ETV Bharat / state

একেলগে অচিনা দেশলৈ, ভগ্নী আহি পোৱাৰ পাচতে সম্পন্ন হ'ব শেষকৃত্য - Shiladitya Chetia commits suicide

author img

By ETV Bharat Assamese Team

Published : Jun 19, 2024, 8:33 PM IST

Former IPS officer shiladitya chetia: জীৱনে মৰণে একেলগে থকাৰ প্ৰতিশ্ৰুতি পূৰণ কৰিলে শিলাদিত্য চেতিয়াই । শুকুৰবাৰে শেষকৃত্য সম্পন্ন হ'ব চেতিয়া দম্পতীৰ । নেমকেয়াৰ হাস্পতালৰ সঞ্চালক ডাঃ হিতেশ বৰুৱাই প্ৰকাশ কৰিছে এই কথা ।

Shiladitya Chetia and Agamoni Barbarooah to be cremated on Friday
ভগ্নী আহি পোৱাৰ পাচতে সম্পন্ন হ'ব শেষকৃত্য (ETV Bharat Assam)

গুৱাহাটী,১৯ জুন: প্ৰেম কিমান গভীৰ হ'লে এজন ব্যক্তিয়ে নিজক শেষ কৰিব পাৰে ! তাৰ এক উদাহৰণ হ'ল দক্ষ আৰক্ষী বিষয়া শিলাদিত্য চেতিয়া । পত্নীৰ প্ৰতি থকা অকৃত্ৰিম প্ৰেমেই যেন কাল হ'ল শিলাদিত্য চেতিয়াৰ । কিন্তু আত্মহত্যাই জানো প্ৰকৃত প্ৰেমৰ পৰিচয় দিব পাৰে, নে নিসংগতাই আত্মহত্যাৰ পথ বাচি লবলৈ বাধ্য কৰাব পাৰে, ইয়াকে লৈ সচেতন মহলৰ মাজত চলিছে সৰৱ চৰ্চা ।

দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ বিগত দুমাহ ধৰি চিকিৎসাধীন হৈ আছিল গৃহ সচিব শিলাদিত্য চেতিয়াৰ পত্নী আগমণি বৰবৰুৱা । বিগত তিনিদিন ধৰি তেওঁৰ অৱস্থা সংকটজনক অৱস্থাত আছিল । মঙলবাৰে বিয়লি ৪:৩০ বজাত আগমণি বৰবৰুৱাই শেষ নিশ্বাস ত্যাগ কৰাৰ খবৰটো আহি পৰিছিল । পূৰ্বৰে পৰা যেন সাজু হৈ আছিল শিলাদিত্য চেতিয়া ।

পত্নীৰ বিয়োগৰ পিচতে অকলশৰীয়া হৈ পৰা চেতিয়াই আই চি ইউৰ ভিতৰতে ছাৰ্ভিচ পিষ্টলেৰে মূৰত গুলীয়াই আত্মহত্যা কৰে । পলকতে শেষ হৈ গ'ল এটা পৰিয়াল । নিশাই জি এম চি এইচত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পিচত সম্প্ৰতি নেমকেয়াৰৰ মৰ্গত ৰখা হৈছে দম্পতীটোৰ নশ্বৰ দেহ । আয়াৰলেণ্ড থকা শিলাদিত্যৰ ভগ্নী বৈশালী চেতিয়া আহি পোৱাৰ পিচতেই সম্পন্ন কৰা হ'ব দুয়োৰে শেষকৃত্য । শুকুৰবাৰে‌হে‌ চেতিয়া দম্পতীৰ শেষকৃত্য সম্পন্ন হ'ব ।

২ টা দিন নেমকেয়াৰৰ মৰ্গতে‌ থাকিব পতি-পত্নীৰ‌ মৃতদেহ । ইতিমধ্যে শিলাদিত্য চেতিয়াৰ‌ গুৱাহাটীত থকা পৰিয়ালে‌ সাক্ষাৎ কৰে ডাঃ হিতেশ বৰুৱাক । পৰিয়ালৰ সৈতে আলোচনা কৰাৰ পিচত‌ এই কথা নিশ্চিত কৰে নেমকেয়াৰ হাস্পতালৰ সঞ্চালক ডাঃ হিতেশ বৰুৱাই ।

উল্লেখ্য যে তিনিচুকীয়া, নলবাৰী, শোণিতপুৰ, কোকৰাঝাৰ, বৰপেটাত আৰক্ষী অধীক্ষক হিচাপে সুখ্যাতিৰে কাৰ্যনিৰ্বাহ কৰা শিৱসাগৰৰ হাঁহচৰাৰ সন্তান চেতিয়াই অসম আৰক্ষীৰ উগ্রপন্থী বিৰোধী গোটক অন্যতম নেতৃত্ব প্ৰদান কৰিছিল । কাহিলিপাৰাৰ চতুৰ্থ অসম আৰক্ষী আৰু বেটেলিয়নৰ অধিনায়ক হৈ থকাৰ সময়তে ২০২৩ চনৰ জানুৱাৰী মাহত তেওঁক অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিবৰ পদলৈ বদলি কৰা হৈছিল ।

গুৱাহাটীৰ হাতীগাঁৱত বসবাস কৰা চেতিয়াৰ পিতৃৰ বিয়োগ হৈছিল কেইবছৰমান পূর্বে । চেতিয়াৰ পিতৃ আছিল অসম আৰক্ষী উপ-মহা নিৰ্দেশক পদৰ পৰা অৱসৰ লোৱা প্রমোদ চেতিয়া । ইফালে পত্নীৰ অসুস্থতাৰ মাজতে খুব কম দিনৰ ভিতৰতে শিলাদিত্য চেতিয়াই হেৰুৱাইছিল নিজৰ আৰু পত্নীৰ মাতৃকো । চেতিয়াৰ ভগ্নী ডাঃ বিদিশা চেতিয়া গুৱাহাটীত থাকে । তেওঁ পূৰ্বতে নেমকেয়াৰ হাস্পতালত চিকিৎসক হিচাপে কৰ্মৰত আছিল ।

লগতে পঢ়ক: বিদেশৰ পৰা আহি আছে ভগ্নী; এতিয়াও থিৰাং হোৱা নাই শিলাদিত্য চেতিয়াৰ শেষকৃত্যৰ দিন - SHILADITYA CHETIA COMMITS SUICIDE

ৰাজ্যৰ গৃহ সচিব শিলাদিত্য চেতিয়াৰ আত্মহনন : পত্নীক হেৰুৱাই মুহূৰ্ততে ল'লে চৰম সিদ্ধান্ত - Shiladitya Chetia commits suicide

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.