ETV Bharat / state

পদুম এৰি হাতত ধৰিলে জ্যেষ্ঠ বিজেপি নেতাই - BJP leader joins Congress - BJP LEADER JOINS CONGRESS

Congress Joining programme: ভয়ৰ বাবে কংগ্ৰেছৰ পৰা বিজেপিত যোগদান কৰাৰ বিপৰীতে, তিনিচুকীয়াত ভয় অতিক্ৰম কৰি বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান জ্যেষ্ঠ বিজেপি নেতাৰ ৷ বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘনিষ্ঠ হিচাপে পৰিচিত ললিত মৰাণকে আদি কৰি ১৫ গৰাকীকৈ বিজেপি কৰ্মীয়ে কংগ্ৰেছ দলত যোগদান কৰে ৷

Senior BJP leader quits BJP to join Congress in Tinsukia
পদুম এৰি হাতত ধৰিলে জ্যেষ্ঠ বিজেপি নেতাই
author img

By ETV Bharat Assamese Team

Published : Apr 10, 2024, 7:41 PM IST

পদুম এৰি হাতত ধৰিলে জ্যেষ্ঠ বিজেপি নেতাই

তিনিচুকীয়া,১০ এপ্ৰিল: তুংগত উঠিছে প্ৰতিটো ৰাজনৈতিক দলৰে নিৰ্বাচনী প্ৰচাৰ । সমানে চলি আছে দল বাগৰা ৰাজনীতি । ইতিমধ্যে কংগ্ৰেছৰ ভেটি দুৰ্বল কৰি গেৰুৱা বসন পৰিধান কৰিছে বহু জ্যেষ্ঠ কংগ্ৰেছী নেতাই । যাৰ ফলত চিন্তিত হৈ পৰিছে কংগ্ৰেছ কৰ্মীসকল । কিন্তু ইয়াৰ মাজতে দেখা গ'ল এক বিপৰীত ছবি । গেৰুৱা বসন সলাই কংগ্ৰেছত যোগদান কৰিলে জ্যেষ্ঠ বিজেপি নেতাই ।

কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান চলি থকাৰ সময়তে তিনিচুকীয়াত বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰে কেইবাগৰাকীও জ্যেষ্ঠ বিজেপি নেতাই ৷ তিনিচুকীয়াৰ কংগ্ৰেছ ভৱনত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন মন্ত্ৰী পৱন সিং ঘাটোৱাৰ, প্ৰাক্তন বিধায়ক ৰাজু চাহুৰ উপস্থিতিত বিজেপিৰ ৰাজ্যিক সদস্য, প্ৰাক্তন জিলা পৰিষদৰ সভাপতি ললিত মৰাণ, অ' বি চি মৰ্চাৰ প্ৰাক্তন সভাপতি তুলেশ্বৰ বৰগোহাঁই, পুৰ্ণকান্ত দেউৰীকে আদি কৰি ১৫ গৰাকীকৈ বিজেপি কৰ্মীয়ে কংগ্ৰেছ দলত যোগদান কৰে ৷

সক্ৰিয় জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘনিষ্ঠ হিচাপে পৰিচিত ললিত মৰাণে বিজেপিৰ কৰ্মকাণ্ডৰ বিৰুদ্ধে অতিষ্ঠ হোৱাৰ লগতে সৰ্বানন্দ সোণোৱালৰ ওপৰত বিগত কাৰ্যকালৰ কৰ্মকাণ্ডত অলপো সন্তুষ্ট হোৱা নাই বুলি উল্লেখ কৰে ৷ লগতে সৰ্বানন্দ সোণোৱালৰ কোনো নিজস্বতা নাই, মাত্ৰ ডলাৰ বগৰীৰ দৰে বেলেগৰ হাতৰ মুঠিত নাচি থাকে বুলি উল্লেখ কৰে ললিত মৰাণে ৷

ইফালে, বিৰোধী দলপতিগৰাকীয়ে ভয়-ভাবুকিৰ বাবেই কংগ্ৰেছৰ পৰা বিজেপিত যোগদান কৰাৰ বিপৰীতে তিনিচুকীয়াত এইসকল জ্যেষ্ঠ নেতাই বিজেপিৰ ভয়, শাসনক প্ৰত্যাহ্বান জনাই বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিছে বুলি উল্লেখ কৰে ৷ উল্লেখ্য যে, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰায়ো বিজেপিলৈ আহিব বুলি মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাকৈ কৈ ফুৰাৰ সময়ত জ্যেষ্ঠ বিজেপি নেতাই দল ত্যাগ কৰা কাৰ্যই যথেষ্ট তাৎপৰ্য বহন কৰিছে ।

লগতে পঢ়ক: নিৰ্বাচনী ৰণক্ষেত্ৰত সৰ্বানন্দ সোণোৱাল : ডিব্ৰুগড়ৰ প্ৰাৰ্থীগৰাকীৰ সৈতে বিশেষ সাক্ষাৎকাৰ - Sarbananda Sonowal

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.