ETV Bharat / state

শিলচৰত চিটফাণ্ডকাণ্ডত তৃণমূল কংগ্ৰেছৰ নেতাসহ ধৃত ৭ - Cachar Chit Fund Case

author img

By ETV Bharat Assamese Team

Published : Sep 5, 2024, 2:23 PM IST

Silchar Chit Fund Case : শিলচৰত চিটফাণ্ডৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ তৃণমূল কংগ্ৰেছৰ নেতাসহ ৭ । সিংহানিয়া ফিনটেক এগ্ৰিবিজনেছ কনছৰ্টিয়াম কোম্পানীত অভিযান আৰক্ষীৰ । গ্ৰেপ্তাৰ তৃণমূলৰ সোণাই সমষ্টিৰ ব্লক সভাপতি হায়দৰ হুছেইন ।

Silchar Chit Fund Case
শিলচৰত চিটফাণ্ড কাণ্ডত তৃণমূল কংগ্ৰেছৰ নেতাসহ ধৃত ৭ (ETV Bharat Assam)

শিলচৰ, ৫ ছেপ্টেম্বৰ : অনলাইন ট্ৰেডিঙৰ পিচত এইবাৰ চিটফাণ্ড কেলেংকাৰী । বৰাকত গা কৰি উঠিছে এই চিটফাণ্ড কেলেংকাৰী । এই চিটফাণ্ডক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বৰাকত ।

আনহাতে, শিলচৰত চিটফাণ্ডৰ বিৰুদ্ধে আৰক্ষীয়ে এক অভিযান চলায় । এই অভিযানত গ্ৰেপ্তাৰ হয় তৃণমূল কংগ্ৰেছৰ নেতাসহ ৭ জন ৷ ধৃত আটাইকেইজন সিংহানিয়া ফিনটেক এগ্ৰিবিজনেছ কনছ'ৰ্টিয়াম কোম্পানী লিমিটেডৰ কাছাৰ শাখা কাৰ্যালয়ৰ কৰ্মী ।

উল্লেখ্য যে, ঋণ প্ৰদানৰ নামত প্ৰতাৰণা কৰাৰ অভিযোগত দুদিন পূৰ্বে সিংহানিয়া ফিনটেক এগ্ৰিবিজনেছ কনছ'ৰ্টিয়াম কোম্পানী লিমিটেড নামৰ এক চিটফাণ্ড কোম্পানীৰ বিৰুদ্ধে আৰক্ষীয়ে হাইলাকান্দিত অভিযান চলাইছিল । এই অভিযানত গ্ৰেপ্তাৰ হৈছিল বিজেপিৰ সংখ্যালঘু মৰ্চাৰ হাইলাকান্দি জিলাৰ সভাপতি তথা চিটফাণ্ড কোম্পানীটোৰ বৰাক উপত্যকাৰ কো-অৰ্ডিনেটৰ আমজাদুল হুছেইনসহ ৯ জনকৈ লোক ।

হাইলাকান্দিৰ পাচত এইবাৰ চিটফাণ্ড কোম্পানীটোৰ বিৰুদ্ধে কাছাৰত চলে আৰক্ষীৰ অভিযান । আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হয় তৃণমূল কংগ্ৰেছৰ সোণাই সমষ্টিৰ ব্লক সভাপতি হায়দৰ হুছেইনসহ চিটফাণ্ড কোম্পানীটোৰ ৭ জনকৈ কৰ্মচাৰী ৷ উল্লেখ্য যে ধৃত তৃণমূল কংগ্ৰেছ নেতা হায়দৰ হুছেইন আছিল সিংহানিয়া ফিনটেকৰ কাছাৰ জিলাৰ এজন এজেণ্ট ।

আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হোৱা ৭ জনৰ মাজত চাৰিগৰাকী মহিলাও আছে । বৃহৎ ঋণ দিয়াৰ নামত কাছাৰত বিভিন্নজনৰ পৰা ধৃত এজেণ্টকেইজনে সংগ্ৰহ কৰিছিল ২ হাজাৰকৈ টকা । আনহাতে, শিলচৰৰ অম্বিকাপট্টিস্থিত চিটফাণ্ড কোম্পানীটোৰ কাৰ্যালয়ত আৰক্ষীয়ে অভিযান চলাই বহু আপত্তিজনক নথিপত্ৰ জব্দ কৰে ।

ইয়াৰ উপৰি চিটফাণ্ড কোম্পানীটোৰ আন কৰ্মচাৰীসকলক বিচাৰি কাছাৰ আৰক্ষীৰ অভিযান অব্যাহত আছে । পৰৱৰ্তী সময়ত এই চিটফাণ্ডত জড়িত থকাৰ অভিযোগত জিলাখনৰ বহু নামী-দামী লোক আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক :ফুটবল খেলৰ বিজয় উল্লাসক কেন্দ্ৰ কৰি কাছাৰৰ ধলাইত ভয়ংকৰ ঘটনা - Cachar Football match tragedy
লগতে পঢ়ক :অনলাইন ট্ৰেডিং কেলেংকাৰীৰ জালত নপৰিবলৈ মুখ্যমন্ত্ৰীয়ে দিলে এই পৰামৰ্শ... - Online trading scam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.