ETV Bharat / state

স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ: মুখ্যমন্ত্ৰীক কটাক্ষ কেইবাটাও সংগঠনৰ - Protest against smart meter

author img

By ETV Bharat Assamese Team

Published : Aug 20, 2024, 8:22 AM IST

Protest against smart meter: ৰাজ্যজুৰি স্মাৰ্ট মিটাৰ সংস্থাপনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে । মুখ্যমন্ত্ৰীয়ে বিষয়টোক লৈ কৰা মন্তব্যৰ তীব্ৰ সমালোচনা অসমৰ কেইবাটাও জাতীয়তাবাদী সংগঠনৰ । মুখ্যমন্ত্ৰীয়ে মিথ্যাচাৰৰ আশ্ৰয় লোৱাৰ অভিযোগ ।

Protest against smart meter
মুখ্যমন্ত্ৰীক কটাক্ষ কেইবাটাও সংগঠনৰ (ETV Bharat)

গোলাঘাট, ২০ আগষ্ট : শেহতীয়াকৈ ৰাজ্যত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ হোৱা দেখা গৈছে । স্মাৰ্ট মিটাৰৰ নামত সাধাৰণ ৰাইজক লুণ্ঠন, বিদ্যুতৰ মাচুল বৃদ্ধি আদিৰ বিৰুদ্ধে বিভিন্ন জিলাত একাংশ দল-সংগঠন আৰু সাধাৰণ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে । ইয়াৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । বিদ্যুৎ বিভাগ বা এপিডিচিএলক ৰক্ষণাৱেক্ষণ দিবলৈ গৈ কিছুমান গা এৰা মন্তব্য কৰাও দেখা গৈছে । যাৰ বাবে পুনৰ জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠন ।

মুখ্যমন্ত্ৰীক সমালোচনা :

গোলাঘাটৰ প্ৰশান্তি ল'জত অনুষ্ঠিত এক সংবাদমেলত অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হৈ উঠে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া । কৃষক নেতাগৰাকীয়ে অভিযোগ কৰিছে, "স্মাৰ্ট মিটাৰ সংস্থাপনৰ পূৰ্বে যিমান বিল আহিছিল, সংস্থাপনৰ পাছত একে কেইটা সামগ্ৰী ব্যৱহাৰ কৰাৰ পিচতো দুগুণ বা তিনিগুণলৈ বৃদ্ধি পাইছে বিদ্যুতৰ বিল । এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰি বিষয়টো বিভাগৰ সৈতে আলোচনা কৰিব বুলি ভাবিছিলো । কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে শক্তি বিতৰণ কোম্পানীক সুৰক্ষা প্ৰদান কৰা কৰিবলৈ সাধাৰণ ৰাইজক উপলুঙা কৰিছে । মুখ্যমন্ত্ৰীয়ে যে মিছা কথা কৈছে তাৰ প্ৰমাণ দাঙি ধৰিছো ।"

স্মাৰ্ট মিটাৰৰ দ্বাৰা লুণ্ঠন :

নেতাগৰাকীয়ে প্ৰমাণস্বৰূপে গোলাঘাট জিলাৰ ৩ গৰাকী ব্যক্তিৰ বাসগৃহৰ বিদ্যুতৰ বিল সংবাদ মাধ্যমৰ সন্মুখত উপস্থাপন কৰে । স্মাৰ্ট মিটাৰ সংস্থাপনৰ পূৰ্বৰ আৰু সংস্থাপনৰ পিচৰ বিলসমূহ নেতাগৰাকীয়ে প্ৰদৰ্শন কৰে । য'ত স্পষ্ট যে স্মাৰ্ট মিটাৰ সংস্থাপনৰ পিচত সেই ৩ গৰাকী লোকৰ বিদ্যুতৰ বিলত যথেষ্ট পাৰ্থক্য আছে । প্ৰমাণ হিচাপে তেওঁ বিগত বছৰৰ জুলাই মাহৰ আৰু এই বছৰৰ জুলাই মাহৰ বিলসমূহো উপস্থাপন কৰে ।

মুখ্যমন্ত্ৰীয়ে মিথ্যাচাৰৰ আশ্ৰয় লৈছে :

প্ৰমাণবোৰ দাঙি ধৰি কৃষক নেতাগৰাকীয়ে মুখ্যমন্ত্ৰীগৰাকীক উদ্দেশ্যি কয়," আপুনি যে মিথ্যাচাৰৰ আশ্ৰয় লৈছে হাতে-লোটে প্ৰমাণ সহকাৰে আজি কৃষক মুক্তি সংগ্ৰাম সমিতি, টাই আহোম ছাত্ৰ সন্থা, সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বীৰ লাচিত সেনা আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে যৌথ সংবাদ মেলৰ জৰিয়তে দেখুৱালো । এতিয়া আপুনি সংবাদ মেল সম্বোধন কৰি ক'ব লাগে যে অসমৰ মানুহে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে কৰা প্ৰতিবাদ ন্যায্য আন্দোলন, এই আন্দোলন কেতিয়াও মিছা নহয়, স্মাৰ্ট মিটাৰৰ জৰিয়তে শক্তি বিতৰণ কোম্পানীয়ে দুখীয়া মানুহৰ পকেট মাৰিছে, আপুনি অৰুণোদয় আঁচনিৰ জৰিয়তে দিয়া ১২০০ টকাৰ দুগুণ তিনিগুণলৈ বিদ্যুৎ বিল দিবলৈ বাধ্য কৰিছে ।"

লগতে পঢ়ক :স্মাৰ্ট মিটাৰ আৰু বৰ্ধিত বিদ্যুৎ মাচুলৰ আতিশয্য : টীয়কত ৰাইজৰ প্ৰতিবাদ - Protest in Teok

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.