ETV Bharat / state

পদক আনিব নোৱাৰিলেও লাভলীনাৰ প্ৰদৰ্শনত সুখী পিতৃ টিকেন বৰগোঁহাই - Paris Olympic 2024

author img

By ETV Bharat Assamese Team

Published : Aug 5, 2024, 10:10 AM IST

Lovlina Borgohain in Olympic 2024 : পেৰিছত অন্ত পৰিল অসম কন্যা লাভলীনা বৰগোঁহাইৰ যাত্ৰা ৷ কন্যাই পদক লাভ কৰিব নোৱাৰিলেও কন্যাৰ প্ৰদৰ্শনক লৈ সুখী লাভলীনাৰ পিতৃ টিকেন বৰগোঁহাই ৷ ভৱিষ্যতলৈ লাভলীনাই ভাল প্ৰদৰ্শন কৰিব বুলি আশাবাদী হোৱাৰ লগতে লাভলীনাক হতাশ নহ’বলৈ আহ্বান পিতৃৰ ।

She Will Gives Her 100 Per Cent: says Lovlina Borgohain's Father After Lovlina Borgohain exits Paris Olympics in quarters
সংবাদ মাধ্যমৰ সমুখত লাভলীনাৰ পিতৃ টিকেন বৰগোঁহাই (ETV Bharat Assam)

সৰুপথাৰ, 5 আগষ্ট : কোৱাৰ্টাৰ ফাইনেলত চীনা প্ৰতিদ্বন্দ্বীৰ হাতত দেওবাৰে পৰাস্ত হয় অসম কন্যা লাভলীনা বৰগোঁহায়ে । চীনৰ লী কিয়ানৰ হাতত 4:1 ৰ ব্যৱধানত পৰাস্ত হয় অসম কন্যাগৰাকী । এই খেলখনত জিকিলেই পদক প্ৰায় নিশ্চিত আছিল লাভলীনাৰ । কিন্তু পৰাজয় বৰণ কৰি পেৰিছত অলিম্পিকত যাত্ৰাৰ অন্ত পৰিল অলিম্পিক বিজয়ীগৰাকীৰ ৷

কন্যাৰ এই প্ৰদৰ্শনত পিতৃয়ে কয়, "খেলত হৰা-জিকা আছেই, মই আগতেও কৈছো । লাভলীনাই নিজৰ 100 শতাংশ দি খেলিছিল যদিও লাভলীনাতকৈ লি কিয়ান যথেষ্ট সবল আছিল । মোৰ কন্যাই দুবাৰকৈ অলিম্পিকত অংশগ্ৰহণ কৰিছে তাৰ বাবে আমি সুখী । ভৱিষ্যতলৈ তাই ভাল প্ৰদৰ্শন কৰিব বুলি আমি আশাবাদী ৷" পিতৃ টিকেন বৰগোঁহায়ে লগতে লাভলীনাক হতাশ নহ’বলৈও আহ্বান জনায় ।

চীনৰ খেলুৱৈ লি কিয়ানৰ সৈতে যথেষ্ট প্ৰত্যাহ্বানমূলক খেলত অৱতীৰ্ণ হৈছিল লাভলীনা । বৰপথাৰৰ বাৰমুখীয়া গাঁৱৰ পৰা অলিম্পিকলৈ যাত্ৰা কৰিছিল অসম কন্যাগৰাকী । অসমৰ একমাত্ৰ খেলুৱৈ হিচাপে অংশ লৈছিল ধনশিৰিৰ জীয়ৰী লাভলীনাই । দুবাৰকৈ অলিম্পিক খেলাৰ সুযোগ লাভ কৰা অসম কন্যাগৰাকীৰ পৰা সকলোৱে পদক আশা কৰিছিল যদিও সেয়া স্তব্ধ হৈ পৰিল ।

উল্লেখ্য যে, লাভলীনা আৰু লি কিয়ানৰ মাজত ইতিপূৰ্বে তিনিবাৰ খেল অনুষ্ঠিত হৈছে । বিশেষকৈ 2023 চনৰ এছিয়ান গেমছৰ ফাইনেলত চীনা বক্সাৰগৰাকীৰ হাতত পৰাজয় বৰণ কৰিছিল । আনহাতে দিল্লীত অনুষ্ঠিত 2023 চনৰ আইবিএ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত লাভলীনাই লি কিয়ানক 4-1 ব্যৱধানত পৰাস্ত কৰি এক ৰোমাঞ্চকৰ বিজয় সাব্যস্ত কৰিছিল । চলিত বৰ্ষৰ জুলাইত গ্ৰেণ্ড পিক্স উটচি নেড লবেন, ছেক গণৰাজ্যত অনুষ্ঠিত লি কিয়ানৰ হাতত লাভলীনাই 3-2 ৰ ব্যৱধানত পৰাস্ত হৈছিল ।

লগতে পঢ়ক: পৰাজিত হ'লেও লাভলীনাক লৈ গৌৰৱান্বিত প্ৰশিক্ষক আৰু অনুৰাগী - Lovlina Borgohain

পেৰিছত যাত্ৰা অন্ত পৰিল লাভলীনা বৰগোহাঁইৰ - Paris Olympic 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.