মৰাণ, ১১ জুন: এটা ম’বাইল ফোনৰ বাবেই লাহোৱালৰ ৰমাই বঙালীবস্তি গাঁৱত সংঘটিত হ'ল এক নৃশংস হত্যাকাণ্ড । ম’বাইল ফোন চুৰিৰ সন্দেহত এজন যুৱকে বন্ধুক দাৰে ঘপিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে । লাহোৱাল আৰক্ষী থানাৰ অধীনৰ ঘোঁৰামৰা আৰক্ষী চকীৰ অৰ্ন্তগত ৰমাই বঙালীবস্তি গাঁৱত সোমবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ হত্যাকাণ্ড । সঞ্জীৱ ওৰাং (২৫) নামৰ যুৱকজনে একে গাঁৱৰে বন্ধু শিৱা মূড়া (২৮)ক দাৰে ঘপিয়াই হত্য়া কৰে । এই ঘটনাটোক লৈ অঞ্চলটোত চাঞ্চল্য়ৰ সৃষ্টি হৈছে ।
নিহত শিৱা মূড়াৰ পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰি কয় যে বঙালীবস্তি গাঁৱৰ সঞ্জীৱ ওৰাঙৰ ম’বাইল ফোনটো কিছুদিন পূৰ্বে হেৰাইছিল । হেৰোৱা ম’বাইলটো একে গাঁৱৰে শিৱা মূড়াই উদ্ধাৰ কৰি সঞ্জীৱৰ বাসগৃহলৈ গৈ ফোনটো দিয়ে । ইয়াৰ পিচত শিৱাই নিজা বাসগৃহত নিশা শুৱলৈ যোৱা অৱস্থাত সঞ্জীৱে সুৰামত্ত অৱস্থাত শিৱাৰ বাসগৃহত প্ৰৱেশ কৰে । শিৱাই ম’বাইল ফোনটো চুৰি কৰা বুলি সন্দেহ কৰি শিৱাক উদ্দেশ্যি অশ্ৰাব্য গালি-গালাজ কৰে । সঞ্জীৱে হাতত লৈ অহা চোকা দাখনেৰে শিৱাক আক্ৰমণ কৰি পলায়ন কৰে ।
এই ঘটনাটো সংঘটিত কৰাৰ পাচতে শিৱা মূড়াক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে । ইয়াৰ পিচতেই ভুক্তভোগী পৰিয়ালৰ লোকে আৰক্ষীক এজাহাৰ দাখিল কৰে অভিযুক্ত সঞ্জীৱ ওৰাঙৰ বিৰুদ্ধে । ঘোঁৰামৰা আৰক্ষীয়ে ইতিমধ্য়ে অভিযুক্তক আটক কৰি তদন্ত আৰম্ভ কৰিছে ।
শিৱা মূড়াৰ মৃত্যুৰ পাচত কণমানি পুত্ৰৰ সৈতে পত্নী অসহায় হৈ পৰিছে । দিন হাজিৰা কৰি পৰিয়ালটো পোহপাল দি থকা লোকজনৰ মৃত্যুৰ পাচত পৰিয়লটো কেনেকৈ চলিব তাক লৈ চিন্তিত হৈছে অঞ্চলটোৰ ৰাইজ । সেয়েহে এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰাৰ লগতে মৃত লোকজনৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ।