ETV Bharat / state

ৰাজ্যত 78 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি - Preparation for Independence day

author img

By ETV Bharat Assamese Team

Published : Aug 10, 2024, 12:43 PM IST

Independence day 2024 : সমাগত 15 আগষ্ট অৰ্থাৎ দেশৰ 78 সংখ্যক স্বাধীনতা দিৱস ৷ স্বাধীনতা দিৱস উদযাপনক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে ব্যাপক প্ৰস্তুতি ৷

security-tightened-in-jonai and lakhimpur-ahead-of-independence-day 2024 -celebrations
ৰাজ্যত 78 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি আৰম্ভ (ETV Bharat Assam)

লখিমপুৰ/জোনাই, 10 আগষ্ট : সমাগত 78 সংখ্যক স্বাধীনতা দিৱস । চৌদিশে এতিয়া স্বাধীনতা দিৱস উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে । ক’ৰবাত যদি চলিছে পেৰেডৰ অনুশীলন, আন ক’ৰবাত আকৌ কোনোবাজন ব্যস্ত পতাকা প্ৰস্তুত কৰাত ৷

লখিমপুৰত স্বাধীনতা দিৱসৰ প্ৰস্তুতি

ৰাজ্যৰ বিভিন্ন জিলাৰ সমান্তৰালভাৱে লখিমপুৰতো জিলা প্ৰশাসনৰ উদ্যোগত এই দিৱস উদযাপনৰ প্ৰস্তুতি চলাই থকা হৈছে । বিগত সময়ৰ দৰে লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি কৰা হৈছে । ইতিমধ্যে খেলপথাৰখনত বিগত এমাহৰ পৰাই সুৰক্ষা ব্যৱস্থাটো কটকটীয়া কৰি তোলা হৈছে ৷

পতাকা উত্তোলন স্থলীৰ পৰা আদি কৰি বিশিষ্ট অতিথিসকল বহাৰ স্থান পৰ্যন্ত মাটিৰ তলে-ওপৰে পৰীক্ষা কৰি থকা হৈছে ৷ এই কথা উল্লেখ কৰিছে প্ৰশাসনৰ লোকে । আনকি চিচিটিভি কেমেৰা সংস্থাপন কৰাৰ লগতে দিনে-নিশাই আৰক্ষীয়ে নিজৰ নিৰীক্ষণত ৰাখিছে খেলপথাৰখন ।

জিলাখনৰ আৰক্ষী, বেটেলিয়ন, গৃহৰক্ষী আদি বাহিনীৰ লগতে বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্র-ছাত্রীসকলে পুৱা-গধূলি কুছকাৱাজৰ অনুশীলন চলাই আছে । পতাকা উত্তোলন, বিশিষ্ট অতিথিক অভিবাদন প্ৰদান, কুচকাৱাজ, সুৰক্ষা ব্যৱস্থা আদি সকলো দিশকে ত্ৰুটিহীন কৰিবলৈ সৰ্বতোপ্ৰকাৰে প্ৰচেষ্টা কৰা হৈছে ।

উল্লেখ্য যে, উক্ত দিনা মূল পতাকা উত্তোলনৰ কাৰ্যসূচীৰ উপৰিও দেশপ্রেমমূলক গীত-মাতৰ প্ৰচাৰ, বিভিন্ন বিভাগৰ প্ৰতীকপট প্ৰদৰ্শন, গান্ধীজীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন, মাল্যাৰ্পণ, কাৰাগাৰৰ কয়দী, চিকিৎসালয়ৰ ৰোগীৰ মাজত ফল-মূল বিতৰণ, প্ৰীতি খেল, সাংস্কৃতিক আদি বিভিন্ন কাৰ্যসূচী গ্রহণ কৰা হৈছে ।

জোনাইত স্বাধীনতা দিৱসৰ প্ৰস্তুতি

সমগ্ৰ দেশৰ লগতে ধেমাজি জিলাৰ জোনাইতো 78 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে মহকুমা প্ৰশাসনে পূৰ্ণোদ্যমে চলাইছে ব্যাপক প্ৰস্তুতি ৷ জোনাই মহকুমা প্ৰশাসনৰ উদ্যোগত জোনাই গান্ধী ময়দানত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰিবলগীয়া স্বাধীনতা দিৱস উদাপনৰ বাবে জোনাই সদৰৰ 14 খন বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে আৰক্ষী জোৱানে অব্যাহত ৰাখিছে পেৰেডৰ অনুশীলন ৷

গান্ধী ময়দানত অনুষ্ঠিত হ’বলগীয়া স্বাধীনতা দিৱসৰ অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী আৰু আৰক্ষী জোৱানসকলৰ মাৰ্চপাষ্টৰ অভিবাদন গ্ৰহণ কৰিব জোনাইৰ মহকুমাধিপতি শান্তনু গগৈয়ে ৷

লগতে পঢ়ক: বিজেপিৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পতাকাক অৱমাননাৰ অভিযোগ যুৱকৰ : প্ৰতিবাদত বহিল যুৱক - Stop selling Tiranga Protest

স্বাধীনতা দিৱস উদযাপনক লৈ নগাঁও জিলা প্ৰশাসনৰ বিশেষ বৈঠক - INDEPENDENCE DAY 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.