ETV Bharat / state

হাফলঙত লাডাখৰ ষষ্ঠ অনুসূচী আন্দোলনৰ অন্যতম নেতা চোনম ৱাংচুক - SONAM WANGCHUK VISIT HAFLONG

সোমবাৰে ৱাংচুকে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোছাক সাক্ষাৎ কৰে ।

Sonam Wangchuk visit Haflong
হাফলঙত চোনম ৱাংচুক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 11, 2024, 6:54 PM IST

Updated : Nov 11, 2024, 6:59 PM IST

হাফলং: লাডাখৰ ষষ্ঠ অনুসূচী আন্দোলনৰ অন্যতম নেতা, পৰিৱেশবিদ তথা আমিৰ খান অভিনীত ছবি 'থ্ৰি ইডিয়ট'ৰ অভিনেতা চোনম ৱাংচুক সোমবাৰে হাফলঙত উপস্থিত হয় । ষষ্ঠ অনুসূচীৰ অধীনত থকা ডিমা হাছাও জিলাৰ ৰাজনৈতিক আৰু প্ৰশাসনিক ব্যৱস্থাৰ অধ্যয়নৰ বাবে তেওঁ হাফলঙত উপস্থিত হয় ।

হাফলঙত উপস্থিত হৈ তেওঁ সোমবাৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোছা আৰু কাৰ্যনিৰ্বাহক সদস্যসকলৰ সৈতে মিলিত হয় ।

হাফলঙত চোনম ৱাংচুক (ETV Bharat Assam)

হাফলঙত সাংবাদিকৰ সৈতে বাৰ্তালাপত চোনম ৱাংচুকে কয়, "আছাম ইউনিভাৰ্ছিটী চেণ্টাৰ ফৰ কাৰ্বি ষ্টাডিজ আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ যুটীয়া উদ্যোগত ডিফুত এখন ছেমিনাৰৰ আয়োজন কৰা হৈছে । মই এই ছেমিনাৰত অংশগ্ৰহণ কৰিবলৈ আহিছো । ষষ্ঠ অনুসূচীৰ 75 বছৰ উদযাপন উপলক্ষে এই ছেমিনাৰৰ আয়োজন কৰা হৈছে ।"

ৱাংচুকে লগতে কয়, "এই ছেমিনাৰৰ বিষয়বস্তু হৈছে ষষ্ঠ অনুসূচীৰ অধীনত থকা জনগোষ্ঠীৰ সংস্কৃতিৰ সংৰক্ষণ, সামগ্ৰিক উন্নয়ন আৰু পৰিৱেশ সংৰক্ষণৰ ওপৰত আলোচনা ।" তেওঁ এই বিষয়ত ছেমিনাৰত অংশগ্ৰহণ কৰিব ।

তেওঁ লগতে জানিবলৈ দিয়ে যে ষষ্ঠ অনুসূচী ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনাত মিলিত হ'ব । এই আলোচনা অহা 3 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব বুলি উল্লেখ কৰি তেওঁ কয়, "ইয়াৰ পূৰ্বে ডিমা হাছাও জিলাৰ ৰাজনৈতিক আৰু প্ৰশাসনিক ব্যৱস্থাৰ বিষয়ে অধ্যয়ন কৰাৰ বাবে আমি হাফললৈ আহিছো । আমি লাডাখত ষষ্ঠ অনুসূচী আৰু আমাৰ সংস্কৃতি-পৰিৱেশ বচোৱাৰ বাবে আলোচনা চলাই আছো ।"

তেওঁ লগতে উল্লেখ কৰে যে লাডাখত লোকতন্ত্ৰৰ কোনো মঞ্চ নাই । লোকতন্ত্ৰৰ পৰা বঞ্চিত লাডাখ । কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাৰ সময়ত এই বিষয়সমূহ উত্থাপন কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক :ৰাস মহোৎসৱত মাজুলীত পদূলিয়ে পদূলিয়ে জ্বলিব লক্ষাধিক বন্তি
লগতে পঢ়ক :চক্ৰবৃদ্ধি হাৰত অৱনতি ঘটিছে অসমৰ অৰ্থনীতিৰ: অজাপৰ অভিযোগ

Last Updated : Nov 11, 2024, 6:59 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.