তিনিচুকীয়া : তিনিচুকীয়াৰ গুইজান আৰক্ষী চকীৰ অন্তৰ্গত নতুন গাঁৱত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড ৷ হত্যাকাণ্ডৰ বলি হোৱা যুৱকজন গুইজান নতুন গাঁৱৰ সমীৰ গোহাঁই (২২) বুলি নিশ্চিত কৰিছে স্থানীয় লোকে । শনিবাৰৰ পৰা সন্ধানহীন হৈ থকা যুৱকজনৰ মৃতদেহ মঙলবাৰে পুৱাই উদ্ধাৰ হয় গাঁওখনৰ এখন হাবিত ।
ইয়াৰ পিচতেই স্থানীয় লোকে গুইজান আৰক্ষীক এই বিষয়ে অৱগত কৰাত ঘটনাস্থলীত ততাতৈয়াকৈ গুইজান আৰক্ষীৰ লগতে তিনিচুকীয়াৰ উপ-আৰক্ষী অধীক্ষক পুলকেশ ৰাভাৰ নেতৃত্বত এটা আৰক্ষীৰ দল উপস্থিত হৈ আৰম্ভ কৰে তদন্ত ।
মহিলাই হত্যা কৰাৰ সন্দেহ
যুৱকজনক গাঁৱৰে নিবাসী জনৈক নেওগ নামৰ মহিলাগৰাকীয়ে হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে । উক্ত মহিলাগৰাকীৰ সৈতে নিবিড় সম্পৰ্ক ৰক্ষা কৰি অহাৰ সন্দৰ্ভত এক ফোন ৰেকৰ্ডিং লাভ কৰিছে পৰিয়ালৰ লোকে । ইতিমধ্যে মহিলাগৰাকীৰ বাসগৃহটোত আৰক্ষীয়ে তালাচী চলাই বহু আপত্তিজনক আৰু সন্দেহজনক সামগ্ৰী উদ্ধাৰ কৰিছে ।
অভিযুক্তক আটক, শাস্তিৰ দাবী ৰাইজৰ
সেই সন্দৰ্ভত মহিলাগৰাকীক ইতিমধ্যে আৰক্ষীয়ে আটক কৰি গুইজান আৰক্ষী চকীলৈ লৈ যোৱাৰ লগতে ঘটনাৰ তদন্ত অব্যাহত কৰিছে । উক্ত ঘটনাৰ সন্দৰ্ভত মৃত যুৱকজনৰ পৰিয়ালে হত্যাকাণ্ডৰ সন্দেহত আটক কৰা মহিলাগৰাকীৰ সৈতে আৰু কোনো লোক জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে । এগৰাকী মহিলাই কেতিয়াও অকলে হত্যাকাণ্ড সংঘটিত কৰি হাবিত পেলাব নোৱাৰে বুলি সম্ভাৱনা ব্যক্ত কৰিছে যুৱকজনৰ পৰিয়ালৰ লোকে । উক্ত ঘটনাৰ উচিত তদন্ত কৰি অভিযুক্তক কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আৰক্ষীক আহ্বান জনাইছে পৰিয়ালৰ লোকৰ লগতে স্থানীয় লোকে ।