ETV Bharat / state

শিৱসাগৰত ৰামোজী ৰাওলৈ শেষ শ্ৰদ্ধা জ্ঞাপন - Tribute to Ramoji Rao

author img

By ETV Bharat Assamese Team

Published : Jun 20, 2024, 4:39 PM IST

Tribute to Ramoji Rao : বৃহস্পতিবাৰে শিৱসাগৰত আয়োজন কৰা হয় এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷ এই অনুষ্ঠানত ৰামোজী ৰাওক শেষ শ্ৰদ্ধা জ্ঞাপন কৰা হয় ৷

life history of Ramoji Rao
শিৱসাগৰত ৰামোজী ৰাওলৈ শেষ শ্ৰদ্ধা জ্ঞাপন (ETV Bharat)

শিৱসাগৰ, 20 জুন : 13 দিনৰ পূৰ্বে অৰ্থাৎ 8 জুনত সকলোকে এৰি গুচি গ’ল অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী ৰামোজী ৰাও ৷ ৰামোজী ৰাওলৈ শেষ শ্ৰদ্ধা জনাই বৃহস্পতিবাৰে শিৱসাগৰত আয়োজন কৰা হয় এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷ এই অনুষ্ঠানত উপস্থিত থাকি মহান ব্যক্তিগৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধা নিবেদন কৰে শিৱসাগৰ ছোৱালী কলেজৰ অধ্যক্ষ ড৹ প্ৰতীম শৰ্মা, শিৱসাগৰ জিলা সাংবাদিক সংস্থাৰ সম্পাদক জয়জ্যোতি গগৈৰ লগতে বহু লোকে ৷

শিৱসাগৰ প্ৰেছ ক্লাৱত আয়োজিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰথমে প্ৰয়াত ৰাওৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰা হয় ৷ তাৰ পাচতে ৰামোজী ৰাওৰ জীৱনৰ ওপৰত চুটি আলোকপাত কৰে শিৱসাগৰ ছোৱালী কলেজৰ প্ৰাক্তন অধ্যাপক ৰঞ্জিত তামুলীয়ে । ৰঞ্জিত তামুলীৰ লগতে শিৱসাগৰৰ সংবাদ মহল, সমাজ-শিক্ষা-ক্ৰীড়া-সাংস্কৃতিক জীৱনৰ সৈতে জড়িত বহু কেইগৰাকী ব্যক্তিয়ে অংশগ্ৰহণ কৰি প্ৰয়াত ৰাওৰ কৰ্মৰাজিক স্মৰণ কৰে ।

লগতে পঢ়ক : স্মৃতি বনমত পদচিহ্ন ৰৈ গ’ল ৰামোজী গ্ৰুপ অৱ কোম্পানীৰ অধ্যক্ষ ৰামোজী ৰাওৰ - Ramoji Rao passes away

উল্লেখ্য যে, 1936 চনৰ 16 নৱেম্বৰত গুডিভাদাৰ সমীপৰ এখন সেউজীয়া গাঁও পেদাপাৰুপুডীত ৰমাইয়াৰ জন্ম হয় । ককাকে শিশুটিৰ নাম ৰাখিলে ৰমাইয়া ৷ কিন্তু শিশু ৰমাইয়াই ইয়াক আধুনিকীকৰণ কৰি ৰামোজী ৰাও কৰিলে । তেওঁৰ স্বকীয়তা আৰু সৃষ্টিশীলতাৰ প্ৰতিফলন শিশু অৱস্থাৰ পৰাই দেখিবলৈ পোৱা গৈছিল ৷

প্ৰয়াত ৰাও আছিল ৰামোজী গ্ৰুপৰ প্ৰতিষ্ঠাপক মুৰব্বী । তেওঁৰ নেতৃত্বতে গঢ় লৈ উঠিছিল বিশ্বৰ সৰ্ববৃহৎ চলচ্চিত্ৰ ষ্টুডিঅ' ৰামোজী ফিল্ম চিটী । আনহাতে, মিডিয়া বেৰনৰূপে খ্যাত ৰামোজী ৰাও তেলুগু বাতৰিকাকত ঈনাডু, ইটিভি নেটৱৰ্ক, চলচ্চিত্ৰ প্ৰডাকচন কোম্পানী ঊষা কিৰণ মুভিজৰ দৰে বহু উল্লেখযোগ্য সংস্থাৰো কৰ্ণধাৰ আছিল ।

লগতে পঢ়ক : উভতি নহাৰ বাটেৰে গ’ললৈ ৰামোজী ফিল্ম চিটীৰ জন্মদাতা, শোকসন্তপ্ত দাক্ষিণাত্য - life history of Ramoji Rao

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.