ETV Bharat / state

সীতাজখলাৰ ৬৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন - registration day of Sitajakhala

67th registration day of Sitajakhala : মধ্য অসমত শ্বেত বিপ্লৱৰ সূচনা কৰা সীতাজখলা দুগ্ধ উৎপাদন কেন্দ্ৰৰ ৬৭ সংখ্যক প্ৰতিষ্ঠা দিৱস ৷ এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি জাগীৰোডত কেবাগৰাকীও কৃষকক সম্বৰ্ধনা জনোৱা হয় ।

author img

By ETV Bharat Assamese Team

Published : Jun 13, 2024, 2:21 PM IST

Etv Bharat
Etv Bharat (Etv Bharat)

মৰিগাঁও, ১৩ জুন : মঙলবাৰে দিনযোৰা কাৰ্যসূচীৰে জাগীৰোডৰ বহুমুখী প্ৰেক্ষাগৃহত পালন কৰা হয় সীতাজখলাৰ ৬৭ সংখ্যক প্ৰতিষ্ঠা দিৱস ৷ বৃত্তিগত গো-সেৱাৰ শতবৰ্ষৰ দুৱাৰদলিত উপনীত হোৱা তথা মধ্য অসমত দুগ্ধ বিপ্লৱৰ সূচনা কৰিছে সীতাজখলাই ৷

সীতা জখলাৰ ৬৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন (ETV Bharat Assam)

প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি তিৱা স্বায়ত্তপৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য নাৰায়ণ ৰাডু কাকতিৰ সঞ্চালনাত অনুষ্ঠিত কৰা হয় এক কৃষক সভা । কৃষক সভাত উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰীকা ৷ এই সভাতে মন্ত্ৰী হাজৰীকাৰ দ্বাৰা প্ৰদান কৰা হয় সীতাজখলাৰ নন্দলাল উপাধ্যায় ৰাজ্যিক কৃষক বঁটা ২০২৩ আৰু ২০২৪ ৷

লগতে ২০২৩ বৰ্ষৰ নন্দলাল উপাধ্যায় কৃষক বঁটা প্ৰদান কৰা হয় বাক্সা জিলাৰ উত্তৰ আঞ্চলিক জেনেৰেল পাগলাদিয়া ডাং-বান্ধ কমিটিক ৷ আনহাতে ২০২৪ বৰ্ষৰ এই বঁটাৰ প্ৰদান কৰা হয় লখিমপুৰৰ সান্দহখোৱাৰ লফা গাঁও উন্নয়ন সমিতিক ৷

ইয়াৰ উপৰি এইবেলি প্ৰথমবাৰৰ বাবে সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিয়ে কৃষিক বিষয়বস্তু হিচাপে লৈ ৰাজ্যিক ভিত্তিত আয়োজন কৰা হয় প্ৰেম বাহাদুৰ থাপা স্মাৰক চিত্ৰাংকন আৰু বিষ্ণুলাল বজগাই স্মাৰক ৰচনা প্ৰতিযোগিতা ৷ এই প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহো উক্ত সভাতে মন্ত্ৰীগৰাকীয়ে প্ৰদান কৰে ৷ আনহাতে, উক্ত অনুষ্ঠানতে উন্মোচন কৰা হয় সীতাজখলাৰ যাত্ৰা পুথি আৰু সীতাজখলা নামৰ স্মৃতিগ্ৰন্থও ৷

সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে জাগীৰোড আমলিঘাটৰ সীতা জখলাই বাৰ্তা দিয়ে কেনেকৈ কৃষি কৰ্মৰ জৰিয়তে মানুহ স্বাৱলম্বী হ’ব পাৰ । তেওঁ লগতে কয় যে জাগীৰোড সীতা জখলা দুগ্ধ উৎপাদন অনুষ্ঠানটো ১৯২৫ চনত প্ৰতিষ্ঠা হৈছিল আৰু অহা বৰ্ষত এই গৰিমা মণ্ডিত আপোন অনুষ্ঠানটোৱে এশ বৰ্ষত ভৰি থ’ব ।

মঙলবাৰে আয়োজিত এই অনুষ্ঠানত অসম চৰকাৰৰ অসম গৌৰৱ বঁটা প্ৰাপক নাদিৰাম দেউৰী, ভোগা জোনবিল মেলাৰ সম্পাদক তথা সীতা জখলা আদৰণি সমিতিৰ সম্পাদক জুৰচিং বৰদলৈয়েও অংশগ্ৰহ ণ কৰে ৷

লগতে পঢ়ক : নাকেৰে বাঁহীত মধুৰ সুৰ তোলা এজন চহা শিল্পী - Unique flute player

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.