ETV Bharat / state

কলিয়াবৰ ন্যায়িক আদালতত জোনমণি ৰাভাৰ মাতৃ, গোচৰ প্ৰত্যাহাৰ - Junmoni Rabha Death Case

author img

By ETV Bharat Assamese Team

Published : Apr 4, 2024, 6:14 PM IST

Junmoni Rabha Death Case : জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত তৰা গোচৰত মাতৃ সুমিত্ৰা ৰাভাৰ প্ৰত্যাহাৰৰ আবেদন বৃহস্পতিবাৰে কলিয়াবৰ ন্যায়িক আদালতে গ্ৰহণ কৰে ৷ কলিয়াবৰ ন্যায়িক আদালতত চি বি আইৰ আবেষ্টনীত উপস্থিত জোনমণি ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভা ৷

Junmoni Rabha Death Case
কলিয়াবৰ ন্যায়িক আদালতত জোনমনি ৰাভাৰ মাতৃ
গোচৰ প্ৰত্যাহাৰ জোনমনি ৰাভাৰ মাতৃৰ

কলিয়াবৰ, 4 এপ্ৰিল : জোনমণি ৰাভাৰ সন্দেহজনক মৃত্যু সন্দৰ্ভত জখলাবন্ধা আৰক্ষী নিৱেশত তৰা গোচৰত মাতৃ সুমিত্ৰা ৰাভাৰ প্ৰত্যাহাৰৰ আবেদন বৃহস্পতিবাৰে কলিয়াবৰ ন্যায়িক আদালতে গ্ৰহণ কৰে ৷ জখলাবন্ধা আৰক্ষী থানাত ৰুজু হোৱা গোচৰটো আদালতত আগবঢ়াই নিব নোৱাৰিব বুলি প্ৰত্যাহাৰৰ আবেদন জোনমণি ৰাভাৰ মাতৃৰ ৷ সেই উদ্দেশ্যেৰে কলিয়াবৰ ন্যায়িক আদালতত উপস্থিত হ'ল জোনমণি ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভা ৷ সুমিত্ৰা ৰাভাৰ লগতে চি বি আইৰ এটা দলকো দেখা যায় আদালত চৌহদত ৷

জখলাবন্ধা আৰক্ষী নিৱেশত জোনমণি ৰাভাৰ মাতৃয়ে তৰা 87/23 নম্বৰৰ গোচৰটো প্ৰত্যাহাৰৰ আবেদনত মোহৰ মাৰে কলিয়াবৰ মহকুমা ন্যায়িক আদালতে ৷ আনহাতে জখলাবন্ধা আৰক্ষী নিৱেশত আৰক্ষীৰ তৰফৰ পৰা তৰা জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ সন্দৰ্ভত 84/23 নম্বৰৰ গোচৰটো তদানীন্তন জখলাবন্ধা আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৱন কলিতাই প্ৰত্যাহাৰ কৰিবলৈ দিয়া আবেদন আদালতে খাৰিজ কৰে ৷ বিশেষ সূত্ৰই জনোৱা মতে, গৃহ বিভাগৰ অনুমতি অবিহনে গোচৰটো আদালতে খাৰিজ কৰিব নোৱাৰিব বুলি ৰায় দিয়ে ৷

বিগত 15 মে’ত এক ৰহস্যজনক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ সেই সময়ৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভাই ৷ 15 মে’ৰ মাজনিশা কলিয়াবৰৰ জখলাবন্ধাৰ সৰুভগীয়াত এখন ট্ৰেইলাৰৰ সৈতে মুখামুখি সংঘৰ্ষ হোৱা অৱস্থাত গাড়ীৰ ভিতৰৰ পৰাই উদ্ধাৰ হৈছিল জোনমণি ৰাভাৰ মৃতদেহ ৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ পাচৰে পৰা এই ঘটনাক এক পৰিকল্পিত হত্যাকাণ্ড আখ্যা দিছিল পৰিয়ালৰ লোককে ধৰি বিভিন্ন দল-সংগঠনে ৷ ঘটনাৰ চি বি আইৰ তদন্তৰ দাবী কৰিছিল সকলোৱে ৷

অসম চৰকাৰে ঘটনাৰ চি আই ডিৰ তদন্ত দিছিল যদিও পিচত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চি বি আই তদন্তৰ ঘোষণা কৰে ৷ দীঘলীয়া তদন্তৰ অন্তত চি বি আইয়ে জোনমণিৰ দুৰ্ঘটনাত মৃত্যু হৈছিল বুলি ঘোষণা কৰিছিল ৷ জোনমণি ৰাভাৰ মাতৃ চি বি আইৰ আৱেষ্টনীৰে উপস্থিত হোৱাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ সুমিত্ৰা ৰাভাক আদালত চৌহদত উপস্থিত থকা সংবাদকৰ্মীৰ পৰা কৌশলেৰে আঁতৰাই ৰাখে চি বি আইৰ দলটোৱে ৷ কিন্তু জোনমণিৰ মাতৃৰ গোচৰ প্ৰত্যাহাৰৰ অন্তৰালত গভীৰ ষড়যন্ত্ৰ আছে বুলি এটা পক্ষই দাবী কৰিছে ৷ আনহাতে আৰক্ষীৰ গোচৰ প্ৰত্যাহাৰৰ আবেদনেও ৰহস্যঘন কৰি তুলিছে সমগ্ৰ তদন্ত প্ৰক্ৰিয়া ৷ আজিৰ এই প্ৰক্ৰিয়াৰ পাচত জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তই আন দিশে গতি কৰাৰো সম্ভাৱনা প্ৰকট হৈ উঠিছে ৷

লগতে পঢ়ক : গাৰ তেজ মৰি যোৱাকৈ যুৱকক অকথ্য নিৰ্যাতন থানাত; ডিজিপি-মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী - Third Degree Torture

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.