ETV Bharat / state

মৰিগাঁৱত এল পি জি চিলিণ্ডাৰৰ অবৈধ বেহা মেলিছে কোনে ? - Illegal LPG cylinder - ILLEGAL LPG CYLINDER

Illegal LPG cylinder: মৰিগাঁৱত চলি আছে এল পি জি চিলিণ্ডাৰৰ অবৈধ বেহা । এনে অবৈধ এল পি জি চিলিণ্ডাৰৰ বিৰুদ্ধে তৎপৰ জিলা প্ৰশাসনৰ । বিপদজনকভাৱে ৰখা ৫৯ টা এল পি জি চিলিণ্ডাৰ জব্দ । জিলা প্ৰশাসনৰ অনুমতি অবিহনেই চলি আছে আছে এই বেহা ।

Smuggling of illegal LPG cylinders continues in Morigaon
মৰিগাঁৱত LPG চিলিণ্ডাৰৰ অবৈধ বেহা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Sep 3, 2024, 9:45 PM IST

ধিং,৩ ছেপ্টেম্বৰ: মৰিগাঁৱত অবাধে চলিছে এল পি জি চিলিণ্ডাৰৰ অবৈধ বেহা । জিলা প্ৰশাসনৰ অনুমতি অবিহনেই এই বেহা চলি আছে । এইবাৰ ইয়াৰ বিৰুদ্ধে সৰৱ হৈছে যোগান বিভাগ । মৰিগাঁও জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ সহকাৰী সঞ্চালক মতিনুৰ ৰহমানৰ নেতৃত্বত মালপুতা ৰ‌ইণাপথাৰৰ কিতাপ হালদাৰৰ ঘৰত অভিযান চলাই জব্দ কৰে প্ৰায় ৫৯ টাকৈ ঘৰুৱা এল পি জি চিলিণ্ডাৰ ।

মৰিগাঁৱত LPG চিলিণ্ডাৰৰ অবৈধ বেহা (ETV Bharat Assam)

যাদৱ ইণ্ডেন গ্ৰামীণ বিতৰক নামৰ এজেঞ্চীটোৰ সৈতে চি এছ চিৰ নামত কিতাপ হালদাৰৰ পত্নীয়ে কৰিছিল চুক্তি । য'ত মৰিগাঁও জিলা প্ৰশাসনৰ পৰা কোনো ধৰণৰ অনুমতি লোৱা নাছিল । ইয়াৰ উপৰিও চিলিণ্ডাৰ থোৱা ঘৰটোলৈ যোৱা পথটো অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী যাব পৰাকৈ আহল-বহল হোৱাৰ বিপৰীতে আছিল একেবাৰে সৰু পথ ।

আনহাতে এল পি জি চিলিণ্ডাৰসমূহ মজুত ৰখা ঘৰটোত জৰুৰীকালীন অৱস্থাত ব্যৱহাৰ কৰিবলৈ নাছিল কোনোধৰণৰ অগ্নি নিৰ্বাপনৰ সামগ্ৰী । দীৰ্ঘদিনে উত্থাপিত হৈ অহা এনে অভিযোগৰ ভিত্তিত এল পি জি চিলিণ্ডাৰৰ অবৈধ বেহাৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে মৰিগাঁও জিলা প্ৰশাসন ।

এক অভিযোগৰ ভিত্তিতেই মঙলবাৰে মৰিগাঁও জিলা যোগান বিভাগে অভিযান চলাই অবৈধভাৱে বিক্ৰীৰ বাবে মজুত কৰা বৃহৎসংখ্যক চিলিণ্ডাৰ জব্দ কৰিবলৈ সক্ষম হয় । মঙলবাৰে মৰিগাঁৱৰ ন-ভেটি গাঁৱৰ এটা স্থানত গোপনে চিলিণ্ডাৰ মজুত ৰখাৰ অভিযোগ লাভ কৰিয়েই জিলা যোগান বিভাগৰ সহকাৰী সঞ্চালক মতিনুৰ ৰহমানৰ নেতৃত্বত যোগান বিভাগৰ এটি দলে অভিযান চলায় । ইফালে মৰিগাঁৱৰ ঝাৰগাঁৱৰ যাদৱ ইণ্ডেন গেছ এজেঞ্চিৰ সৈতে হোৱা এক চুক্তি মতেই চিলিণ্ডাৰ মজুত কৰি বিক্ৰী কৰা বুলি দাবী কৰে চিলিণ্ডাৰ বিক্ৰীৰ সৈতে জড়িত অভিযুক্তই ।

লগতে পঢ়ক: চুৰি হোৱা ১০টাকৈ চিলিণ্ডাৰসহ গ্ৰেপ্তাৰ কুখ্যাত চোৰ - Theft Incident

Blisters in LPG cylinders in Majuli: LPG চিলিণ্ডাৰে বিপদ মাতিলে মাজুলীৰ এটা পৰিয়াললৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.