ETV Bharat / state

অলকানন্দাই আকৌ লগাইছে তোলপাৰ, বিশেষ চৰ্চাত গীতিকাৰ - ADRE 2024

author img

By ETV Bharat Assamese Team

Published : Sep 15, 2024, 10:29 PM IST

Viral question of ADRE 2024 : ADREৰ এটা প্ৰশ্নক লৈ সামাজিক মাধ্যমত বিশেষ চৰ্চা । প্ৰশ্নকাকত আহিল শংকুৰাজৰ গীতৰ প্ৰশ্ন । প্ৰশ্নটোৰ উত্তৰৰ বিকল্প হিচাপে আছিল তন্ময় ক্ৰিপ্টন, সান্নিধ্য ভূঞা, মৈয়েত্ৰী পাটৰ আৰু জয় বৰুৱাৰ নাম ।

Viral question of ADRE 2024
অলকানন্দাই আকৌ লগাইছে তোলপাৰ (FB/Maitrayee Patar/Shankuraj Konwar)

গুৱাহাটী, ১৫ ছেপ্টেম্বৰ : দেওবাৰে অনুষ্ঠিত হ’ল SLRCৰ তৃতীয় বৰ্গত লিখিত পৰীক্ষা । SLRCৰ তৃতীয় বৰ্গৰ পৰীক্ষাৰ এটা প্ৰশ্নই এতিয়া তোলপাৰ লগাইছে চৌদিশে ৷ ১৫০ নম্বৰৰ প্ৰশ্নকাকতত আহিল শংকুৰাজৰ গীতৰ প্ৰশ্ন ৷

প্ৰশ্নটো আছিল শংকুৰাজ কোঁৱৰৰ ‘অলকানন্দা’ গীতটিৰ গীতিকাৰ কোন ? প্ৰশ্নটোৰ উত্তৰৰ বিকল্প হিচাপে আছিল তন্ময় ক্ৰিপ্টন, সান্নিধ্য ভূঞা, মৈয়েত্ৰী পাতৰ আৰু জয় বৰুৱাৰ নাম । এতিয়া এই প্ৰশ্নটোক লৈ সমাজিক মাধ্যমত সৃষ্টি হৈছে ব্যাপক চৰ্চা ।

সমাজিক মাধ্যমত একাংশৰ পোষ্ট- ‘‘অলকানন্দা কেৱল শুনিলেই নহ’ব, গীতিকাৰ কোন জানিবও লাগিব...৷’’ আনহাতে একাংশই আকৌ পোষ্ট কৰিছে- ‘‘অলকানন্দা গীতটোৰ আধাৰত অহা প্ৰশ্নটোৱে প্ৰমাণ কৰে যে অসমৰ বৌদ্ধিক আৰু প্ৰশাসনিক মহলে ভাল গানৰ খবৰ ৰাখে আৰু প্ৰকৃত শিল্পীক মৰ্যাদা দিয়ে । গান এটাত গায়কৰ লগতে সুৰকাৰ, গীতিকাৰ, সংগীত ব্যৱস্থাপক আদি সকলোৰে গুৰুত্বৰ কথাও আজিৰ প্ৰশ্নটোৱে সূচায় । সস্তীয়া সংস্কৃতিক অকল সৰু চিন্তাধাৰাৰ মানুহেহে উৎসাহ দিয়ে ।’’

এতিয়া এনেদৰে গীতটিক লৈ সমাজিক মাধ্যমত সৃষ্টি হৈ প্ৰতিক্ৰিয়া । কোনোৱে যদি এই প্ৰশ্নক সমৰ্থন কৰিছে, কোনোৱে আকৌ উপলুঙা কৰাও পৰিলক্ষিত হৈছে । উল্লেখযোগ্য যে, শংকুৰাজ কোঁৱৰে কণ্ঠদান কৰা এই অলকানন্দা গীতটি এবাৰলৈও নুশুনা মানুহ হয়তো কমেই ওলাব । ইউটিবত গীতটোৰ 14 মিলিয়নতকৈও অধিক ভিউজ আছে ৷ ২০২০ চনত মুক্তিপোৱা এই গীতটিৰ গীতিকাৰ মৈয়েত্ৰী ৷ আনহাতে গীতটিত কন্ঠদান কৰিছে শংকুৰাজ কোঁৱৰে ৷ সংগীত তন্ময় ক্ৰিপ্টনৰ ।

উল্লেখ্য যে, দেওবাৰে অনুষ্ঠিত হোৱা উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাত ৩১২৭ টা পদৰ বিপৰীতে ২৮ জিলাৰ ২৩০৫ কেন্দ্ৰত ১১ লাখতকৈ অধিক প্ৰাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হয় ।

লগতে পঢ়ক : নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ কৰোৱাৰ নামত দালালিৰ অভিযোগ, চাৰিগৰাকীক গ্ৰেপ্তাৰ

বহু চৰ্চিত নিবনুৱা সমস্যাৰ মাজতে অসমত সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা; এটা পদৰ বিপৰীতে অৱতীৰ্ণ গড়ে ৩৬০ গৰাকী প্ৰাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.