ এৰি দি ধেমাজিবাসীক বিপদত পেলোৱাৰ লগতে খৰালি সোৱণশিৰিৰ বক্ষ শুকাই যোৱাক কেন্দ্ৰ কৰি এক অভাৱনীয় সমস্যা সন্মুখীন হ'বলগীয়া হৈছে লোকসকল ৷ নৈপৰীয়া লোকসকলক সুৰক্ষিত কৰাৰ কথাটো NHPC ৰ কৰ্তপক্ষই দাবী কৰিলেও বিপদৰ শংকাত নৈপৰীয়া ৰাইজে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে ৷

NHPC বান্ধ বন্ধ কৰাৰ দাবী সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ (ETV Bharat Assam)

সেয়ে সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰোধিতা কৰে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিয়ে ৷ অলপতে নৱ-নিৰ্বাচিত ধেমাজি জিলা সমিতিৰ সভাপতি মৃদুপৱন সোণোৱাল আৰু সম্পাদক দুলেন সোণোৱালে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অচিৰেই NHPC বান্ধ বন্ধ কৰাৰ দাবী জনোৱাৰ লগতে জিলাখনৰ বান সমস্যা সমাধান কৰিবলৈ দাবী জনায় ৷

উল্লখ্য যে, ৰাজ্যৰ ভিতৰতে এইবাৰ বাৰিষা বানত বেয়াকৈ বিধ্বস্ত হৈছে ধেমাজি জিলাখন ৷ জিলাখনৰ অন্যতম খৰস্ৰোতা নদী জীয়াঢলৰ কাংকু সুঁতিয়ে ধেমাজি জীয়াঢল চাৰিআলি সমীপৰ ভজু গাঁৱত ১৫নং ৰাষ্ট্ৰীয়ঘাই পথৰ ওপৰে বিগত চাৰিবছৰ ধৰি বাগৰি যাতায়ত ব্যাহত কৰি আহিছে যদিও আজিকোপতি চৰকাৰে নিয়ন্ত্ৰণ কৰিব পৰা নাই ৷ আনফালে ৰাই নদী, গাই নদী, বালিচৰী নদী আৰু কামিয়া নদীয়ে কালৰূপ ধৰি ধেমাজি আৰু চিচিবৰগাঁও ৰাজহ চক্ৰৰ বিশখনৰো অধিক গাঁও প্লাৱিত কৰিছে ৷

বিশেষকৈ মৰিঢল পঞ্চায়তৰ হাঁহচৰা, বালিগাঁও, কঁঠালগুৰি, নাহৰণি মৰিঢল চাৰিআলি আৰু লক্ষীপথাৰ পঞ্চায়তৰ লক্ষীপথাৰ, লুগুটি আৰু লক্ষীপথাৰত ৰাই নদীয়ে ৰাস্তা-পদূলি কেইবাঠাইতো বিচ্ছিন্ন কৰি যাতায়ত ব্যৱস্থা ব্যাহত কৰি তোলে ৷ সেইদৰে ১নং আৰু দুই নং বৰাচিৰা, বামগাঁও, ঘিলাগুৰি, আদিত জলপ্ৰলয় সৃষ্টি কৰি ঘৰ-বাৰী খেতিপথাৰ আদিৰ অনিষ্ট কৰিছে ।

লগতে পঢ়ক: NHPC ভৱিষ্যতৰ বাবে এক অশনি সংকেত : মানৱ অধিকাৰ সংগ্ৰাম সমিতি - MASS Reacts On NHPC Dam

নীপকোৰ পিচত এইবাৰ এনএইচপিচিয়েও এৰিলে সোৱণশিৰি প্ৰকল্পৰ পানী; শংকিত নৈপৰীয়া - NHPC releases excess water

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.