ETV Bharat / state

4 জুনলৈ সাজু শোণিতপুৰ জিলা প্ৰশাসন - LOK SABHA ELECTION 2024 - LOK SABHA ELECTION 2024

Sonitpur LS Seat : ভোটগণনাৰ বাবে সাজু হৈছে শোণিতপুৰ জিলা প্ৰশাসন ৷ পাঁচটা বিধানসভা সমষ্টিৰ ভোটগণনা অনুষ্ঠিত হ’ব দৰং মহাবিদ্যালয়ত ৷

SONITPUR DISTRICT ADMINISTRATION
ভোটগণনাৰ বাবে বিশেষ প্ৰশিক্ষণ (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : May 31, 2024, 5:02 PM IST

তেজপুৰ, 31 মে' : লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে মাজত মাথো তিনিটা দিন ৷ ভোটগণনাৰ বাবে সাজু হৈছে 11 নং শোণিতপুৰ লোকসভা সমষ্টিৰ জিলাৰ সদৰ তেজপুৰৰ বিষয়া-কৰ্মচাৰীসকল ৷ জিলা আয়ুক্ত তথা লোকসভা সমষ্টিৰ ৰিটাৰ্ণিং বিষয়া দেৱ কুমাৰ মিশ্ৰই আজি ভোটগণনাৰ বিষয়া-কৰ্মচাৰীসকলৰ মাজত অনুষ্ঠিত কৰিছে প্ৰশিক্ষণ ৷

ভোটগণনাৰ বাবে সাজু শোণিতপুৰ জিলা প্ৰশাসন (ETV BHARAT ASSAM)

শোণিতপুৰ লোকসভা সমষ্টি 9 টা বিধানসভা সমষ্টিৰে গঠিত ৷ ইয়াৰ সৰহ সংখ্যক বিধানসভা সমষ্টি আছে শোণিতপুৰ জিলাত ৷ মুঠ পাঁচটা বিধানসভা সমষ্টিৰ ভোটগণনা অনুষ্ঠিত হ’ব জিলা সদৰ তেজপুৰৰ দৰং মহাবিদ্যালয়ত ৷ নিৰ্বাচনৰ পিচতে দৰং মহাবিদ্যালয়ৰ প্ৰাংগনত থকা ষ্ট্ৰং ৰূমত ৰখা হৈছে ই ভি এমসমূহ ৷ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ৰখা হৈছে এই ই ভি এমসমূহ ৷ চি চি টিভিৰ দ্বাৰা পৰিচালিত হৈছে সমগ্ৰ ষ্ট্ৰং ৰূম চৌহদ ৷

মুঠ 9 টা বিধানসভা সমষ্টিৰ 2 টা বিধানসভাৰ ভোটগণনা হ’ব বিশ্বনাথ জিলাত, এটা হ’ব গহপুৰত আৰু আনটো অৰ্থাৎ বিহপুৰীয়া সমষ্টিৰ ভোটগণনা হ’ব লখিমপুৰ জিলাত ৷ মুঠ 7 টাকৈ গণনা কক্ষ সাজু কৰি তোলা হৈছে তেজপুৰৰ দৰং মহাবিদ্যালয়ত আৰু 4 জুনৰ পুৱা 8 বজাৰ পৰা ই ভি এম ৰ গণনা আৰম্ভ হ’ব বুলি সদৰী কৰে জিলা আয়ুক্ত তথা শোণিতপুৰ লোকসভা সমষ্টিৰ ৰিটাৰ্ণিং বিষয়া দেৱ কুমাৰ মিশ্ৰই ৷

উল্লেখ্য যে, প্ৰথম পৰ্যায়ত অৰ্থাৎ 19 এপ্ৰিলত শোণিতপুৰ লোকসভা সমষ্টিৰ বাবে অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ ৷ সমষ্টিটোত বিভিন্ন দলৰ মুঠ ৮ গৰাকী প্ৰাৰ্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে ।

লগতে পঢ়ক : ভোটগণনাৰ বাবে সাজু ধেমাজি জিলা প্ৰশাসন - LOK SABHA ELECTION 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.