ETV Bharat / state

প্ৰসংগ: লাওখোৱা অভয়াৰণ্যত গুলীচালনা; তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ - CM ON laokhowa INCIDENT

author img

By ETV Bharat Assamese Team

Published : Jun 23, 2024, 7:04 AM IST

Shooting of two fishermen : লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যৰ গুলীচালনাৰ ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছিল দল-সংগঠনে । শনিবাৰে সন্ধিয়া X যোগে সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে ৰাজ্যৰ মুখ্য সচিবক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

Forest Department Encounter
লাওখোৱা অভয়াৰণ্যত বনকৰ্মীক গুলীচালনাৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (ETV Bharat Assam)

নগাঁও, 23 জুন: চোৰাং মাছমৰীয়াৰ সন্দেহত লাওখোৱা অভয়াৰণ্যৰ বনকৰ্মীয়ে চলোৱা গুলীত দুই ভাতৃৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি চেপা উত্তেজনা অব্যাহত সমগ্ৰ জুৰীয়া অঞ্চলত । শুকুৰবাৰে নিশা সংঘটিত হৈছিল এই এনকাউণ্টাৰৰ ঘটনা । ঘটনাৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে সমগ্ৰ ঘটনাৰ তদন্ত ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

উল্লেখ্য যে, শুকুৰবাৰে মাজনিশা মাছ ধৰিবলৈ যোৱাৰ পথতেই লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যৰ চৰাইহাগী বন শিবিৰ এলেকাত সংঘটিত হৈছিল এক গুলীচালনাৰ ঘটনা । বনকৰ্মীৰ গুলীত জুৰীয়াৰ ধিং বড়ি চাপৰিৰ দুই ভাতৃ জলিল উদ্দিন আৰু ছমিৰ উদ্দিনে হেৰুৱাইছিল প্ৰাণ ।

চোৰাং মাছমৰীয়াৰ সন্দেহত বনৰক্ষীয়ে চলোৱা গুলীত থিতাতে নিহত হৈছিল দুই ভাতৃ জলিল উদ্দিন আৰু ছমিৰ উদ্দিন ৷ নিশাই মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ পাচত শনিবাৰৰ পুৱাৰে পৰা সমগ্ৰ অঞ্চলটোতেই সৃষ্টি হয় চেপা উত্তেজনাৰ ।

লগতে পঢ়ক: বনকৰ্মীৰ গুলীত নিহত দুই মাছমৰীয়া - ENCOUNTER

বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়া

বনকৰ্মীৰ গুলীত দুই ভাতৃৰ মৃত্যুৰ পাছত লাওখোৱা অভয়াৰণ্যৰ বিভিন্ন বিলত চোৰাংকৈ মাছ ধৰাৰ নামত মাছমৰীয়াৰ পৰা একাংশ বনকৰ্মীয়ে ধন লোৱাৰো অভিযোগ উত্থাপন কৰে স্থানীয় লোকে । বনকৰ্মীৰ গুলীত দুই ভাই-ককাইৰ মৃত্যুৰ পাচতেই শনিবাৰে নিহত দুই মাছমৰীয়াৰ বাসগৃহত উপস্থিত হৈ ঘটনাৰ উচিত তদন্তৰ দাবী উত্থাপন কৰে স্থানীয় বিধায়ক নুৰুল হুদাৰ লগতে বিভিন্ন দল-সংগঠনে ।

বিভিন্নজনে বনকৰ্মীৰ গুলীচালনাৰ ঘটনাৰ তদন্তৰ দাবী জনোৱাৰ সময়তে মাজনিশা সংঘটিত ঘটনাৰ তদন্ত ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । X যোগে সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে ৰাজ্যৰ মুখ্য সচিবক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । অৱশ্যে মুখ্যমন্ত্ৰীয়ে পোষ্টটোত বনকর্মীয়ে নিজৰ সুৰক্ষাৰ বাবে গুলীচালনা কৰা বুলিও উল্লেখ কৰে ।

লগতে পঢ়ক: হত্যাৰ অভিযোগত অভিযুক্ত লাওখোৱা বন বিভাগ: বিধায়ক নুৰুল হুদা - Forest Department Encounter

বনকৰ্মীৰ গুলীত দুই ভাতৃৰ মৃত্যুৰ তদন্ত ঘোষণা মুখ্যমন্ত্ৰীয়ে কৰিছে যদিও একাংশ মাছমৰীয়াৰ পৰা বনকৰ্মীয়ে ধন সংগ্ৰহ কৰা বুলি উত্থাপন হোৱা অভিযোগ সন্দৰ্ভতো তদন্ত কৰিবলৈ আহ্বান জনাইছে স্থানীয় লোকে ।

লগতে পঢ়ক: বনকৰ্মীৰ গুলীত নিহত দুই ভাতৃ : ঘটনাক লৈ প্ৰতিক্ৰিয়া আ‌মছুৰ - Forest Department Encounter

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.