ETV Bharat / state

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এনিমেল ক'ৰিড'ৰত সৌৰচাকি স্থাপন: প্ৰকৃতিপ্ৰেমীৰ প্ৰতিক্ৰিয়া - SOLAR LIGHT AT KNP ANIMAL CORRIDOR

author img

By ETV Bharat Assamese Team

Published : Jun 8, 2024, 10:52 PM IST

Solar Light at KNP Animal Corridor: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এনিমেল ক'ৰিড'ৰত সৌৰশক্তি চালিত চাকি ৷ সৌৰশক্তি চালিত পোহৰ ব্যৱস্থাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকুললৈ বিপদ কঢ়িওৱাৰ শংকা ঘনীভূত । বন্য জীৱৰ বিচৰণস্থলী অথবা ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হোৱা এনিমেটৰ ক'ৰিড'ৰত সংস্থাপিত এই সৌৰশক্তি চালিত পোহৰ ব্যৱস্থাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকৃতিপ্ৰেমীৰ ।

Solar Light at KNP Animal Corridor
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এনিমেল ক'ৰিড'ৰত সৌৰশক্তি চালিত চাকি স্থাপন (ETV BHARAT ASSAM)

কলিয়াবৰ, ৮ জুন: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী অহা-যোৱা পথত 'ছাইড বেৰিয়াৰ' বহুৱাই ৰাইজৰ ৰোষত পৰি পুনৰ বেৰিয়াৰ উঠাবলৈ বাধ্য হোৱা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ আন এক কাণ্ডই এইবাৰ কাজিৰঙাত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এনিমেল ক'ৰিড'ৰত সৌৰচাকি স্থাপন কৰি বিতৰ্কৰ মাজত সোমাই পৰিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ ৷ সমাজকৰ্মী ৰোহিত চৌধুৰীয়ে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়লৈ প্ৰেৰণ কৰা এখন পত্ৰৰ পাচত পোহৰলৈ আহে কাজিৰঙাৰ ৰাষ্ট্ৰীয় ঘাইপথত সৌৰশক্তি চালিত চাকি স্থাপনৰ কথা ৷

ভূপেন শৰ্মা, সভাপতি, অসম বিজ্ঞান সমিতি, কলিয়াবৰ শাখা (ETV BHARAT ASSAM)

লগতে পঢ়ক: এতিয়া আৰু চিন্তা নাই বন্যপ্ৰাণীৰ: বুঢ়াপাহাৰত পথৰ কাষৰ বেৰিয়াৰ আঁতৰালে NHAI এ - Kaziranga National Park

শেহতীয়াকৈ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকুলৰ সুৰক্ষাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি উদ্যানখনৰ লগতে লাগি যোৱা ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যান-বাহনৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে দুয়ো দিশে প্ৰতিৰোধক গঢ়ি তুলিছিল । এই বেৰা স্থাপনৰ ফলত বানৰ সময়ত ওখ ঠাই আৰু খাদ‍্যৰ সন্ধানত ওলাই অহা বিভিন্ন বন‍্যপ্ৰাণী বিপদত পৰাৰ আশংকা কৰিছিল স্থানীয় সচেতন ৰাইজে । ফলত সকলো স্তৰৰ তীব্ৰ দাবীত সেও মানি ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়ন প্ৰাধিকৰণে সেই প্ৰতিৰোধক আঁতৰাই নিবলৈ বাধ্য হয় ৷

লগতে পঢ়ক: কাজিৰঙাই ৰিঙিয়াই : দেশ-বিদেশৰ কোন কোন বিশেষ ব্যক্তি মুগ্ধ হৈছিল কাজিৰঙাৰ সৌন্দৰ্যত - Kaziranga National Park

ইয়াৰ পাচতেই এইবাৰ সৌৰশক্তি চালিত পোহৰ ব্যৱস্থাৰ বিৰুদ্ধে পুনৰ অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বন্য জীৱ-জন্তুৱে নিশাৰ পোহৰত পৰিব পৰা বিপদৰ বিষয়ে ঘাইপথ কৰ্তৃপক্ষক অৱগত নকৰাটোৱেই এক গভীৰ চিন্তাৰ কাৰণ হিচাপে চৰ্চিত হৈছে । বিশেষকৈ বাঘৰ দৰে নিশাচৰ প্ৰাণীবোৰৰ সুৰক্ষাত বৃহৎ প্ৰশ্নবোধকৰ অৱতাৰণা হৈছে । আজিৰ সময়ত সাধাৰণ লোকৰো জীৱ-জন্তুৰ প্ৰতি সচেতনতা বৃদ্ধি পাইছে । সেই সময়ত উদ্যান কৰ্তৃপক্ষই কিয় বিষয়টোত গুৰুত্ব দিয়া নাই, এইটোহে বৰ্তমান ৰহস্যৰ আৱৰ্তত ।

লগতে পঢ়ক: পঞ্চতাৰকা হোটেলৰ নামত কাজিৰঙাত চলিল উচ্ছেদ - Eviction drive in Kaziranga

বৰ্তমান চৰকাৰখনে বন ধ্বংস আৰু এই কাৰ্যক উদগণি জনোৱা নীতি প্ৰস্তুত কৰিবলৈ ওলোৱাৰ সময়ত ন্যায়ালয়েহে বাধা দিব লগা হৈছে । ৰাষ্ট্ৰীয় ঘাইপথৰ বহু ঠাইত সৌৰশক্তি চালিত চাকি স্থাপন কৰা হৈছে যিয়ে ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰা বন্যপ্ৰাণী বিশেষকৈ ঢেকীয়াপতীয়া বাঘৰ দৰে নিশাচৰ প্ৰাণীক বিভ্ৰান্ত আৰু দিশহাৰা কৰি তোলাৰ পূৰ্ণ সম্ভাৱনা বিদ্যমান । তদুপৰি, এই সৌৰশক্তি চালিত চাকি স্থাপন কৰিলে প্ৰকৃততে 'হাই-বিম হেডলাইট'ৰ সৈতে চলাচল কৰা বাহনৰ প্ৰভাৱ আৰু অধিক বৃদ্ধি পাইছে আৰু ইয়াৰ বিৰূপ প্ৰভাৱ পশুৰ আচৰণত নিশ্চিতভাৱে পৰিব বুলি প্ৰকৃতিপ্ৰেমীসকলে চিন্তা প্ৰকাশ কৰিছে ।

লগতে পঢ়ক: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এটা বনৰীয়া ম'হক লৈ সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীৰ বিশেষ পোষ্ট - Kaziranga National Park

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.