ETV Bharat / state

বৰপেটাৰোডৰ জ্যেষ্ঠ সাংবাদিক জয়ন্ত কুমাৰ দাসৰ দেহাৱসান - Former ETV Bharat Journalist Dies - FORMER ETV BHARAT JOURNALIST DIES

Senior journalist Jayanta Kumar Das: বৰপেটাৰোডৰ জ্যেষ্ঠ সাংবাদিক জয়ন্ত কুমাৰ দাসৰ শেষ নিশ্বাস ত্যাগ কৰে । জটিল ৰোগত আক্ৰান্ত হৈ বৰপেটা মেডিকেল কলেজত চিকিৎসাধীন হৈ আছিল দাস ৷ তেখেতৰ মৃত্যুত সংবাদ মহলৰ লগতে সমগ্ৰ জিলাখনতেই গভীৰ শোকৰ ছাঁ পৰিছে ৷

Senior journalist Jayanta Kumar Das
বৰপেটাৰোডৰ জ্যেষ্ঠ সাংবাদিক জয়ন্ত কুমাৰ দাসৰ দেহাৱসান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Sep 2, 2024, 10:48 PM IST

বৰপেটাৰোড, 2 ছেপ্টেম্বৰ: বৰপেটাৰোডৰ জ্যেষ্ঠ সাংবাদিক তথা “বৰপেটা এক্সপ্ৰেছ”ৰ এডমিন জয়ন্ত কুমাৰ দাসে বৰপেটা মেডিকেল কলেজত চিকিৎসাধীন অৱস্থাতে সোমবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে । দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল জ্যেষ্ঠ সাংবাদিকগৰাকী ৷ তেখেতৰ মৃত্যুত সংবাদ মহলৰ লগতে সমগ্ৰ জিলাখনতেই গভীৰ শোকৰ ছাঁ পৰিছে ৷

বৰপেটাৰোডৰ জ্যেষ্ঠ সাংবাদিক জয়ন্ত কুমাৰ দাসৰ দেহাৱসান (ETV Bharat Assam)

জ্যেষ্ঠ সাংবাদিক প্ৰয়াত জয়ন্ত কুমাৰ দাস অসম সাহিত্য সভাৰ সামাজিক মাধ্যমৰ সচিব, ইণ্ডিয়ান জাৰ্ণেলিষ্ট ইউনিয়নৰ সক্ৰিয় সদস্য, বৰপেটা জিলা সাহিত্য সভাৰ সম্পাদক, অসম নাট্য সন্মিলন বৰপেটাৰোড অধিবেশনৰ অভ্যৰ্থনা সমিতিৰ সম্পাদক, বৰপেটা জিলা ডিজিটেল সাংবাদিক সন্থাৰ সভাপতি, বৰপেটাৰোড সাহিত্য সভা, অনিল মোজাম্মিল সংঘৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল ।

জয়ন্ত কুমাৰ দাস দীৰ্ঘদিনৰে পৰাই জটিল ৰোগত আক্ৰান্ত হৈ গুৱাহাটী, মুম্বাই, হায়দৰাবাদতো চিকিৎসাধীন হৈ আছিল । মুম্বাই পৰা চিকিৎসা কৰি উভতি আহিছিল যদিও বৰপেটাৰোডৰ নিজ বাসভৱনত আহি পুনৰ অসুস্থ হৈ পৰিছিল জ্যেষ্ঠ সাংবাদিকগৰাকী ৷ ফলত ততাতৈয়াকৈ তিনিদিন পূৰ্বে তেওঁক বৰপেটা মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসাধীন অৱস্থাতেই আজি পুৱা ১০ বজাত তেওঁ মৃত্যুক আকোঁৱালি লয় । মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু এগৰাকী পুত্ৰ সন্তানৰ লগতে আত্মীয়-স্বজনসহ বহু গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায় ।

জ্যেষ্ঠ সাংবাদিকগৰাকীৰ মৃত্যুত সমগ্ৰ জিলাখনতেই গভীৰ শোকৰ ছাঁ বিৰাজ কৰিছে ৷ গণ অধিকাৰ, এদিনৰ সংবাদ, আমাৰ অসম, দৈনিক বাতৰি, প্ৰাইম নিউজ, এন কে টিভি, ই টিভি ভাৰত, বৰপেটাৰোডৰ পৰা প্ৰকাশিত সাপ্তাহিক 'সাম্প্ৰতিক' কাকতৰ কাৰ্যবাহী সম্পাদকৰ দায়িত্বতো আছিল জ্যেষ্ঠ সাংবাদিকগৰাকী ৷

সাংবাদিকজনৰ মৃত্যুত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, বি টি আৰৰ ই এম গৌতম দাস, বৃহত্তৰ বৰপেটাৰোড ব্যৱসায়ী সন্থা, বৰপেটাৰোড সাহিত্য সভা, জয়ন্ত হাজৰিকা সংঘ, বৰপেটাৰোড আঞ্চলিক গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদ, বৰপেটা জিলা নাট্য সন্মিলন, সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন, বৰপেটাৰোড ডেভেলপমেণ্ট ফ’ৰাম, বৰপেটাৰোড সাৰ্বজনীন ৰঙালী বিহু সন্মিলন, বৰপেটাৰোড নাট্য সন্মিলন, বৰপেটাৰোড আঞ্চলিক ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বৰপেটাৰোড আঞ্চলিক মহিলা সমিতি, ৰংগালয়, অনিল-মোজ্জামিল সংঘ, বৰপেটাৰোড ইছলামিক ক্লাৱ এণ্ড লাইব্ৰেৰীকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি শেষ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে ৷

জ্যেষ্ঠ সাংবাদিকগৰাকীৰ মৃত্যুত বৰপেটা জিলাৰ প্ৰাক্তন তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মায়ো গভীৰ শোক প্ৰকাশ কৰিছে । এক শোকবাৰ্তাত বৰ্তমান তিনিচুকীয়াত কৰ্মৰত বিষয়াজনে দাসৰ সৈতে থকা মধুৰ স্মৃতি সুঁৱৰি কয় যে, সংবাদ জগতৰ লগতে সাহিত্য আৰু সামাজিক ক্ষেত্ৰত অতি সক্ৰিয়ভাৱে সেৱা আগবঢ়াই অহা জয়ন্ত কুমাৰ দাসৰ বিয়োগ সামগ্ৰিকভাৱে সমাজখনৰ বাবে এক বৃহৎ ক্ষতি ।

লগতে পঢ়ক: সংবাদ ক্ষেত্ৰতেই নহয়, সামাজিক ক্ষেত্ৰতো যথেষ্ট অৱদান আছিল প্ৰয়াত সাংবাদিক ৰাতুল ডেকাৰ : জিলা আয়ুক্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.