ETV Bharat / state

দলে নিদিলেও জাহাজৰ চিহ্নতে নিৰ্বাচন খেলিব দুলু আহমেদে

author img

By ETV Bharat Assamese Team

Published : Mar 16, 2024, 8:22 PM IST

AJP Vice President Dulu Ahmed: অসম জাতীয় পৰিষদৰ উপ-সভাপতি দুলু আহমেদে বৰপেটা লোকসভা সমষ্টিত প্ৰচাৰ আৰম্ভ কৰিছে । বৰপেটাৰ সকলো প্ৰাৰ্থীৰ ভিতৰত তেওঁ যোগ্য বুলি দাবী কৰে আহমেদে । বিৰোধী ঐক্যমঞ্চক তীব্ৰ সমালোচনা দুলু আহমেদৰ ।

AJP candidate Dulu Ahmed
দলে নিদিলেও জাহাজৰ চিহ্নতে নিৰ্বাচন খেলিব দুলু আহমেদে
দলে নিদিলেও জাহাজৰ চিহ্নতে নিৰ্বাচন খেলিব দুলু আহমেদে

বৰপেটা,১৬ মাৰ্চ : ভাৰতৰ নিৰ্বাচন আয়োগে শনিবাৰে লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰে । কিন্তু তাৰ পূৰ্বেই অসমত এগৰাকী প্ৰাৰ্থীয়ে প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে । তেওঁ হৈছে অসম জাতীয় পৰিষদৰ উপ সভাপতি দুলু আহমেদ । দলে প্ৰাৰ্থিত্ব প্ৰদান কৰা নাই যদিও দুলু আহমেদে নিজেই বৰপেটা সমষ্টিৰ বাবে নিজৰ প্ৰাৰ্থিত্ব ঘোষণা কৰিছে আৰু সমষ্টিটোৰ বিভিন্ন প্ৰান্তত দলীয় কৰ্মীসকলক সাক্ষাৎ কৰিবলৈ আৰম্ভ কৰিছে । তাৰ অংশ হিচাপে শনিবাৰে দুলু আহমেদে নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ পূৰ্বে বৰপেটাৰ ভেল্লাত দুলু আহমেদে প্ৰচাৰ চলায় ।

  • " class="align-text-top noRightClick twitterSection" data="">

দুলু আহমেদে দাবী কৰা মতে বৰপেটা সমষ্টি তেওঁৰ গৃহ সমষ্টি গতিকে তেওঁ তাত প্ৰতিদ্বন্দ্বিতা কৰিব ৷ তেওঁৰ মতে বিজেপি মিত্ৰজোঁট অগপৰ প্ৰাৰ্থীগৰাকী দুৰ্বল ৷ ফণীভূষণ চৌধুৰীক আক্ৰমণ কৰি তেওঁ কয় যে অগপৰ প্ৰাৰ্থীগৰাকীয়ে মঞ্চই মঞ্চই কন্দা-কটা আৰম্ভ কৰিছে । ৰাজ্যিক বিজেপিৰ সভাপতিয়ে কৈছে তেওঁলোকৰ জয়ী হোৱাৰ সংখ্যাটো ৫০ পৰা ৮০ হাজাৰ ৷ কিন্তু অগপৰ প্ৰাৰ্থীগৰাকীয়ে আৰু দুই-তিনিদিন কন্দা কটা কৰিলে সেই ৮০ হাজাৰটো তেওঁৰ তাত আহিব বুলিও মন্তব্য কৰে দুলু আহমেদে ৷

ইফালে কংগ্ৰেছ দলক আক্ৰমণ কৰি দুলু আহমেদে কয় যে সেই দলটো প্ৰৱঞ্চকৰে ভৰি থকা দল ৷ ১০ মাহে বিৰোধী ঐক্য মঞ্চৰ নামত নাটক কৰি ১৪ খন আসনৰ ১৩ খন আসন কংগ্ৰেছে লৈ ল'লে আৰু এখন আসন ১৬ টা দলক ভগাই ল'বলৈ দিলে ৷ সেয়েহে সকলো ঐক্যমঞ্চৰ পৰা ওলাই আহি নিজা নিজা প্ৰাৰ্থী প্ৰদান কৰিছে ৷

দুলু আহমেদৰ মতে কংগ্ৰেছ দলটোক ৰাইজে চিনাক্ত কৰিছে ৷ দুলু আহমেদে দাবী কৰা মতে কংগ্ৰছ দলে বৰপেটাত যিগৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে সেইগৰাকী মুখ্যমন্ত্ৰীৰ সমৰ্থিত প্ৰাৰ্থী ৷ ইফালে দলে প্ৰাৰ্থিত্ব নিদিলেও জাহাজৰ প্ৰতীক চিহ্নতে নিৰ্বাচন খেলাৰ হুংকাৰ দুলু আহমেদৰ । দুলু আহমেদৰ মতে বিৰোধী ঐক্যমঞ্চৰ ১৪ টা দলে লুৰীণজ্যোতিক বেয়া পাইছে ৷

লগতে পঢ়ক :মূল্যবোধৰ ৰাজনীতিক প্ৰাধান্য দিবলৈ নৱ প্ৰজন্মক আহ্বান গৌৰৱ গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.