গুৱাহাটী, 27 জানুৱাৰী : কেতিয়া সম্পূৰ্ণ হ'ব উজনি অসমৰ জীৱন ৰেখা সদৃশ 37 নং ৰাষ্ট্ৰীয় ঘাইপথছোৱা ফ’ৰলেনলৈ উন্নীতকৰণৰ কাম ৷ বৰ্তমান সময়ত চৰ্চিত হৈছে এই প্ৰশ্ন ৷ কাৰণ দীৰ্ঘদিন ধৰি অতি লেহেম গতিত চলি থকা ফ'ৰলেনৰ কামে জ্বলা-কলা খুৱাই আহিছে জনতাক ৷ উল্লেখ্য যে বিগত এটা দশক ধৰি নুমলীগড়ৰ পৰা ডিব্ৰুগড়লৈ নিৰ্মাণ কৰি থকা ফ'ৰলেন পথছোৱাৰ কাম শামুকীয়া গতিতেই চলি আছে ৷ ইয়াৰ মাজতে কেন্দ্ৰীয় ৰাষ্ট্ৰীয় ঘাইপথ আৰু পৰিবহন বিভাগৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে চলিত বৰ্ষৰ জুন মাহৰ ভিতৰত পথছোৱাৰ কাম সমাপ্ত হ’ব বুলি ঘোষণা কৰিছে যদিও কোনো আশ্বস্ত হ'ব পৰা নাই ৷ কাৰণ এই সময়ছোৱাৰ ভিতৰত পথছোৱাৰ কাম সমাপ্ত হোৱাৰ সম্ভাৱনা নাই ৷
খোদ কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি নুমলীগড়ৰ পৰা যোৰহাটৰ মাজৰ পথছোৱাৰ কাম এতিয়ালৈকে সম্পূৰ্ণ হৈছে 96 শতাংশ ৷ অথচ এই পথছোৱাৰ কাম 2018 চনৰ 21 মে’তে সম্পূৰ্ণ হোৱাৰ কথা আছিল ৷ আনহাতে বিভিন্ন সমস্যাৰ বাবে বহু পলমকৈ কাম আৰম্ভ হোৱা দেৰগাঁও অঞ্চলৰ পথছোৱাৰ কাম 95 শতাংশ সম্পূর্ণ হৈছে ৷ যোৰহাট-জাঁজীৰ মাজৰ পথছোৱাৰ কাম মাত্ৰ 35.86 শতাংশ সম্পূর্ণ হৈছে ৷ অথচ এই পথছোৱাৰ কাম 2021 চনৰ ডিচেম্বৰৰ ভিতৰত সমাপ্ত কৰাৰ সময় বান্ধি দিয়া হৈছিল ৷ সেইদৰে 2022 চনৰ ছেপ্টেম্বৰৰ ভিতৰত কাম সম্পূৰ্ণ হ'বলগীয়া জাঁজী-ডিমৌৰ মাজৰ অংশৰ কাম আগবাঢ়িছে মাত্র 30.45 শতাংশ ৷ ডিমৌ আৰু মৰাণ বাইপাছৰ মাজৰ পথছোৱাৰ কামো আগবাঢ়িছে মাত্র 11.12 শতাংশহে ৷ অথচ এইছোৱা পথৰ কাম বিগত বৰ্ষৰ জানুৱাৰী মাহতে সম্পূৰ্ণ হোৱাৰ কথা আছিল ৷
মৰাণ বাইপাছ আৰু ডিব্ৰুগড়ৰ লেপেটকটাৰ মাজৰ অংশৰ কাম 2021 চনতে সমাপ্ত হ’ব লাগিছিল যদিও এতিয়াও এই অংশৰ প্ৰায় 25 শতাংশ কাম সম্পূর্ণ হ’বলৈ বাকী আছে ৷ ইফালে ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন কৰ্পৰেশ্যন লিমিটেডে বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত যোৰহাট-জাঁজী আৰু মৰাণ বাইপাছ-বগীবিলৰ মাজৰ পথছোৱা নিৰ্মাণৰ দায়িত্বত থকা দুয়োটা প্ৰতিষ্ঠানকে কামৰ পৰা অব্যাহতি দিছিল ৷ ইয়াৰ পাছত নতুন নিবিদা আহ্বান কৰা হৈছে যদিও এতিয়ালৈকে এই প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা নাই ৷ এনে পৰিস্থিতিত এই দুয়োটা অংশৰ নিৰ্মাণৰ কাম যে আৰু অধিক পিছুৱাই যাব সেয়া নিশ্চিত ৷
লক্ষণীয় বিষয় যে নুমলীগড়ৰ পৰা ডিব্ৰুগড়লৈকে 37 নং ৰাষ্ট্ৰীয় ঘাইপথটো ফ’ৰলেনলৈ উন্নীত কৰাৰ বাবে 2013 চনৰ 20 ছেপ্টেম্বৰতে অর্থনৈতিক পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছিল ৷ কিন্তু আশ্চর্যজনক কথা যে অনুমোদন লাভ কৰাৰ দহ বছৰৰ পাছতো পথটোৰ কাম আজিলৈকে সম্পূৰ্ণ হোৱা নাই ৷ ইফালে ফ’ৰলেন নিৰ্মাণৰ নামত নির্মাণকাৰী প্ৰতিষ্ঠানসমূহে পূৰ্বৰ পথছোৱা মেৰামতি নকৰাৰ ফলত পথসমূহে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ যাৰ ফলত নিতৌ বিভিন্ন স্থানত দুর্ঘটনা সংঘটিত হ’বলৈ ধৰিছে ৷
শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীৰ উপস্থিতিত গুৱাহাটীত অনুষ্ঠিত এখন পর্যালোচনা সভাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই পথছোৱাৰ নিৰ্মাণ কাৰ্য ক্ষিপ্ৰ কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীজনক অনুৰোধ জনাইছিল যদিও ইয়াৰ পাছতো পথ নিৰ্মাণৰ কাম দ্ৰুত হোৱা নাই ৷ আনকি কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়েও ফ’ৰলেন পথ নিৰ্মাণৰ লেহেমীয়া বিষয়টো সদ্য সমাপ্ত সংসদৰ অধিৱেশনতো উত্থাপন কৰিছিল ৷ কিন্তু ইয়াৰ পাছতো চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ যাৰ ফলত যাত্ৰীয়ে অভাৱনীয় সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে ৷
লগতে পঢ়ক : অসম এৰিলে আনন্দ মিশ্ৰই, ন্যায় পালেনে কীৰ্তিকমল বৰাই ?