ETV Bharat / state

নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে প্ৰাচীন ভাৰতীয় প্ৰজ্ঞাৰ ওপৰত গুৰুত্ব দিছে- শিক্ষাবিদ শান্তিশ্ৰী ধূলিপুৰি পণ্ডিত - JNU VC SANTISHREE DHULIPUDI PANDIT IN TU

author img

By ETV Bharat Assamese Team

Published : Jun 7, 2024, 9:03 AM IST

VC Santishree Dhulipudi Pandit in TU: তেজপুৰ বিশ্ববিদ্যালয়ত বিশিষ্ট শিক্ষাবিদ তথা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী মহিলা উপাচাৰ্য অধ্যাপক শান্তিশ্ৰী ধূলিপুৰি পণ্ডিত ৷ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 আৰু ভাৰতৰ পৰম্পৰাগত জ্ঞান ব্যৱস্থা শীৰ্ষক বক্তৃতানুষ্ঠানত অংশগ্ৰহণ পণ্ডিতৰ ৷

JNU VC at Tezpur University
তেজপুৰ বিশ্ববিদ্যালয়ত বিশিষ্ট শিক্ষাবিদ শান্তিশ্ৰী ধূলিপুৰি পণ্ডিত (Etv bharat assam)

তেজপুৰ, 7 জুন : ভাৰতৰ ঐশ্বৰ্যশালী পৰম্পৰা অন্বেষণৰ কালত আমি সমালোচনাত্মক হোৱাৰ প্ৰয়োজন আৰু সমালোচনাত্মক হোৱা মানেই ৰাষ্ট্ৰৰ বিৰোধিতা কৰা নুবুজায়- এই মন্তব্য বিশিষ্ট শিক্ষাবিদ তথা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শান্তিশ্ৰী ধূলিপুৰি পণ্ডিতৰ ৷

বৃহস্পতিবাৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুৰাভা প্ৰেক্ষাগৃহত আয়োজন কৰা 'নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 আৰু ভাৰতৰ পৰম্পৰাগত জ্ঞান ব্যৱস্থা(আই কে এছ)' শীৰ্ষক বক্তৃতানুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য আগবঢ়াই বিশিষ্ট শিক্ষাবিদগৰাকীয়ে ৷

শিক্ষাবিদগৰাকীয়ে কয়, "আমাৰ পাৰম্পৰিক জ্ঞানক পুনৰ্গঠন কৰিবলৈ হ’লে ঔপনিৱেশিক মানসিকতাৰ আওতাৰ পৰা ওলাই আহিব লাগিব । ঔপনিৱেশিক মানসিকতাৰ বাবেই আমি নিজৰ ভিতৰতে এক হীনমন্যতা ভূগিছো ৷ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 ৰ জৰিয়তে প্ৰাচীন ভাৰতীয় প্ৰজ্ঞাৰ ওপৰত গুৰুত্ব দিয়াৰ সময় আহি পৰিছে" ৷

ঔপনিৱেশিক মানসিকতাৰ গভীৰ বিশ্লেষণ দাঙি ধৰি শিক্ষাবিদগৰাকীয়ে কয়, জ্ঞানেই হৈছে শক্তি আৰু ইয়াক নিয়ন্ত্ৰণ কৰি বিভিন্ন নেৰেটিভ সৃষ্টি কৰা হয় ।

আহোম আৰু চোলা ৰাজ্যৰ উদাহৰণ দি ধূলিপুৰিয়ে লগতে আগতে এই ৰাজ্যবোৰৰ গৌৰৱগাঁথা কমেইহে আলোচিত হোৱা চকুত পৰে বুলি উল্লেখ কৰে । আন ৰাষ্ট্ৰৰ শিক্ষা ক্ষেত্ৰৰ ব্যয়ৰ এক তুলনামূলক ছবি তুলি ধৰি দেশত নতুনকৈ গঠন হ’ব লগা নতুন চৰকাৰখনক শিক্ষাৰ ক্ষেত্ৰত ব্যয় বৃদ্ধি কৰাৰ লগতে ৰাজহুৱা পুঁজিৰে চলি থকা শিক্ষানুষ্ঠানসমূহক বিশেষভাৱে সৱলীকৰণ কৰিবলৈ তেওঁ আহ্বান জনায় ।

অধ্যাপক পণ্ডিতে ভাষণ প্ৰসংগত ভাৰতৰ চহকী পৰম্পৰাগত জ্ঞান ব্যৱস্থা সম্পৰ্কত এক গভীৰ আলোচনাৰ জৰিয়তে পৰম্পৰাগত জ্ঞান ব্যৱস্থা আৰু বিজ্ঞানৰ সংযোগ ৰেখা টানি কয় যে, ভাৰতীয় পৰম্পৰাই পাঁচটা উপাদান অৰ্থাৎ পৃথিৱী, পানী, জুই, বায়ু, আৰু মহাকাশৰ প্ৰতি সন্মানৰ পোষকতা কৰে যাৰ অবিহনে প্ৰকৃতিয়ে নিজৰ গতিপথ লয় । প্ৰকৃতি ৰুষ্ট হ’লে উষ্ণতা বৃদ্ধি, জলবায়ু পৰিৱৰ্তন আদি দেখিবলৈ পোৱা যায় ।

নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ সৈতে এগজিট প’লৰ প্ৰসংগ সাঙুৰি শিক্ষাবিদগৰাকীয়ে কয়, "এগজিট প’লত অন্য এক ধৰণৰ ভৱিষ্যদ্বাণী কৰা হৈছিল যদিও ফলাফল আছিল ভিন্ন । মানুহৰ মন সম্পৰ্কত ভৱিষ্যদ্বাণীৰে সিদ্ধান্ত দিব নোৱাৰি ৷ ইয়াৰ বাবে বহুবিষয়ক দৃষ্টিভংগীৰ প্ৰয়োজন ৷ শিক্ষাই অন্তৰ্ভুক্তি(Inclusivity) আনে আৰু আমি স্থানীয় প্ৰেক্ষাপটৰ সমূচিত অধ্যয়নৰ জৰিয়তে ৰাষ্ট্ৰীয় আৰু বিশ্বব্যাপী পৰিঘটনাসমূহ বুজিবলৈ চেষ্টা কৰা উচিত" ৷

লগতে পঢ়ক: বাঁও দলৰ দখলত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় ছাত্ৰ সন্থা - JNU elections 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.