ETV Bharat / state

ধিঙত বানাক্ৰান্তৰ মাজত অখিল গগৈ : ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ লগতে উপযুক্ত ক্ষতিপূৰণ দাবী - Assam Flood 2024

author img

By ETV Bharat Assamese Team

Published : Jul 11, 2024, 7:45 PM IST

Akhil Gogoi Visited Dhing : ধিং সমষ্টিত বানাক্ৰান্ত ৰাইজৰ কাষত অখিল গগৈ । বানাক্ৰান্ত বিস্তীৰ্ণ অঞ্চল নাৱেৰে পৰিভ্ৰমণ শিৱসাগৰৰ বিধায়কগৰাকীৰ । লগতে বানত ক্ষতিগ্ৰস্ত ৰাইজক উপযুক্ত ক্ষতিপূৰণ দিবৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায় ।

Akhil Gogoi Visited Dhing
ধিঙত বানাক্ৰান্তৰ মাজত অখিল গগৈ (ETV Bharat Assam)

ধিং, ১১ জুলাই : বৃহস্পতিবাৰে বানাক্ৰান্ত ধিং সমষ্টি পৰিদৰ্শন কৰে বিধায়ক অখিল গগৈয়ে । বানে বিধ্বস্ত কৰা ধিং সমষ্টিৰ চৰৰ কেইবাটাও ক্ষতিগ্ৰস্ত এলেকালৈ গৈ অখিল গগৈয়ে বানপীড়িত ৰাইজৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ ক্ষয়-ক্ষতিৰ লগতে স্বাস্থ্যৰ বুজ লয় ।

উল্লেখ্য, এইবাৰ ধিং সমষ্টিত বানে এক বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে । অৱশ্যে এই বছৰেই যে এনে পৰিস্থিতিৰ সৃষ্টি হৈছে তেনে নহয় । প্ৰত্যেক বছৰেই ধিঙত বানে এনে ভয়াৱহ ধ্বংসলীলাৰ সৃষ্টি কৰি আহিছে । বৰ্তমান বানৰ সংহাৰ কিছু হ্ৰাস পাইছে যদিও বন্যাৰ্তৰ আৰ্তনাদ কমা নাই ।

ইফালে নিজৰ চকুৰ সন্মুখতে আপোন ঘৰখন ধ্বংস হৈ পৰাৰ দৃশ্য পাহৰিব নোৱাৰি অখিল গগৈৰ সন্মুখত উচুপি উঠে বানাক্ৰান্ত লোকসকলে । বিশেষকৈ ধিং সমষ্টিৰ চৰ এলেকাৰ শ শ পৰিয়ালৰ বাসগৃহ বুৰাই পেলোৱাৰ লগতে ধ্বংস কৰাত বানাক্ৰান্ত ৰাইজে জীৱ-জন্তুৰ সৈতে সহৱস্থান কৰিবলগা হৈছে । কপালৰ ঘাম মাটিত পেলাই গাঁঠিৰ ধন ব্যয় কৰি বিভিন্ন প্ৰজাতিৰ শাক-পাচলিৰ খেতি কৰিছিল যদিও প্ৰলয়ংকৰী বানে সকলো বুৰাই ধ্বংস কৰাত চৰবাসীৰ মাজত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে ।

আনহাতে, চৰবাসীয়ে ভৱিষ্যতে কি খাই জীয়াই থাকিব সেই চিন্তাত দিকবিদিক হেৰুৱাই পেলাইছে । সেয়ে ক্ষতিগ্ৰস্ত কূষক ৰাইজক সাহায্য প্ৰদানৰ যাৱতীয় কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ অখিল গগৈয়ে চৰকাৰক দাবী জনায় । অখিল গগৈয়ে যন্ত্ৰচালিত নাৱেৰে বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰাৰ পাচত সাংবাদিকৰ আগত কয় যে ধিং সমষ্টিৰ এই শ্লুইচগে'টত চৰ-চাপৰি ৰাইজৰ সুবিধাৰ্থে এখন দলঙৰ প্ৰয়োজন। সেয়ে দৈনিক হাজাৰ হাজাৰ লোক অহা-যোৱা কৰা এই শ্লুইচগে'টত এখন দলং নিৰ্মাণৰ বাবে অখিল গগৈয়ে চৰকাৰৰ ওচৰত দাবী জনায় ।

লগতে লাওখোৱা বন বিভাগে দুজন মাছমৰীয়া লোকক গুলীয়াই হত্যা কৰিব পাৰে যদিও এসপ্তাহ ধৰি বাঘ এটা বিচৰণ কৰি থকাৰ পাচতো ধৰিব পৰা নাই বুলি বন বিভাগৰ তীব্ৰ সমালোচনা কৰে । উল্লেখ্য যে অঞ্চলটোত বাঘে তিনিজন লোকক আক্ৰমণ কৰি বেয়াকৈ আহত কৰে ।

আনহাতে, বানত ক্ষতিগ্ৰস্ত মৰাপাট, মাকৈ খেতিৰ বাবে উপযুক্ত ক্ষতিপূৰণ দিবলৈও অখিল গগৈয়ে চৰকাৰক দাবী জনায় । অখিল গগৈয়ে ধিং সমষ্টিৰ বান পৰিস্থিতিৰ বুজ লৈ ডুমডুমীয়া শ্লুইচগে'টত উপস্থিত হয় আৰু দলীয় কৰ্মীসকলৰ সৈতে এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে । বৈঠকত বান পৰিস্থিতি স্বাভাৱিক হোৱাৰ পাচত কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায়, দলীয় কৰ্মীসকলে বানপীড়িত ৰাইজক কেনেদৰে সেৱা আগবঢ়াব সেই বিষয়ে আলোচনা কৰে ।

উল্লেখ্য, ৰাইজৰ দুৰ্যোগৰ সময়ত অখিল গগৈক কাষতে পোৱাত বানাক্ৰান্ত ৰাইজে সন্তুষ্টি প্ৰকাশ কৰে । কিয়নো অখিল গগৈ শিৱসাগৰ সমষ্টিৰ বিধায়ক হৈ ধিং সমষ্টিৰ বানপীড়িত ৰাইজৰ খবৰ ল'বলৈ অহিছে যদিও স্থানীয় বিধায়কগৰাকীয়ে আজিলৈকে বন্যাৰ্তৰ খবৰ ল'বলৈ আহৰি পোৱা নাই । অখিল গগৈক ধিং সমষ্টিৰ বহুকেইজন বিশিষ্ট ব্যক্তিয়ে সহযোগিতা আগবঢ়োৱাৰ লগতে ধিং সমষ্টিৰ যুৱ নেতা মেহবুব মোক্তাৰেও তেওঁক সংগ দিয়ে ।

লগতে পঢ়ক :বানত পুনৰ ৪ জনৰ মৃত্যু: মৃতকৰ সংখ্যা ৮৩ লৈ বৃদ্ধি, কাজিৰঙাত ৯ টা গঁড়সহ ১৫৯ টা বন্যপ্ৰাণীৰ মৃত্যু - Assam Flood 2024
লগতে পঢ়ক :বানৰ সময়ত কেন্দ্ৰীয় মন্ত্রীৰ বিলাসিতা অসমীয়া জাতিৰ প্ৰতি অপমান: অখিল গগৈ - ASSAM FLOOD 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.