ETV Bharat / state

লাডাখত ছহিদ অসমৰ সেনা জোৱান : আঠমাহৰ পিচত মৃতদেহ উদ্ধাৰ - Army personnel dead in Ladakh

Army personnel from Dhemaji dead : ১০ মাহৰ পূৰ্বৰে পৰা সন্ধানহীন হৈ থকা ধেমাজিৰ সেনা জোৱানৰ মৃতদেহ উদ্ধাৰ ৷ হিমস্খলনৰ ফলত পাহাৰৰ পৰা বাগৰি পৰিছিল জোৱানজন ৷

author img

By ETV Bharat Assamese Team

Published : Jul 9, 2024, 5:17 PM IST

ARMY PERSONNEL DEAD IN LADAKH
লাডাখত ছহিদ অসমৰ সেনা জোৱান (ETV Bharat Assam)

ধেমাজি, 9 জুলাই : লাডাখত উদ্ধাৰ হ’ল গোগামুখৰ সন্ধানহীন সেনা জোৱানৰ মৃতদেহ ৷ জোৱানজন আঠমাহ পূৰ্বে লাডাখত সন্ধানহীন হৈছিল ৷

উল্লেখ্য যে ২০২৩ বৰ্ষৰ ৭ অক্টোবৰত লাডাখৰ গুলমাৰ্গত ভাৰতীয় সেনাৰ হৈ আছিল এক বিশেষ প্ৰশিক্ষণ শিৱিৰ ৷ প্ৰশিক্ষকৰ দায়িত্বত আছিল ধেমাজি জিলাৰ গোগামুখৰ গৌতম ৰাজবংশী নামৰ এজন সেনা জোৱান ৷ প্ৰশিক্ষণ প্ৰদান কৰি থকা অৱস্থাতে হঠাৎ হিমস্খলনৰ ফলত ওখ বৰফেৰে আবৃত্ত পৰ্বতৰ পৰা খহি আহে গোগামুখৰ গৌতম ৰাজবংশীৰ লগতে আন তিনিজন সেনা জোৱান ৷ তাৰ পিচৰে পৰা সন্ধানহীন হৈ আছিল জোৱান চাৰিজন ৷

যোৱা ৮ অক্টোবৰত এজন সেনা জোৱানৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিচতেই ৪ জন জোৱানকে ছহিদ বুলি ঘোষণা কৰা হয় যদিও তিনিজনৰে মৃতদেহৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাছিল ৷ ঘটনা সংঘটিত হোৱাৰ পিচদিনা গৌতম ৰাজবংশীৰ ঘৰলৈ খবৰ দিয়া হয় সেনাৰ শীৰ্ষ পৰ্যায়ৰ পৰা ।

উল্লেখ্য যে লাডাখত বৰফ অধিক বৃদ্ধি পোৱাৰ বাবে সন্ধানহীন তিনিজনৰে মৃতদেহ উদ্ধাৰ কৰাটো অসম্ভৱ বুলি জানিবলৈ দিছিল শীৰ্ষ সেনা বিষয়াই । জুন, জুলাই মাহত বৰফ গলাৰ পিচতহে মৃতদেহৰ সন্ধানত উদ্ধাৰ অভিযান চলাই ঘৰলৈ পঠিওৱাৰ ব্যৱস্থা কৰা হ’ব বুলি কোৱা হৈছিল ৷

সোমবাৰে গৌতম ৰাজবংশীৰ মৃতদেহ উদ্ধাৰ হোৱা বুলি সেনাৰ উচ্চ পৰ্যায়ৰ বিষয়াই পৰিয়ালক খবৰ দিয়ে ৷ তাৰ পিচতে গৌতম ৰাজবংশীৰ মাতৃ-পত্নী শোকত ভাগি পৰে ৷ আত্মীয়-কুটুমেৰে ভৰি পৰিছে নিহত গৌতম ৰাজবংশী বাসগৃহ । বুধবাৰে সেনা জোৱানজনৰ মৃতদেহ নিজ বাসগৃহত পোৱাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক: লাডাখত হঠাৎ আহিল বান, নিমিষতে টি 72 টেংকসহ উটি গ’ল 5 ভাৰতীয় সেনা জোৱান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.