ETV Bharat / state

খহনীয়াই বজাইছে বিপদঘণ্টা, শংকিত ডিব্ৰুগড়বাসী - Erosion in Dibrugarh - EROSION IN DIBRUGARH

BRAHMAPUTRA EROSION: খহনীয়াৰ ভয়ত উজাগৰে দিন পাৰ কৰিছে ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰৰ কাষৰ ৰাইজে । ডিব্ৰুগড়ত কেইবাটাও স্থানত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ভয়ংকৰ ৰূপ । ডিব্ৰুগড়ৰ আমোলাপট্টি টিংখাং মাটিকতাত ৰিং বান্ধৰ কাষ পালেহি ব্ৰহ্মপুত্ৰ । শংকিত নৈপৰীয়া ৰাইজ ।

Severe erosion in several parts of Dibrugarh District
খহনীয়াই শংকিত কৰিছে ডিব্ৰুগড়বাসীক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 31, 2024, 1:52 PM IST

মৰাণ, ৩১ মে': ডিব্ৰুগড়ৰ কেইবা স্থানতো ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই এইবাৰ লৈছে ভয়ংকৰ ৰূপ । ডিব্ৰুগড় চহৰৰ মূল ৰিং বান্ধ পালেহি ডিব্ৰুগড়ৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ খহনীয়া‌ । বিগত কেইবাদিনো ধৰি দি থকা নেৰানেপেৰা বৰষুণৰ ফলত ওফন্দি উঠিছে বৰলুইতৰ জলস্তৰ । ইয়াৰ মাজতেই ভয়াৱহ ৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰৰ খহনীয়াই । ডিব্ৰুগড়ৰ আমোলাপট্টি টিংখাং মাটিকতাত ভয়াৱহ ৰূপ লৈছে ব্ৰহ্মপুত্ৰৰ খহনীয়াই ।

শংকিত ডিব্ৰুগড়বাসী (ETV Bharat Assam)

জলসম্পদ বিভাগে খহনীয়া প্ৰতিৰোধৰ বাবে জিঅ'বেগ আৰু পাৰ্কুপাইন স্থাপন কৰিছে যদিও বাধা দিব পৰা নাই ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া । খহনীয়াস্থলীৰ পৰা ৰিং বান্ধলৈ মাত্ৰ সাত মিটাৰ দূৰত্ব বাকী থকাৰ ফলত আতংকিত হৈ পৰিছে নৈ পৰীয়া ৰাইজ । যিকোনো মুহূৰ্ততে অঞ্চলটোৰ একমাত্ৰ সুৰক্ষা কৱচ ৰিংবান্ধটো উটুৱাই নিয়াৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । খহনীয়াই ভয়ংকৰ ৰূপ লোৱাত উজাগৰে দিন পাৰ কৰিছে ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰৰ কাষৰীয়া ৰাইজে ।

তাতে আকৌ নেৰানেপেৰা বৰষুণৰ পাছতেই ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাত বান হোৱাৰ সম্ভাৱনা অধিক হৈ পৰিছে । তেনেস্থলত বগীবিল আৰু ডিব্ৰুগড়‌ চহৰ সংযোগী এই ৰিং বান্ধটো উটুৱাই নিলেই প্ৰায় ২৫ খন গাঁৱৰ উপৰিও ঐতিহ‍্যমণ্ডিত ডিব্ৰুগড় চহৰলৈও ভাবুকি কঢ়িয়াই আনিব বুলি উল্লেখ কৰে স্থানীয় ৰাইজে । অঞ্চলটোৰ বৃহত্তৰ ৰাইজৰ ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত জিঅ' বেগ বা পাৰ্কুপাইনৰ পৰিৱৰ্তে ব'ল্ডাৰেৰে খহনীয়া প্ৰতিৰোধৰ ব‍্যৱস্থা কৰিবলৈ নৈপৰীয়াই দাবী জনাইছে ।

ৰাইজে জানিবলৈ দিয়া অনুসৰি জলসম্পদ বিভাগে প্ৰতি বছৰে জিঅ' বেগ বা পাৰ্কুপাইন দি খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰে যদিও এটা নিশাতে উটুৱাই লৈ যায় । সঠিক ৰূপত প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে খহনীয়াই ভয়ংকৰ ৰূপ লৈছে বুলি ক্ষোভ প্ৰকাশ কৰে ৰাইজে । আনহাতে বাৰিষাৰ পুৰ্বে ডিব্ৰুগড়ৰ মোহনাঘাটত খহনীয়াই ইতিমধ্যে‌ ১৪ টা পৰিয়ালৰ ঘৰ-দুৱাৰ জাহ গৈছে খহনীয়াত । ঘৰ ভেঁটি হেৰুওৱা পৰিয়ালসমূহে পথৰ কাষত চালিৰ তলতে পাৰ কৰিছে দিন-ৰাতি । চৰকাৰে ডিব্ৰুগড়ত সৃষ্টি হোৱা খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ভয়ংকৰ পৰিস্থিতি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ।

লগতে পঢ়ক: হঠাতেই জোনাইৰ বিভিন্ন অঞ্চল কিয় পৰিদৰ্শন কৰিলে বিধায়ক ভূৱন পেগুৱে ! - MLA Bhubon Pegu

খহনীয়া প্ৰতিৰোধৰ বাবে নেদেখাজনৰ শৰণাপন্ন অসহায় নৈপৰীয়া - EROSION IN DIBRUGARH

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.